মূল ম্যানমাৰৰ অস্ত্ৰ ভাণ্ডাৰৰ ভিডিঅ' মণিপুৰ সংঘৰ্ষৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰা হৈছে

ম্যানমাৰৰ অস্ত্ৰ ভাণ্ডাৰৰ ভিডিঅ' মণিপুৰ সংঘৰ্ষৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই

জানুৱাৰী 8 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ম্যানমাৰৰ অস্ত্ৰ ভাণ্ডাৰৰ ভিডিঅ' মণিপুৰ সংঘৰ্ষৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰা হৈছে ছ'চিয়েল মিডিয়াত একাংশই ম্যানমাৰৰ এটা ভিডিঅ' মণিপুৰত চলি থকা সংঘৰ্ষৰ বুলি প্ৰচাৰ কৰি আছে। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টোত ম্যানমাৰৰ উত্তৰ শ্বান ৰাজ্যত প্ৰতিৰোধ বাহিনীয়ে জব্দ কৰা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ দেখুওৱা হৈছে।

খেলপথাৰ সদৃশ এডোখৰ মুকলি ঠাইত গোটাই ঠোৱা অস্ত্ৰ-শস্ত্ৰৰ এটা ভাণ্ডাৰৰ চাৰিওফালে থিয় হৈ থকা কেইজনমান লোকৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশই এই অস্ত্ৰ ভাণ্ডাৰটো মণিপুৰলৈ চোৰাংকৈ অনা হৈছে আৰু এতিয়া কুকি উগ্ৰপন্থীৰ হাতত মজুত আছে বুলি দাবী কৰে। 

২০২৩ চনৰ ২৮ ডিচেম্বৰত এক্সত ভিডিঅ'টো শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছিল যে এই অস্ত্ৰসমূহ মণিপুৰলৈ চোৰাংকৈ অনা হৈছিল আৰু সম্প্ৰতি এইসমূহ "কুকি গাওঁৰক্ষী স্বেচ্ছাসেৱক"ৰ দখলত আছে। পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰে। 

ভাইৰেল ভিডিঅ’টোৰ এটা স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এই ভিডিঅ'টো আমি ম্যানমাৰৰ বুলি জানিব পাৰোঁ আৰু মণিপুৰত বৰ্তমান চলি থকা গোষ্ঠীগত সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

আমি কি বিচাৰি পালোঁ?

আমি ভাইৰেল ভিডিঅ'টোৰ এটা কীফ্ৰেমত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰোঁ আৰু ২০২৩ চনৰ ১ ডিচেম্বৰ ম্যানমাৰস্থিত সংবাদ মাধ্যম 'দ্য চিনলেণ্ড পোষ্ট'ৰ এটা ফেচবুক পোষ্টত শ্বেয়াৰ কৰা একেটা ভিডিঅ' লাভ কৰোঁ। অৱশ্যে ভাইৰেল ভিডিঅ'টোত এটা মিউজিক ট্ৰেক থকাৰ বিপৰীতে 'দ্য চিনলেণ্ড পোষ্ট'-এ আপলোড কৰা ভিডিঅ'টোত কোনোধৰণৰ অডিঅ' নাই।

ভাইৰেল ভিডিঅ’টো আৰু দ্য চিনলেণ্ড পোষ্টৰ ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

ভিডিঅ'টো সম্পৰ্কে অধিক তথ্যৰ বাবে লজিকেলী ফেক্টছে 'দ্য চিনলেণ্ড পোষ্ট'ক ইমেইল কৰে। তেওঁলোকৰ পৰা সঁহাৰি পালে এই লেখাটো আপডেট কৰা হ'ব। 

আমি ম্যানমাৰৰ সম্পৰ্কে বিশেষভাৱে অধ্যয়ন কৰি থকা স্বতন্ত্ৰ গৱেষক আৰু সাংবাদিক বিকাশ কুমাৰ ভট্টাচাৰ্যৰ সৈতে যোগাযোগ কৰোঁ। তেওঁ আমাক কয় যে 'দ্য চিনলেণ্ড পোষ্ট'ৰ ফেচবুক পোষ্টৰ কেপশ্বন অনুসৰি, ভিডিঅ'টো ম্যানমাৰৰ উত্তৰ শ্বান ৰাজ্যৰ কোকাং স্ব-শাসিত অঞ্চলৰ হয়। তেওঁ আমাক বাৰ্মিজ সংবাদ সংস্থা খিত থিট মিডিয়া (Khit Thit Media)ৰ এটা ফেচবুক পোষ্টৰ কথা কয় য’ত ভাইৰেল ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ আছে, আৰু লগতে কয়, "চিনলেণ্ড পোষ্টে খিত থিট মিডিয়াৰ পৰা ভিডিঅ'টো সংগ্ৰহ কৰিছে, আৰু এয়া সম্ভৱতঃ কংকিয়ান টাউনশ্বিপত অপাৰেচন ১০২৭ আক্ৰমণৰ অধীনত বিদ্ৰোহীসকলে বাৰ্মিজ সেনা বেটেলিয়নৰ পৰা জব্দ কৰা অস্ত্ৰৰ ভাণ্ডাৰ হয়।"

