মূল আমেৰিকাত সাংবাদিকৰ ওপৰত আক্ৰমণৰ পুৰণি ক্লিপ বাংলাদেশৰ শেহতীয়া ভিডিঅ’ হিচাপে প্ৰচাৰ

আমেৰিকাত সাংবাদিকৰ ওপৰত আক্ৰমণৰ পুৰণি ক্লিপ বাংলাদেশৰ শেহতীয়া ভিডিঅ’ হিচাপে প্ৰচাৰ

লেখক: চন্দন বৰগোহাঁই

আগষ্ট 9 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আমেৰিকাত সাংবাদিকৰ ওপৰত আক্ৰমণৰ পুৰণি ক্লিপ বাংলাদেশৰ শেহতীয়া ভিডিঅ’ হিচাপে প্ৰচাৰ বাংলাদেশত সাংবাদিকক আক্ৰমণ কৰা বুলি ছ’চিয়েল মিডিয়াত ২০২০ চনৰ ভিডিঅ’ প্ৰচাৰ। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

২০২০ চনৰ এই ভিডিঅ’টোত আমেৰিকাত জৰ্জ ফ্লয়ডৰ হত্যাৰ বিৰুদ্ধে হোৱা এক প্ৰতিবাদৰ বাতৰি কৰি থকা অৱস্থাত এজন বাংলাদেশী সাংবাদিকক প্ৰহাৰ কৰা দেখা গৈছে।

কি দাবী কৰা হৈছে?

ইন্টাৰনেটত প্ৰচাৰিত এক ভিডিঅ’ত ৰাজপথৰ পৰা লাইভ সম্প্ৰচাৰৰ কৰি থকাৰ সময়ত এজন সাংবাদিকৰ ওপৰত মুখত মাস্ক লগাই থকা কেইজনমান ব্যক্তিয়ে আক্ৰমণ কৰা দেখা যায়। ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই ইয়াত বাংলাদেশত চলি থকা শেহতীয়া পৰিস্থিতিৰ মাজতে সংবাদ মাধ্যমৰ ওপৰত হোৱা এক আক্ৰমণৰ দৃশ্য দেখা গৈছে বুলি দাবী কৰিছে।

এজন এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, "বাংলাদেশৰ পৰিস্থিতিক লৈ আনন্দ কৰি থকা ভাৰতৰ উদাৰবাদী সাংবাদিকবোৰে লাজ পাব লাগে! বিশেষকৈ ৰবিশ কুমাৰৰ দৰে লোকে। বাংলাদেশত সংবাদ মাধ্যমৰ কৰ্মীসকলৰ প্ৰতি কৰা নিৰ্মম ব্যৱহাৰলৈ চাওক। এইবোৰ দেখা পায় আপুনি কিদৰে আনন্দ উপভোগ কৰিব পাৰে?’’ (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। 

অৱশ্যে আমাৰ অনুসন্ধানত এই ভিডিঅ’টো ২০২০ চনৰ বুলি জানিব পৰা যায় আৰু ইয়াত নিউয়ৰ্কত এজন বাংলাদেশী সাংবাদিকে জৰ্জ ফ্লয়ডৰ হত্যাকাণ্ডৰ প্ৰতিবাদৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়ত এই ঘটনাটো সংঘটিত হৈছিল।

আমি কি বিচাৰি পালোঁ?

ভিডিঅ’টোত তলৰ সোঁফালৰ চুকত ছময় টিভিৰ ল’গ’ আছে। আমি গুগল চাৰ্চ কৰি ২০২০ চনৰ ২ জুনত প্ৰকাশিত সময় টিভিৰ এক ইউটিউব ভিডিঅ’ প্ৰতিবেদন (ইয়াত আৰ্কাইভ কৰা হৈছে) বিচাৰি পাওঁ। প্ৰতিবেদনটোত ভাইৰেল ক্লিপটো তথা আক্ৰমণৰ বলি হোৱা সাংবাদিক হাছানুজ্জমান সাকিৰ এটা সাক্ষাৎকাৰ আছে। সেই সময়ত, সাকি সময় টিভিৰ এজন সংবাদদাতা আছিল।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰতিবেদনটোৰ মতে আমেৰিকাৰ মিনিয়াপলিছত ফ্লয়ডৰ হত্যাকাণ্ডৰ পিছত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বাতৰি পৰিৱেশন কৰি থকাৰ সময়তে টাইমছ স্কোৱাৰত সাকি আক্ৰমণৰ সন্মুখীন হয়। ২০২০ চনৰ ২৫ মে’ত মিনিয়াপলিছৰ এজন শ্বেতাংগ আৰক্ষী বিষয়া ডেৰেক চ’ভিনে ফ্লয়ডৰ ডিঙিত ৯ মিনিটতকৈ অধিক সময় আঁঠুৰে গছকি আছিল, যিটো কাণ্ড চেলফোনৰ ভিডিঅ’ত বন্দী হৈছিল। এই ফুটেজটো ভাইৰেল হৈ সমগ্ৰ আমেৰিকাতে ব্লেক লাইভছ মেটাৰ আন্দোলনৰ সৃষ্টি হয়।

