মূল গাজাৰ ভিডিঅ' বাংলাদেশত 'হিন্দু শিশু হিংসাৰ চিকাৰ' হোৱা দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

গাজাৰ ভিডিঅ' বাংলাদেশত 'হিন্দু শিশু হিংসাৰ চিকাৰ' হোৱা দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি

আগষ্ট 13 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
গাজাৰ ভিডিঅ' বাংলাদেশত 'হিন্দু শিশু হিংসাৰ চিকাৰ' হোৱা দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে গাজাৰ এটা ভিডিঅ' বাংলাদেশত হিংসাৰ চিকাৰ হোৱা এটি হিন্দু শিশু বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এইটো বাংলাদেশৰ ভিডিঅ’ নহয়, ইয়াত গাজা ষ্ট্ৰিপত অৱস্থিত নুচেইৰাট কেম্পত ইজৰাইলৰ বোমা বিস্ফোৰণৰ পৰা ৰক্ষা পোৱা এটি শিশুক দেখা গৈছে।

কি দাবী কৰা হৈছে?

ইন্টাৰনেটত প্ৰচাৰিত এটা ভিডিঅ’ত একাধিক লোকক ৰাস্তাত সিঁচৰতি হৈ থকা কাপোৰ আৰু আচবাব ইফাল-সিফাল কৰি থকা যায় তাৰ পিছতে কেমেৰাটোৱে ফুটপাথত বহি থকা মুখত ছাই লাগি থকা এটি শিশুৰ ফালে পেন কৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি ইয়াত বাংলাদেশত চলি থকা শেহতীয়া পৰিস্থিতিৰ মাজতে মাক-দেউতাক আৰু ঘৰত আক্ৰমণ হোৱা এটি ভীতিগ্ৰস্ত 'হিন্দু শিশু'ক দেখা গৈছে বুলি দাবী কৰা হৈছে।

এক্স (পূৰ্বৰ টুইটাৰ) পোষ্ট এটাত ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচন দিয়া হৈছে, “যিসকলৰ এজেণ্ডা আৰু ভোটৰ ব্যৱসায় আছে তেওঁলোক সকলো বাংলাদেশত চলি থকা হিন্দুৰ হত্যা, ধৰ্ষণ, অগ্নিসংযোগৰ ওপৰত নিমাত। #AllEyesonBangladesh।” এই পোষ্টটোৱে ১৪০,০০০ তকৈ অধিক ভিউ, ৩,৯০০ তকৈ অধিক ৰিপোষ্ট, আৰু ৫,৯০০ লাইক লাভ কৰিছে। ভিডিঅ'টো ফেচবুকতো শ্বেয়াৰ কৰা হৈছিল, ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা সংস্কৰণ উপলব্ধ। অসমীয়াত ভিডিঅ'টো শ্বেয়াৰ কৰি একাংশই ইয়াত বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ দৃশ্য বুলি দাবী কৰিছে, ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা সংস্কৰণ চাব পাৰিব।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবীটো মিছা; ভিডিঅ’টো গাজাৰ হয় আৰু ইয়াত ইজৰাইল-হামাছৰ যুদ্ধৰ দৃশ্য দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

ভিডিঅ’টোত ০:০২ টাইমষ্টেম্পত ওপৰৰ বাওঁফালৰ চুকত নিউজ চেনেল আল জাজিৰাৰ ল’গ’ দেখা যায়। ভিডিঅ'টোৰ ওপৰৰ সোঁফালে আৰবীl "مخيم النصيرات - غزة" লিখা আছে, যাৰ অনুবাদ হৈছে "নুচেইৰাট কেম্প—গাজা", ইয়াৰ দ্বাৰা ভিডিঅ'টো গাজাৰ বুলি ধাৰণা কৰিব পাৰি।

ভাইৰেল ভিডিঅ’টোত দেখা আলজাজীৰাৰ ল’গ’ আৰু টেক্সটৰ স্ক্ৰীণশ্বট। (উৎস: এক্স)

আমি একেটা ভিডিঅ’ আল জাজিৰা মুবাশ্বাৰৰ ইনষ্টাগ্ৰাম একাউণ্টত লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে) যিটো ২০২৪ চনৰ ১৪ জুলাইত পোষ্ট কৰা হৈছিল। আৰবী কেপচনত কোৱা হৈছে যে ভিডিঅ’টোত “ইজৰাইৰ বোমাবৰ্ষণে নুচেইৰাট শিবিৰত ইউএনআৰডব্লিউএৰ স্বীকৃতিপ্ৰাপ্ত আবু অৰাইবান বিদ্যালয়ত স্থানচ্যুত লোকসকলৰ বাবে থকা এটা আশ্ৰয় শিবিৰক লক্ষ্য কৰি লোৱাৰ পিছত এটি শিশুক অকলে বহি থকা অৱস্থাত দেখা গৈছে।”

২০২৪ চনৰ ১৪ জুলাইত পেলেষ্টাইনৰ ফটোগ্ৰাফাৰ চালামা নাবেল ইউনিছেও ইনষ্টাগ্ৰামত শিশুটিৰ এটা ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা হৈছে ) পোষ্ট কৰিছিল, য’ত লিখা আছিল, “এই শিশুটিয়ে মধ্য গাজা ষ্ট্ৰিপৰ নুচেইৰাট শিবিৰত বৃহৎ সংখ্যক স্থানচ্যুত লোকে আশ্ৰয় লৈ থকা এখন বিদ্যালয়ত দখলদাৰী বাহিনীৰ দ্বাৰা সংঘটিত এক গণহত্যাৰ পৰা ৰক্ষা পৰে।”

বিবিচিৰ মতে, ২০২৪ চনৰ ১৪ জুলাইত ইজৰাইলে মধ্য গাজাৰ আবু অৰাইবান স্কুলত আক্ৰমণ চলাইছিল, য’ত বহুসংখ্যক স্থানচ্যুত লোকে আশ্ৰয় লৈ আছিল। উক্ত আক্ৰমণৰ ফলত ১০০ জন পেলেষ্টাইনী আহত হোৱাৰ লগতে ২২ জন লোকৰ মৃত্যু হয়।

বাংলাদেশৰ পৰিস্থিতি

  • ২০২৪ চনৰ ৮ আগষ্টত নোবেল বিজয়ী মহম্মদ ইউনুছে বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰে। চৰকাৰৰ বিৰুদ্ধে কেইবা সপ্তাহ ধৰি চলা ব্যাপক আন্দোলনৰ পিছত শ্বেখ হাচিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি ৫ আগষ্টত বাংলাদেশ এৰি এৰি গুচি যায়।​ প্ৰতিবাদকাৰীসকলে এতিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত্যাগ দাবী কৰিছে, যাক হাছিনাৰ অনুগত বুলি গণ্য কৰা হয়।

  • ১১ আগষ্টত দেশখনৰ সংখ্যালঘু সম্প্ৰদায় সমূহৰ ওপৰত আক্ৰমণৰ খবৰ ওলাইছিল। অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত চলি থকা হিংসাৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছে।

  • উল্লেখযোগ্য যে জুন মাহৰ পৰা আৰম্ভ হোৱা বাংলাদেশৰ প্ৰতিবাদত ৪৫০-তকৈ অধিক লোকৰ মৃত্যু হৈছে। 

সিদ্ধান্ত

২০২৪ চনৰ জুলাইত গাজাৰ নুচেইৰাট শিবিৰত ইজৰাইলী বিমান আক্ৰমণৰ পৰা ৰক্ষা পোৱা এটি শিশুৰ ভিডিঅ’ বাংলাদেশৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।