মূল পুৰণি ভিডিঅ’ ২০২২ চনত অৰুণাচলৰ টাৱাঙত সংঘটিত ভাৰত-চীনৰ সংঘৰ্ষৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

পুৰণি ভিডিঅ’ ২০২২ চনত অৰুণাচলৰ টাৱাঙত সংঘটিত ভাৰত-চীনৰ সংঘৰ্ষৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা

ফেব্ৰুৱাৰী 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
 পুৰণি ভিডিঅ’ ২০২২ চনত অৰুণাচলৰ টাৱাঙত সংঘটিত ভাৰত-চীনৰ সংঘৰ্ষৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

মিছা

শেহতীয়াকৈ অৰুণাচল প্ৰদেশত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ভিডিঅ’ বুলি দাবী কৰি পুৰণি ভিডিঅ’কে ভুলকৈ শ্বেয়াৰ কৰা হৈছে ।

পৃষ্ঠভূমি

২০২২ চনৰ ১২ ডিচেম্বৰ সোমবাৰে ভাৰতীয় সেনাই ঘোষণা কৰে যে ২০২২ চনৰ ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত এক সংঘৰ্ষ হৈছিল। 'দ্য টাইমছ অৱ ইণ্ডিয়া'ৰ বাতৰি অনুসৰি 'পিপলছ লিবাৰেচন আৰ্মী'ৰ ৩০০-৪০০ জোৱানে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (Line of Actual Control - LAC) পাৰ হোৱাৰ পিছত এই সংঘৰ্ষ সংঘটিত হয় ।

১৩ ডিচেম্বৰত সংসদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিয়া এক বিবৃতি অনুসৰি চীনৰ সৈন্যই একপক্ষীয়ভাৱে অৰুণাচল প্ৰদেশৰ যথাস্থিতি সলনি কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকৰ এই উলংঘন বাধা দিয়াৰ ফলত নিজৰ পূৰ্বৰ অৱস্থানলৈ ঘূৰি যাবলৈ বাধ্য হৈছিল। তেওঁ লগতে কয় যে দুয়োপক্ষই আঘাতপ্ৰাপ্ত হৈছে যদিও ভাৰতীয় জোৱানৰ ক্ষেত্ৰত কোনো প্ৰাণহানি হোৱা নাই বা কোনো গুৰুতৰ আঘাত নাই ।

২০২০ চনৰ কেইবাটাও অসংলগ্ন ভিজুৱেল এই ঘটনাক চিত্ৰিত কৰা বিৱৰণীৰ সৈতে শ্বেয়াৰ কৰা হৈছে। আমি এনে দুটা ভিডিঅ’ আৱিষ্কাৰ কৰিলোঁ। ২ মিনিটৰ এটা ভিডিঅ’ত কাজিয়াৰ সময়ত সৈন্যই সেনাৰ বাহন এখনলৈ বস্তু নিক্ষেপ কৰা দেখা গৈছে । ইংৰাজীত ভাষাত টুইটাৰত আপলোড কৰা প্ৰথমটো ভিডিঅ'ৰ আৰম্ভণিতে কোনোবাই "এইটো চাইনিজ আৰ্মী" বুলি কোৱাৰ বিপৰীতে আন সেনা জোৱানসকলে হিন্দী ভাষাত কথা পতা শুনা যায় । দ্বিতীয়টো ভিডিঅ’ত, বৰফেৰে আবৃত এলেকাত কিছু জোৱান মাৰপিটত লিপ্ত হোৱা দেখা গৈছে । আমি দ্বিতীয়টো ভিডিঅ’ অসমৰ ফেচবুক ব্যৱহাৰকাৰী এজনে ২০২২ চনৰ ১৩ ডিচেম্বৰত আপলোড কৰা দেখা পালোঁ ।

