মূল এইটো বাংলাদেশত এগৰাকী 'হিন্দু মহিলাক মুছলমানে আক্ৰমণ কৰা'ৰ ভিডিঅ’ নহয়

এইটো বাংলাদেশত এগৰাকী 'হিন্দু মহিলাক মুছলমানে আক্ৰমণ কৰা'ৰ ভিডিঅ’ নহয়

লেখক: অংকিতা কুলকাৰ্ণী

আগষ্ট 16 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এইটো বাংলাদেশত এগৰাকী 'হিন্দু মহিলাক মুছলমানে আক্ৰমণ কৰা'ৰ ভিডিঅ’ নহয় বাংলাদেশত মুছলমানে এগৰাকী হিন্দু মহিলাক আক্ৰমণ কৰা ভিডিঅ’ বুলি দাবী কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

লজিকেলী ফেক্টছে ভিডিঅ'টোত দেখা মহিলাগৰাকী মুছলমান আৰু ছাত্ৰ লীগৰ সৈতে সম্পৰ্কৰ থকাৰ বাবে তেওঁক আক্ৰমণ কৰা হৈছিল বুলি নিশ্চিত কৰিবলৈ সক্ষম হৈছে।

কি দাবী কৰা হৈছে?

বাংলাদেশত চলি থকা হিংসাৰ মাজতে দেশখনত এগৰাকী হিন্দু যুৱতীক মুছলমানে আক্ৰমণ কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ক’লা ৰঙৰ কুৰ্তা পৰিহিত এগৰাকী মহিলাক একাধিক লোকে আক্ৰমণ কৰি থকা এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। 

ভিডিঅ’টোত ক’লা কাপোৰ পৰিহিত এগৰাকী মহিলাক একাধিক লোকে ঘেৰি লৈ তেওঁক কাণত ধৰি উঠ-বহ কৰোৱাৰ লগতে এপাট জোতা চেলেকিবলৈ বাধ্য কৰোৱা দেখা গৈছে। ইয়াৰ উপৰি ৰঙা স্ক্ৰাফ পিন্ধা আন এগৰাকী মহিলাই তেওঁৰ মুখত হালধি গুড়ি ঘঁহি দিয়াৰ লগতে মানুহবোৰে তেওঁক টানি নি এটা পুখুৰীত পেলাই দিয়া দেখা যায়। 

এক্সত এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি কেপচনত লিখিছে, "বাংলাদেশত মুছলমানৰ এটা দলে এগৰাকী হিন্দু যুৱতীক বন্দী কৰি অপদস্থ কৰাৰ লগতে পানীত পেলাই দিছিল। বিশ্বৰ চকু বিলাক এতিয়া ক'ত? বাংলাদেশৰ গণহত্যাৰ পৰা হিন্দুক ৰক্ষা কৰক।" এক্সত ৩৬ হাজাৰতকৈ অধিক শ্বেয়াৰ লাভ কৰা এই পোষ্টটোৱে প্ৰায় ৭১ হাজাৰ লাইক লাভ কৰিছে। একেধৰণৰ পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত আৰু ইয়াত আছে। অসময়ীতো একেধৰণৰ দাবীৰে এই ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰা হৈছে, ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা সংস্কৰণ চাব পাৰিব।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)  

অৱশ্যে লজিকেলী ফেক্টছে এই দাবীটো মিছা তথা ভাইৰেল ভিডিঅ’টোত দেখা মহিলাগৰাকী আচলতে মুছলমান সম্প্ৰদায়ৰহে বুলি জানিব পাৰিছে। বাংলাদেশৰ পূৰ্বৰ শাসকীয় দল আৱামী লীগৰ ছাত্ৰ শাখা ছাত্ৰ লীগৰ সৈতে জড়িত হোৱাৰ বাবেই তেওঁক লক্ষ্য কৰি লোৱা হৈছিল। 

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ক্লিপটোৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৪ চনৰ ৮ আগষ্টত "ৰংধনু" নামৰ এটা চেনেলে (ইয়াত আৰ্কাইভ কৰা হৈছে) ইউটিউবত পোষ্ট কৰা এটা ভিডিঅ' লাভ কৰোঁ, য'ত একে ধৰণৰ ভিজুৱেল আছিল। বাংলাত লিখা কেপচনটোৰ অনুবাদ হৈছে, "ছাত্ৰলীগৰ নেত্ৰীক গণধোলাই | চৰকাৰ পতনৰ পিছত ছাত্ৰ লীগৰ নেতা আৰু নেত্ৰীসকলৰ অসহায় অৱস্থা।" একেধৰণৰ এটা ভিডিঅ’ ফেচবুকতো (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰা হৈছিল য’ত কেপচনত সেইটো বাংলাদেশৰ ব্ৰাহ্মনবাৰিয়া নামৰ এখন চহৰত ৰেকৰ্ড কৰা হৈছে হৈছিল আৰু ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকী ছাত্ৰ লীগৰ সৈতে জড়িত বুলি উল্লেখ কৰা হৈছে।

