মূল ম্যানমাৰৰ ভিডিঅ’ মণিপুৰৰ সংঘৰ্ষৰ সৈতে মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে

ম্যানমাৰৰ ভিডিঅ’ মণিপুৰৰ সংঘৰ্ষৰ সৈতে মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে

লেখক: শ্ৰেয়সী ৰয়

জুলাই 26 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ম্যানমাৰৰ ভিডিঅ’ মণিপুৰৰ সংঘৰ্ষৰ সৈতে মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে ছ'চিয়েল মিডিয়াত মণিপুৰৰ সংঘৰ্ষৰ সৈতে মিছাকৈ সংযুক্ত কৰি ম্যানমাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। (উৎস: স্ক্ৰীণশ্বট/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভিডিঅ'টোত কেএনএলএ সদস্য, এজন ভিডিঅ' ক্ৰিয়েটৰ আৰু ম্যানমাৰৰ এজন সমাজকৰ্মী দেখা যায়; মণিপুৰৰ সংঘৰ্ষৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

মণিপুৰত চলি থকা গোষ্ঠী সংঘৰ্ষৰ মাজতে যোৱা ২৩ জুলাইত এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল, য’ত আমেৰিকাৰ নৌ-সেনাৰ এগৰাকী প্ৰাক্তন সদস্যই অঞ্চলটোত অধিক সংঘাত লগাবলৈ “উচটনি” দি দেখা গৈছে বুলি দাবী কৰা হৈছিল। ভিডিঅ’টোত বিদ্ৰোহী গোটৰ পোছাক পিন্ধী থকা কেইজনমান লোকক অসামৰিক পোছাকত থকা দুজন লোকৰ সৈতে কৰমৰ্দন কৰি ওচৰতে ৰখাই থোৱা এখন পিকআপ বাহনলৈ খোজ কাঢ়ি যোৱাৰ দৃশ্য দেখা গৈছে।

ভিডিঅ’টো শ্বেয়াৰ কৰি এইবুলি দাবী কৰা হৈছে যে মণিপুৰত চলি থকা অশান্তিৰ আঁৰত থকা চিন-কুকি-জো সম্প্ৰয়াদক “আমেৰিকাৰ প্ৰাক্তন নৌ-সেনাৰ সদস্যই” যে সহায় কৰি আহিছে এইটো তাৰ প্ৰমাণ। এক্সত শ্বেয়াৰ কৰা এনে এটা পোষ্টে ২০,০০০ তকৈ অধিক ভিউ, ৩,৪০০ ৰিপোষ্ট আৰু ৪,৭০০ লাইক লাভ কৰিছে; একাধিক ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পোষ্টটো ৰিশ্বেয়াৰ কৰাৰ লগতে মণিপুৰৰ পৰিস্থিতিৰ আঁৰত ‘‘আমেৰিকাৰ হাত আছে’’ বুলি অভিযোগ তদন্তৰ আহ্বান জনায়।

এনেধৰণৰ একাধিক এক্স পোষ্টত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক টেগ কৰা হৈছে। এনে পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি এইটোও দেখিলোঁ যে কেইবাজনো ব্যৱহাৰকাৰীয়ে একে দাবীৰে ভিডিঅ’টো ফেচবুকত পোষ্ট কৰাৰ বিপৰীতে আন কিছুমানে ভাইৰেল ইংৰাজী এক্স পোষ্টটোৰ স্ক্ৰীণশ্বট পোষ্ট কৰিছিল। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু  ইয়াত চাব পাৰিব।

এনে দাবীৰে ভিডিঅ’টো ফেচবুকত ভাইৰেল হৈ পৰিছে। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

মণিপুৰত ২০২৩ চনৰ মে’ৰ পৰা কুকি আৰু মেইটেই সকলৰ মাজত গোষ্ঠীগত সংঘৰ্ষ চলি আছে। উল্লেখযোগ্য যে মণিপুৰত বাস কৰা কুকিসকলে ম্যানমাৰৰ চিন জনগোষ্ঠীক তেওঁলোকৰ জাতিগত আত্মীয় হিচাপে গণ্য কৰে।

