মূল আপৰ নেত্ৰী স্বাতী মালিৱালৰ ওপৰত আক্ৰমণৰ ফুটেজ হিচাপে অসংলগ্ন ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

আপৰ নেত্ৰী স্বাতী মালিৱালৰ ওপৰত আক্ৰমণৰ ফুটেজ হিচাপে অসংলগ্ন ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই

মে 16 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আপৰ নেত্ৰী স্বাতী মালিৱালৰ ওপৰত আক্ৰমণৰ ফুটেজ হিচাপে অসংলগ্ন ভিডিঅ' শ্বেয়াৰ কৰা হৈছে আপৰ নেত্ৰী স্বাতী মালিৱালৰ ওপৰত আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু আমাৰ সূত্ৰই নিশ্চিত কৰিছে যে ভিডিঅ’টোত দিল্লীৰ এখন আদালতৰ মধ্যস্থতা কেন্দ্ৰত পৰিয়ালৰ সদস্যৰ মাজত লগা কাজিয়া হে দেখা গৈছে।

কি দাবী কৰা হৈছে?

আম আদমি পাৰ্টিৰ নেত্ৰী স্বাতী মালিৱালৰ ওপৰত যোৱা ১৩ মে’ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত আক্ৰমণ কৰিছিল বুলি উত্থাপিত অভিযোগ কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত এটা কাৰ্যালয়পৰ কক্ষ যেন লগা ৰূমৰ ভিতৰত কেইগৰাকীমান লোকে কাজিয়াত লিপ্ত হোৱা দেখা যায়।

ভিডিঅ’টো শ্বেয়াৰ কৰাসকলে ইয়াত কেজৰিৱালৰ ব্যক্তিগত সহায়ক (যিজনৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উঠিছে) মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ভিতৰত মালিৱালক প্ৰহাৰ কৰা দেখা গৈছে বুলি দাবী কৰে। 

ভিডিঅ'টো এক্সত শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে), এজন ব্যৱহাৰকাৰীয়ে ইয়াত মালিৱালৰ ওপৰত আক্ৰমণৰ দৃশ্য দেখুওৱা হৈছে বুলি কয়। একে ধৰণৰ দাবীৰ আৰ্কাইভ সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

অৱশ্যে ভাইৰেল ভিডিঅ’টো উল্লেখিত ঘটনাৰ পূৰ্বৰে পৰা ইণ্টাৰনেটত উপলব্ধ আৰু ইয়াত দিল্লীৰ এখন স্থানীয় আদালতৰ ভিতৰত এটা পৰিয়ালৰ একাংশ সদস্যৰ মাজত কাজিয়া লগা দেখা গৈছে।

ভিডিঅ’টোত কি দেখুওৱা হৈছে?

মন কৰিবলগীয়া যে ভিডিঅ’টোত দেখা পোৱা কোনো এগৰাকী ব্যক্তিৰ মালিৱালৰ সৈতে মিল নাই।

ইয়াৰ উপৰিও ভাইৰেল ক্লিপটোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলে আমি ১৩ মে’ত শ্বেয়াৰ কৰা এটা এক্স পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে ) লাভ কৰোঁ, য’ত হিন্দী কেপচনত এই ঘটনাটো দিল্লীৰ টিছ হাজাৰি নামৰ এখন আদালতৰ মধ্যস্থতা কক্ষত সংঘটিত হৈছিল বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত ‘DELHI NEWS’ৰ ল’গ’ আৰু ৱাটাৰমাৰ্ক দেখা যায়।

ভিডিঅ'টোত এখন জিলা আদালতৰ দৃশ্য দেখা গৈছে বুলি দাবী কৰা এক্স পোষ্ট এটাৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

একেটা ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা হৈছে) যোৱা ১২ মে’ত দিল্লী দেৱকৰণ নিউজ নামৰ এটা স্থানীয় সংবাদ মাধ্যম ফেচবুকত প্ৰকাশ কৰিছিল। পোষ্টটোৰ কেপচনত হিন্দীত লিখা আছিল, “দিল্লীৰ তিছ হাজাৰী আদালতৰ এটা ভাইৰেল ভিডিঅ’ ওলাইছে, য’ত কোৱা হৈছে যে পৰিয়ালৰ সদস্যসকলে মধ্যস্থতা কক্ষত নিজৰ মাজতে কাজিয়া লগা দেখা যায়। তেওঁলোকে মীমাংসা কৰিবলৈ আহিছিল কিন্তু শেষত গৈ নিজৰ মাজতে কাজিয়া লাগে (অনূদিত)।’’ 

লোকমত টাইমছ নামৰ এটা মাৰাঠী ভাষাৰ সংবাদ প্ৰতিষ্ঠানে ১৪ মে’ত ভাইৰেল ভিডিঅ’টোত বন্দী হোৱা এই কাণ্ডৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে), তেওঁলোকেও এইটো টিছ হাজাৰীৰ মধ্যস্থতা কক্ষৰ ভিডিঅ’ বুলি কয়।