খিত থিট মিডিয়া'ই ভিডিঅ'টোৰ দীঘলীয়া সংস্কৰণটো ২০২৩ চনৰ ১ ডিচেম্বৰত তেওঁলোকৰ ফেচবুক পে’জত পোষ্ট কৰিছিল। ভাইৰেল ক্লিপটো ভিডিঅ'টোৰ ০:৪৯ মাৰ্কৰ পৰা দেখা যায়।

ভাইৰেল ক্লিপ আৰু খিত থিট মিডিয়াৰ ভিডিঅ'ৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

লজিকেলী ফেক্টছে 'খিত থিট মিডিয়া'-এ শ্বেয়াৰ কৰা ভিডিঅ’টোৰ কেপচনত থকা কথাখিনি বুজিবলৈ ম্যানমাৰৰ চিন ৰাজ্যৰ এজন চিন সম্প্ৰদায়ৰ গৱেষক ছালাই ভান বাৱি মাঙৰ সৈতে যোগাযোগ কৰে। মাঙে কয়, "মই ভিডিঅ'টো চালো, এইটো যোৱা মাহত উত্তৰ শ্বান ৰাজ্যত সংঘটিত এক ঘটনাৰ ভিডিঅ’ হয়।" তেওঁ লগতে কয়, "তেওঁলোকৰ (খিত থিট মিডিয়াৰ) কেপচনত কোৱা হৈছে যে জুণ্টা বাহিনীৰ সমগ্ৰ লাইট ইনফেণ্ট্ৰী বেটেলিয়ন ১২৫-এ উত্তৰ শ্বান ৰাজ্যৰ চীন সীমান্তত অৱস্থিত কোকাং স্ব-শাসিত অঞ্চলৰ কংকিয়ান টাউনশ্বিপত প্ৰতিৰোধী বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।" 

মাং আৰু ভট্টাচাৰ্যৰ উক্ত তথ্যৰ ওপৰত ভিত্তি কৰি, আমি দেখিলো যে ২০২৩ চনৰ ২৮ নৱেম্বৰত ম্যানমাৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মীয়ে (এমএনডিএএ) কোকাং স্ব-শাসিত অঞ্চলৰ উত্তৰে থকা কঙ্কিয়ান টাউনশ্বিপ দখল কৰিছিল আৰু জুণ্টা সৈন্য বাহিনীৰ এক বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিছিল। উক্ত আক্ৰমণটো ২০২৩ চনৰ অক্টোবৰত উত্তৰ শ্বান ৰাজ্যকে ধৰি ম্যানমাৰৰ বিভিন্ন অঞ্চলত আৰম্ভ কৰা এমএনডিএএৰ 'অপাৰেচন ১০২৭'ৰ অংশ আছিল। 

ম্যানমাৰকে ধৰি দক্ষিণ-পূব এছিয়া সম্পৰ্কীয় সংবাদ প্ৰতিষ্ঠান ‘দ্য ইৰাৱদী’ত ২০২৩ চনৰ ৫ ডিচেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত ব্যৱহাৰ কৰা ফটোত ভাইৰেল ক্লিপটোত দেখা পোৱা আৱাসৰ সৈতে যথেষ্ট সাদৃশ্য থকা দেখিবলৈ পোৱা যায়। স্থানীয় বাৰ্মিজ সংবাদ মাধ্যম 'দ্য কোকাং'ক কৃতিত্ব দিয়া ফটোখনৰ শিৰোনামটোত লিখা আছিল, "যোৱা সপ্তাহত কংকিয়ান টাউনশ্বিপৰ এটা মুখ্য জুণ্টা ঘাটি দখল কৰাৰ পিছত এমএনডিএএ সৈন্যই জুণ্টাৰ অস্ত্ৰ ভাণ্ডাৰৰ সৈতে ফটোৰ বাবে প’জ দিছিল।"

দ্য ইৰাৱদীত ব্যৱহাৰ কৰা এখন ফটোত ভাইৰেল ক্লিপৰ সৈতে সাদৃশ্য থকা দৃশ্য দেখা যায়। (উৎস: এক্স/ দ্য ইৰাৱদী/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