অৱশ্যে ভাইৰেল ভিডিঅ’টো ম্যানমাৰৰ হয় যদিও ইয়াত ম্যানমাৰৰ সামৰিক চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰি থকা চিন নেশ্যনেল আৰ্মী (চিএনএ) বা ইয়াৰ কোনো সংযুক্ত সংগঠনৰ সদস্যক দেখুওৱা হোৱা নাই। বৰঞ্চ ভিডিঅ’টোত কাৰেন নেশ্যনেল লিবাৰেশ্যন আৰ্মি (কেএনএলএ)ৰ সদস্য, এগৰাকী সমাজকৰ্মী আৰু এগৰাকী ভিডিঅ’ ক্ৰিয়েটৰকহে দেখা গৈছে। সমাজকৰ্মীগৰাকীক কেএনএলএক প্ৰশিক্ষণ দিয়া এজন প্ৰাক্তন আমেৰিকান সৈনিক বুলি ভুলকৈ অভিযোগ কৰা হৈছে।

ভিডিঅ’টো

ৰিভাৰ্ছ ইমেজ চাৰ্চত দেখা গ’ল যে এই ভিডিঅ’টো প্ৰথমে ২০২৪ চনৰ ২১ জুনত ‘ৱাহ ফিচ পেষ্ট’ নামৰ ফেচবুক পেজত পোষ্ট কৰা হৈছিল (ইয়াত আৰ্কাইভ কৰা হৈছে ), য’ত লিখা আছিল, “প্ৰতিবাৰেই আমি বিদায় জনাওঁতে মই মাত্ৰ প্ৰাৰ্থনা কৰোঁ যাতে এয়া আমাৰ শেষ দেখা নহয়। লেটছ কীপ দ্য স্পিৰিট আপ, ব্ৰাদাৰ্ছ!”

যোৱা ২১ জুনত ‘ৱাহ মাছ পেষ্ট’ একাউণ্টে শ্বেয়াৰ কৰিছিল এই ভিডিঅ’টো।(উৎস: ফেচবুক)

পেজটোৱে শ্বেয়াৰ কৰা ফটো আৰু ভিডিঅ’সমূহ পৰ্যালোচনা কৰাত আমি পেজটোৰ ক্ৰিয়েটৰজন ভাইৰেল ভিডিঅ’টোত সেউজীয়া চাৰ্ট পিন্ধা যুৱকজন বুলি চিনাক্ত কৰিলোঁ।

'ৱাহ ফিচ পেষ্ট' একাউণ্টৰ আঁৰৰ ব্যক্তিজনৰ ফটো আৰু ভাইৰেল ভিডিঅ'টোত দেখা তেওঁৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

পেজটোৰ বায়’ত তেওঁক “ভিডিঅ’ ক্ৰিয়েটৰ” বুলি বৰ্ণনা কৰা হৈছে আৰু আৰু কোৱা হৈছে যে, “মই মাত্ৰ কাউথুলেইৰ এজন সাধাৰণ ল’ৰা যাৰ নিজৰ মানুহখিনিৰ প্ৰতি ডাঙৰ উচ্চাকাংক্ষা আছে।” ম্যানমাৰৰ অন্যতম বৃহৎ জনগোষ্ঠী কাৰেন জনগোষ্ঠীৰ বাসস্থান কাৰেন ৰাজ্যক বাৰ্মিজত কাউথুলেই বুলি কোৱা হয়।

তেওঁৰ ফেচবুক আৰু ইউটিউব একাউণ্টৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) জৰিয়তে আমি কেৰেন নেচনেল ইউনিয়ন (কেএনইউ)ৰ সশস্ত্ৰ শাখা কেৰেন নেচনেল লিবাৰেচন আৰ্মি (কেএনএলএ)ৰ সৈতে সম্পৰ্কিত কেইবাটাও ভিডিঅ’ লাভ কৰোঁ। কেএনইউ হৈছে কাৰেন জনসাধাৰণৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰা এক ৰাজনৈতিক সংগঠন, যি ইয়াৰ সশস্ত্ৰ শাখাৰ সৈতে ১৯৪৮ চনত ম্যানমাৰৰ স্বাধীনতাৰ পিছৰে পৰা স্ব-শাসনৰ বাবে যুঁজ দি আহিছে।

ভিডিঅ'টোত থকা আন লোককেইজন কোন?