মন কৰিবলগীয়া যে মালিৱালে দাবী কৰা অনুসৰি উক্ত ঘটনাটো ১৩ মে’ৰ পুৱা মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ভিতৰত সংঘটিত হৈছিল। কিন্তু ভাইৰেল ভিডিঅ’টো ১২ মে’ৰ পৰা ইণ্টাৰনেটত উপলব্ধ, ইয়াৰ দ্বাৰা এইটো স্পষ্টকৈ অনুমান কৰিব পাৰি যে এইটো উল্লেখিত ঘটনাৰ এদিন হ’লেও আগৰ ভিডিঅ’। 

১২ মে’ৰ নিশা ১০.০১ বজাত সাংবাদিক অতুল কৃষ্ণনে শ্বেয়াৰ কৰিছিল কৃষ্ণনে এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) ভিডিঅ’টো ইণ্টাৰনেটত শ্বেয়াৰ কৰি ইয়াত টিছ হাজাৰীৰ মধ্যস্থতা কক্ষত এটা পৰিয়ালৰ সদস্যৰ মাজত লগা কাজিয়া দেখা গৈছে বুলি লিখিছিল। 

নিজৰ পৰিচয় প্ৰকাশ কৰিবলৈ অনিচ্ছুক টিছ হাজাৰী আদালতত প্ৰেকটিছ কৰি থকা এজন অধিবক্তাই লজিকেলী ফেক্টছক ভিডিঅ’টোত জিলা আদালতখনৰ মধ্যস্থতা কেন্দ্ৰত সংঘটিত এক কাজিয়া দেখা গৈছে বুলি নিশ্চিত কৰে।

আমি দিল্লীৰ চবজি মাণ্ডী থানাৰ এজন আৰক্ষী বিষয়াৰ সৈতেও যোগাযোগ কৰিলোঁ, যিয়ে নাম প্ৰকাশ নকৰাৰ চৰ্তত আমাক জনাইছিল যে ভিডিঅ’টো টিছ হাজাৰীৰ মধ্যস্থতা কেন্দ্ৰত বন্দী কৰা হৈছিল। ‘‘৯ মে’ত টিছ হাজাৰীৰ মধ্যস্থতা কক্ষত সংঘটিত হোৱা এই কাণ্ডত এহাল বিবাহিত দম্পতীৰ পৰিয়ালৰ সদস্যৰ মাজত হোৱা কাজিয়া দেখা গৈছে।’ তেওঁ কয়।

স্বাতী মালিৱালৰ ওপৰত আক্ৰমণৰ ঘটনা

১৩ মে’ত কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰে তেওঁক আক্ৰমণ কৰা বুলি মালিৱালে অভিযোগ অনাৰ এদিন পিছতে ১৪ মে’ত আপৰ নেতা সঞ্জয় সিঙে এই ঘটনাটো স্বীকাৰ কৰি কয় যে কেজৰিৱালৰ সহায়কে সঁচাকৈয়ে মালিৱালৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। সিঙৰ উদ্ধৃতি দ্য টাইমছ অৱ ইণ্ডিয়াই কয়, "কালি মালিৱালে অৰবিন্দ কেজৰিৱালক তেওঁৰ বাসগৃহত লগ কৰিবলৈ গৈছিল। ড্ৰয়িং ৰুমত ৰৈ থকাৰ সময়তে বিভৱ কুমাৰে তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। এইটো এটা অতি নিন্দনীয় ঘটনা। কেজৰিৱাল এই বিষয়ে অৱগত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ভিতৰত মালিৱালে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ তুলি দিল্লী আৰক্ষীৰ কাষ চাপিছিল যদিও লিখিত অভিযোগ দাখিল কৰা নাছিল।

দিল্লীৰ আৰক্ষী আয়ুক্ত (উত্তৰ) মনোজ মীনাই সাংবাদিকৰ আগত কয় যে ১৩ মে’ত পুৱা ৯:৩৪ বজাত পিচিআৰ ফোন কৰি আপৰ সাংসদগৰাকীয়ে থানালৈ আহি মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ভিতৰত তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ লগতে কয় যে এই বিষয়ত কোনো লিখিত অভিযোগ পোৱা নাই। 

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোৰ আপৰ নেত্ৰী স্বাতী মালিৱালৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগৰ সৈতে কোনো সম্পৰ্ক নাই, আৰু উক্ত ঘটনাৰ আগৰে পৰা ভিডিঅ’টো ইণ্টাৰনেটত আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভিডিঅ’টোত তিছ হাজাৰী আদালতত পৰিয়ালৰ একাংশ সদস্যৰ মাজত লগা কাজিয়া দেখা গৈছে। আমাৰ সূত্ৰইও এই কথা নিশ্চিত কৰিছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।