২ ডিচেম্বৰত দ্য ইৰাৱদীয়ে এক্সত এটা ভিডিঅ’ও পোষ্ট কৰিছিল, যিটো প্ৰথমে ‘দ্য কোকাং’য়ে শ্বেয়াৰ কৰিছিল, য’ত এমএনডিএএই জব্দ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ দেখুওৱা হৈছিল। ইয়াত কোৱা হৈছে যে, “ম্যানমাৰ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মীয়ে ২৮ নৱেম্বৰত উত্তৰ শ্বান ৰাজ্যৰ কংকিয়ান টাউনশ্বিপ জব্দ কৰাৰ পিছত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰে বুলি সেনাই তোলা এটা ভিডিঅ’ত দেখা গৈছে।” ভাইৰেল ক্লিপৰ সৈতে ভিডিঅ’টোৰ দৃশ্যগত তুলনা কৰিলে নিশ্চিত হব পাৰি যে দুয়োটাই একেই স্থান দেখুৱাইছে।

ভাইৰেল ভিডিঅ'টো আৰু দ্য ইৰাৱদীয়ে শ্বেয়াৰ কৰা ভিজুৱেলৰ তুলনা। (উৎস: এক্স/ দ্য ইৰাৱাডী/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ম্যানমাৰৰ গৃহযুদ্ধ

ম্যানমাৰৰ সামৰিক শাসন ব্যৱস্থা আৰু ২০২১ চনৰ অভ্যুত্থানৰ পিছত ম্যানমাৰত উত্থাপিত হোৱা কেইবাটাও প্ৰতিৰোধমূলক গোটৰ মাজত ক্ৰমান্বয়ে মাৰাত্মক যুদ্ধ হব ধৰিছে । ২০২৩ চনৰ অক্টোবৰৰ শেষ সপ্তাহৰ পৰা ‘দ্য থ্ৰী ব্ৰাদাৰহুড এলায়েন্স’ৰ নেতৃত্বত গঠিত সমন্বিত সশস্ত্ৰ প্ৰতিৰোধ আন্দোলন ‘অপাৰেচন ১০২৭’য়ে সামৰিক চৰকাৰৰ বাবে ভাবুকি কঢ়িয়াই আনিছে।

মণিপুৰৰ সংঘৰ্ষ

ম্যানমাৰৰ গৃহযুদ্ধই ভাৰতৰ সীমান্তৱৰ্তী উত্তৰ-পূবৰ ৰাজ্যসমূহত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। অভ্যুত্থানৰ পিছৰে পৰা চুবুৰীয়া ম্যানমাৰৰ হাজাৰ হাজাৰ শৰণাৰ্থী সীমান্ত পাৰ হৈ মিজোৰাম, মণিপুৰৰ দৰে ৰাজ্যলৈ পলায়ন কৰিছে। মণিপুৰত মেইটী আৰু কুকি জনগোষ্ঠীৰ মাজত চলি থকা সংঘাতৰ সৈতে জড়িত হৈ বিভিন্ন ভুল তথ্যৰ বিস্তাৰৰ ক্ষেত্ৰতো ই যথেষ্ট অৰিহণা যোগাইছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ মে’ মাহত আৰম্ভণি হোৱা মণিপুৰ হিংসাই এতিয়াও শাম কটা নাই আৰু নতুন বছৰৰ প্ৰথম সপ্তাহত প্ৰথমে থৌবাল জিলাৰ পৰা আৰু পিছলৈ টেংগন’পাল জিলাৰ পৰা নতুনকৈ হিংসাত্মক পৰিস্থিতিৰ খবৰ পোৱা গৈছে। শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানলৈকে সামগ্ৰিকভাৱে মৃত্যুৰ সংখ্যা ২০০ৰো অধিক বুলি অনুমান কৰা হৈছে।

লজিকেলী ফেক্টছে ইতিমধ্যে কেইবাটাও ম্যানমাৰৰ সংঘাতৰ ভিজুৱেলৰ সত্যতা নিৰূপণ কৰিছে যিবোৰ প্ৰায়ে মিছাকৈ মণিপুৰৰ বুলি দাবী কৰি উদ্দেশ্যপ্ৰনোদিত ভাৱে প্ৰচাৰ কৰা হৈছে।

সিদ্ধান্ত

ভাইৰেল ক্লিপটোত ম্যানমাৰৰ উত্তৰ ছান ৰাজ্যৰ কংকিয়ান টাউনশ্বিপত সশস্ত্ৰ প্ৰতিৰোধী সংগঠনে জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ দেখা গৈছে আৰু মণিপুৰত চলি থকা সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।