ভিডিঅ'টোত দুজন মানুহৰ ইউনিফৰ্মত থকা চিহ্নটো কেএনএলএৰ চিহ্নৰ সৈতে মিল আছে, যিটো আলামি  আৰু কেএনইউৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ ছবিত দেখা যায়।

ভাইৰেল ভিডিঅ’টোত দেখা পোৱা চিহ্নৰ সৈতে কেএনএলএৰ চিহ্নৰ তুলনা। (উৎস: আলামি/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এই চিহ্নটো ‘ৱাহ ফিচ পেষ্ট’ই তেওঁৰ ইউটিউব চেনেলত আপলোড কৰা একাধিক ভিডিঅ’ত থকা কেডাৰসকলৰ পোছাকত দেখা যায়।

ইয়াৰ উপৰিও ভাইৰেল ভিডিঅ’টোত বিদ্ৰোহী গোটৰ পোছাক পিন্ধী থকা আন এজন যুৱকে পৰিধান কৰি থকা টুপীটোত কেএনইউৰ পতাকাৰ চিহ্ন দেখা যায়।

ভাইৰেল ভিডিঅ’টোত দেখা পোৱা কাৰেন নেশ্যনেল ইউনিয়নৰ পতাকাৰ এটা টুপিৰ সৈতে কাৰেনৰ পতাকাৰ তুলনা। (উৎস: ফেচবুক/ৱিকিমিডিয়া কমনছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এই মানুহজনৰ ইউনিফৰ্মত এটা বেলেগ চিহ্ন আছে, যিটো প্ৰায় ০:০৮ ছেকেণ্ডত তেওঁৰ বাওঁহাতখনত দেখা যায়। 

ভিডিঅ’টোত থকা এজন ব্যক্তিৰ ইউনিফৰ্মত আন এটা চিহ্ন আছিল, সম্ভৱতঃ কেএনএলএৰ প্ৰশিক্ষণ ডিভিজনৰ। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি ম্যানমাৰত মানৱ অধিকাৰ আৰু গণতন্ত্ৰ পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব দিয়া লণ্ডনস্থিত বেচৰকাৰী সংগঠন বাৰ্মা কেম্পেইন ইউ.কে.-ৰ সঞ্চালক মাৰ্ক ফাৰ্মানাৰৰ সৈতে যোগাযোগ কৰিছিলো। ফাৰ্মানেৰে জনাই যে, কেএনএলএ তথ্যৰ ভিত্তিত সংশ্লিষ্ট চিহ্নটো কেএনএলএ-ৰ কোনো এটা বিভাগৰ হোৱাৰ সম্ভাৱনা আছে, সম্ভৱতঃ প্ৰশিক্ষণ বিভাগৰ।

ফাৰ্মানাৰৰ মতে যিকেইজন যুৱকৰ পোছাকত কোনো চিহ্ন দেখা নাযায় তেওঁলোক কেএনএলএ প্ৰশিক্ষাৰ্থী। ফাৰমানেৰে ভিডিঅ’টো প্ৰথমে পোষ্ট কৰা ‘ৱাহ ফিচ পেষ্ট’ পেজটোৰ তথ্যৰ ভিত্তিত এইদৰে কয়। 

ফাৰ্মানাৰে লগতে কয় যে ‘ৱাহ ফিচ পেষ্ট’ পেজৰ ক্ৰিয়েটৰজন মানৱীয় কামৰ সৈতে জড়িত কেৰেন সম্প্ৰদায়ৰ এজন সদস্য। পেজৰ ক্ৰিয়েটৰজনে ইংগিত দিছিল যে এই ভিডিঅ’টো ২০২৪ চনৰ জানুৱাৰী মাহত স্থানীয়ভাৱে মুট্ৰ’ নামেৰে জনাজাত হপাপুন জিলাত চিত্ৰগ্ৰহণ কৰা হৈছিল।

পেজটোৰ ক্ৰিয়েটৰজনে লজিকেলী ফেক্টছক নিশ্চিত কৰে যে সামৰিক পোছাক পিন্ধা আটাইকেইজনে কেএনএলএৰ সদস্য আৰু তেওঁলোকে বাৰিষাৰ আগতে বাঁহৰ ঘৰ সাজিবলৈ পাত গোটাই থকা সময়ত ভিডিঅ’টো লোৱা হৈছিল।

ভিডিঅ’টোত আমেৰিকাৰ নৌ সেনাৰ এজন প্ৰাক্তন সদস্যক দেখা গৈছে নেকি?