ফেচবুকত পোষ্ট কৰা আন এটা ভিডিঅ’ত (ইয়াত আৰ্কাইভ কৰা হৈছে) একেটা ঘটনাৰ একেধৰণৰ ভিজুৱেল দেখিবলৈ পোৱা যায়। ইয়াত ভাইৰেল ভিডিঅ’টোত দেখা ৰঙা স্কাৰ্ফ পিন্ধা মহিলাই ক’লা পোছাক পিন্ধা মহিলাগৰাকীৰ হাতৰ পৰা কাঢ়ি লোৱা গোলাপী ৰঙৰ হেণ্ডবেগ এটা খুচৰি ফুৰা দেখা যায়। ভিডিঅ’টোত ৰঙা স্কাৰ্ফ পিন্ধা মহিলাগৰাকীয়ে বেগৰ পৰা সামগ্ৰী উলিয়াই কেমেৰাত প্ৰদৰ্শন কৰা দেখা গৈছে। এই সামগ্ৰীসমূহৰ ভিতৰত বাংলা ভাষাত "আফছানা ইবাদ" নাম লিখা পলিং এজেন্ট কাৰ্ড আছে, যাৰ পৰা বুজা যায় যে ক'লা পোছাক পিন্ধা মহিলাগৰাকী হিন্দু নহয়, বৰঞ্চ মুছলমানহে।

ফেচবুক ভিডিঅ’ত দেখা আৰু লজিকেলী ফেক্টছে সংগ্ৰহ কৰা আইডিৰ কাৰ্ডৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

লজিকেলী ফেক্টছে এ টি এন নিউজৰ ইষ্টাৰ্ণ ৰিজিঅ'নেল ব্যুৰোৰ মুৰব্বী পিজুশ ক্ৰান্তি আচাৰ্যৰ সৈতে যোগাযোগ কৰে আৰু তেওঁ নিশ্চিত কৰে যে, "মহিলাগৰাকী বাংলাদেশ ছাত্ৰ লীগ, ব্ৰাহ্মনবৰীয়া জিলা শাখাৰ সদস্য। আৰু তেওঁ মুছলমান সম্প্ৰদায়ৰ হয়।" 

বাংলাদেশৰ শেহতীয়া পৰিস্থিতি

বাংলাদেশত কোটা ব্যৱস্থাৰ বিৰুদ্ধে আৰম্ভ হোৱা ছাত্ৰ আন্দোলনে পিছত ক্ৰমে ব্যাপক চৰকাৰ বিৰোধী বিক্ষোভৰ ৰূপ লয়, কেইবামাহ ধৰি চলা বিক্ষোভে দেশখনৰ শ্বেখ হাছিনাৰ চৰকাৰৰ পতন ঘটোৱাৰ লগতে বিভিন্ন হিংসাত্মক ঘটনাত ১৪ আগষ্টলৈকে কমেও ৫৬০ জন লোকৰ মৃত্যু হৈছে।

যোৱা ৫ আগষ্টত পদত্যাগ কৰি দেশ এৰি পলায়ন কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে ১৩ আগষ্টত এটা হত্যাৰ গোচৰ ৰুজু কৰা হয়। নবেল বঁটা বিজয়ী মুহাম্মাদ ইউনুছৰ অধীনত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠনে দেশখনৰ বৰ্তমানৰ অস্থিৰ পৰিস্থিতি সলনি কৰিব বুলি আশা কৰা হৈছে। 

বাংলাদেশত হিন্দুসকলৰ ঘৰ-দুৱাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত আক্ৰমণ চলাৰ খবৰও ওলাইছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দেশখনৰ ৫২খন জিলাত হিন্দুসকলৰ ওপৰত আক্ৰমণৰ প্ৰায় ২০০টা ঘটনা সংঘটিত হৈছে, ইয়াৰ পিছত অন্তৱৰ্তীকালীন চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। 

সিদ্ধান্ত

বাংলাদেশৰ ব্ৰাহ্মনবৰীয়াত ছাত্ৰ লীগৰ এগৰাকী সদস্যৰ ওপৰত সংঘটিত এটা আক্ৰমণৰ ভিডিঅ’ মিছা সাম্প্ৰদায়িক দাবীৰে প্ৰচাৰ কৰা হৈছে। ক্লিপটোত দেখা মহিলাগৰাকী মুছলমান সম্প্ৰদায়ৰ হয়।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।