সাকিয়ে সময় টিভিক কয়, “যেতিয়া আমি গম পালোঁ যে প্ৰতিবাদৰ বাবে নিউয়ৰ্কত নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ জাৰি কৰা হৈছে, তেতিয়া ১১ বাজিবলৈ প্ৰায় ২০ মিনিটমান থাকোতে মই আৰু মোৰ সহকৰ্মী টাইমছ স্কোৱাৰত উপস্থিত হ’লোঁ।” তেওঁ লগতে কয়, “আমি বাতৰি কৰি থকাৰ সময়তে আৰু মই যেতিয়া পিটিচি দি আছিলো কিছুমান প্ৰতিবাদকাৰীয়ে মোক আক্ৰমণ কৰিছিল (বাংলাৰ পৰা অনুবাদ কৰা হৈছে)।

সাকিয়ে কয় যে তেওঁ নিজকে সাংবাদিক বুলি পৰিচয় দিয়াৰ পিছতো প্ৰতিবাদকাৰী কেইজনে তেওঁক প্ৰহাৰ কৰে। “তেওঁলোকৰ এজনৰ পিছত আনজনে মোৰ ওপৰত মাৰপিট কৰে আৰু মই ৰাস্তাত পৰি যাওঁ। তেওঁলোকে সময় টিভিৰ কেমেৰাটো কাঢ়ি ল’বলৈ চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে। আইটিভিৰ এজন সাংবাদিক মহম্মদ শ্বাহিদুল্লাহ মোৰ সৈতে আছিল আৰু মোৰ পিছত তেওঁক আক্ৰমণ কৰিছিল।’’ এই সাক্ষাৎকাৰটো সাকিয়ে ২০২০ চনৰ ৩ জুনত ঘটনাটোৰ সবিশেষ বৰ্ণনা কৰি তেওঁৰ ফেচবুকত (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰিছিল।

বাংলাদেশৰ সংবাদ সংস্থা দ্য বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদনত ভাইৰেল ভিডিঅ’ আৰু সাকিৰ সময় টিভিৰ সাক্ষাৎকাৰৰ স্ক্ৰীণশ্বট প্ৰকাশ পাইছিল, প্ৰতিবেদনটোত এই কাণ্ডটো ২০২০ চনৰ ১ জুনত সংঘটিত হৈছিল বুলি কোৱা হৈছে।

আমেৰিকাত সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব হোৱা ঘটনাৰ নিৰীক্ষণ কৰা ইউ এছ প্ৰেছ ফ্ৰিডম ট্ৰেকাৰে সাকিৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছিল য’ত ভাইৰেল ক্লিপটো থকা সময় টিভিৰ ভিডিঅ’টো সন্নিৱিষ্ট কৰা হৈছে। প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে এই আক্ৰমণ টাইমছ স্কোৱাৰত নিশা প্ৰায় ১১ বজাত সংঘটিত হৈছিল আৰু আক্ৰমণকাৰীৰ পৰিচয় আৰু উদ্দেশ্য কি আছিল সেয়া স্পষ্ট নহয় বুলি কয়। প্ৰতিবেদনটোত লগতে কয় যে সময় টিভি আৰু সাকিয়ে মন্তব্যৰ বাবে কৰা অনুৰোধৰ কোনো সঁহাৰি নিদিলে আৰু নিউয়ৰ্ক আৰক্ষী বিভাগে এই কাণ্ডৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ কোনো উত্তৰ দিয়া নাছিল।

লজিকেলী ফেক্টছে অধিক তথ্যৰ বাবে সাংবাদিক হাছানুজ্জামান সাকিৰ সৈতে যোগাযোগ কৰিছে আৰু তেওঁৰ পৰা সঁহাৰি পালে এই প্ৰতিবেদনটো আপডেট কৰা হ’ব।

বাংলাদেশত কি হৈ আছে?

চলিত বৰ্ষৰ জুন মাহৰ পৰা বাংলাদেশত ১৯৭১ চনৰ স্বাধীনতা সংগ্ৰামৰ সৈনিকৰ পৰিয়ালৰ বাবে চৰকাৰী চাকৰিত ৩০ শতাংশ পদ সংৰক্ষণ নীতিৰ প্ৰতিবাদত কেইবা সপ্তাহ ধৰি চলা ব্যাপক আন্দোলনৰ পিছত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰে আৰু যোৱা ৫ আগষ্টত বাংলাদেশ ত্যাগ কৰে। সংবাদ সংস্থা পিটিআইৰ মতে, চৰকাৰ বিৰোধী আন্দোলনত নিহত লোকৰ সংখ্যাই ৬ আগষ্টলৈকে ৪৪০ পাৰ কৰিছে।

ইফালে হাছিনা বৰ্তমান ভাৰতত। পুত্ৰ তথা প্ৰাক্তন উপদেষ্টা সজীব ৱাজেদ জয়ৰ উদ্ধৃতিৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি তেওঁ “আৰু কিছু সময়” দিল্লীতে থাকিব।

ইয়াৰ মাজতে যোৱা ৭ আগষ্টত নোবেল বিজয়ী মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মূৰব্বী হিচাপে শপতগ্ৰহণ কৰে।

সিদ্ধান্ত

 ভাইৰেল ভিডিঅ’টোত ২০২০ চনৰ জুনত নিউয়ৰ্কত জৰ্জ ফ্লয়ডৰ হত্যাকাণ্ডৰ প্ৰতিবাদৰ বাতৰি পৰিৱেশন কৰি থকা এজন বাংলাদেশী সাংবাদিকক প্ৰহাৰ কৰা দেখা গৈছে। বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।