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভুলতে অসামৰিক সাজ-পোছাক পৰিহিত আন এজন লোকক “আমেৰিকান এক্স-মেৰিন সৈনিক” বুলি উল্লেখ কৰিছিল। কিন্তু ফাৰ্মানাৰে তেওঁক মিনেছ’টাস্থিত অলাভজনক সংস্থা দ্য আৰ্বান ভিলেজৰ প্ৰতিষ্ঠাপক আৰু সহ-কাৰ্যবাহী সঞ্চালক জেছি ফেন’ বুলি চিনাক্ত কৰে, যিয়ে 'ম্যানমাৰৰ জনগোষ্ঠীসমূহৰ স্বাধীনতা, ন্যায় আৰু গণতন্ত্ৰৰ যুঁজত সমৰ্থন কৰে।'

দাবীৰ সৈতে সংলগ্ন ভিডিঅ’টোত থকা মানুহজনৰ সৈতে জেছি ফেন’ৰ এখন ছবিৰ তুলনা। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ৱেবছাইটত উল্লেখ কৰা অনুসৰি আৰ্বান ভিলেজৰ মিছন হৈছে “কাৰেন আৰু কাৰেনি যুৱক-যুৱতীসকলৰ অবিৰত প্ৰজন্মক সংগ দিয়া, তেওঁলোকক সংযোগ স্থাপন কৰাত, আৰু সুস্থ হৈ উঠাত, তথা উত্তৰণৰ সময়ত।”

সংস্থাটোৱে ম্যানমাৰৰ কাৰেন জনগোষ্ঠীৰ ওপৰত গুৰুত্ব আৰোপ কৰে, সংঘাতৰ ফলত স্থানচ্যুত হোৱা লোকসকলক সহায় কৰিবলৈ সদস্যসকলে সঘনাই কাৰেন ৰাজ্যলৈ যায়। ৱেবছাইটত উল্লেখ কৰা অনুসৰি ফেন’ৱে কেইবাবাৰো ম্যানমাৰ ভ্ৰমণ কৰিছে।

ফেন’ কেতিয়াও আমেৰিকাৰ মেৰিন হোৱাৰ কোনো প্ৰমাণ নাই। সংস্থাটোৰ ৱেবছাইট অনুসৰি ফেন’ৱে মিনেছ’টাৰ বেথেল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি থাইলেণ্ড আৰু ম্যানমাৰত প্ৰায় এবছৰ কটায় আৰু তাৰ পিছত মিনেছ’টালৈ উভতি আহি ছেইণ্ট পলৰ কাৰেন আৰু কাৰেনি সম্প্ৰদায়ৰ মাজত মানসিক স্বাস্থ্যৰ চিকিৎসক হিচাপে কাম কৰে। ২০১৯ চনত তেওঁ প্ৰতিষ্ঠা কৰে দ্য আৰ্বান ভিলেজ।

লজিকেলী ফেক্টছে ভাইৰেল ভিডিঅ’টোৰ ওপৰত মন্তব্যৰ বাবে ফেন’ৰ সৈতে যোগাযোগ কৰিছে আৰু সঁহাৰি পোৱাৰ লগে লগে এই ফেক্ট-চেকটো আপডেট কৰা হব।

সিদ্ধান্ত

ভিডিঅ’ৰ সৃষ্টিকৰ্তা, কাৰেন সম্প্ৰদায়ৰ সদস্য, কেএনএলএৰ সৈনিক আৰু কাৰেন জনসাধাৰণৰ সৈতে কাম কৰা অলাভজনক সংস্থাৰ প্ৰতিষ্ঠাপকক দেখুওৱা এটা ভিডিঅ’ক মণিপুৰত চলি থকা সংঘাত তথা আমেৰিকা জড়িত থকাৰ মিছা অভিযোগৰ সৈতে ভুলকৈ সংযোগ কৰা হৈছে ।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।