প্ৰকৃত তথ্য

২০২০ চনৰ ১৫ জুনত লাডাখৰ গালৱান উপত্যকাত চীনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ২০ জন ভাৰতীয় জোৱান নিহত হোৱাৰ লগতে ৭৬ জন আহত হয় । ইয়াৰ ফলত দুয়োখন ৰাষ্ট্ৰৰ মাজত উত্তেজনা বৃদ্ধি পায় আৰু আক্ৰান্ত অঞ্চলৰ পৰা আঁতৰি অহা প্ৰক্ৰিয়া এতিয়াও চলি আছে ।

ৰিভাৰ্ছ ইমেজ ছাৰ্চত দেখা গৈছে যে প্ৰথমটো ভাইৰেল ভিডিঅ’, য’ত সৈনিকে বস্তু নিক্ষেপ কৰা দেখা গৈছে, সেইটো ২০২০ চনৰ ৩০ মে’ত টুইটাৰ ব্যৱহাৰকাৰী ৰিগজিন ডাৱাই "#IndiaChinaBorderTension” হেচটেগেৰে শ্বেয়াৰ কৰিছিল । তেলেগু নিউজ চেনেল মহা নিউজে ২০২০ চনৰ ১৭ জুনত একেটা ভিডিঅ' প্ৰকাশ কৰিছিল, য'ত লিখা আছিল "ভাৰতীয় সেনাই লাডাখ সীমান্তত চীনৰ সামৰিক বাহন আৰু এজন জোৱান কৰায়ত্ত কৰিলে" । ইয়াৰ পাছত আমি কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ, কিন্তু নিউজ চেনেলটোৱে দিয়া বক্তব্যৰ সমৰ্থনত কোনো সুনিৰ্দিষ্ট প্ৰমাণ বিচাৰি নাপালোঁ । কিন্তু ২০২০ চনৰ মে’ মাহৰ পৰাই ইণ্টাৰনেটত এই ভিডিঅ’টো থকাটো স্পষ্ট আৰু শেহতীয়াকৈ ২০২২ চনত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই ।ইফালে আমি দেখিলোঁ যে দ্বিতীয়টো ভিডিঅ' 'এনডিটিভি'ৰ ইউটিউব চেনেলত ২০২০ চনৰ ২২ জুনত প্ৰকাশ পাইছিল, যাৰ শিৰোনাম আছিল, "ভিডিঅ'ত দেখা গৈছে ছিকিমৰ উচ্চতাত ভাৰত, চীনৰ জোৱানৰ মাজত সংঘৰ্ষ"। বৰ্ণনাত উল্লেখ কৰা হৈছে যে লাডাখত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘৰ্ষৰ এদিন পিছতে এই ভিডিঅ’টো প্ৰচাৰ হৈছিল । এক বাতৰিৰ প্ৰতিবেদনত 'এনডিটিভি'য়ে স্পষ্ট কৰি দিছে যে ভিডিঅ’টো কেতিয়া শ্বুট কৰা হৈছিল সেইটো নিশ্চিত কৰিব পৰা নাই ।

ডিজিটেল সংবাদ সংস্থা 'ক্ৰক্স'ৰ ইউটিউব চেনেলতো ২০২০ চনৰ ২৩ জুনত একেটা ভাইৰেল ভিডিঅ’ প্ৰকাশ পাইছিল । ছিকিমৰ এক উচ্চ অঞ্চলত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত হোৱা এক সংঘৰ্ষৰ পাছতেই এই ভিডিঅ’টো পোহৰলৈ অহাৰ বাতৰি প্ৰকাশ পাইছিল । বৰ্ণনাত উল্লেখ আছে যে ভিডিঅ’টো কেতিয়া ৰেকৰ্ড কৰা হৈছিল সেয়া জানিব পৰা হোৱা নাই ।

এইটো স্পষ্ট যে দুয়োটা ভিডিঅ’ অৰুণাচল প্ৰদেশত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ নহয়, কিন্তু প্ৰায় দুবছৰ ধৰি ইণ্টাৰনেটত আছে ।

সিদ্ধান্ত

শেহতীয়াকৈ অৰুণাচল প্ৰদেশত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ সৈতে এই পুৰণি ভিডিঅ’ দুটা ভুলকৈ সংযোগ কৰি শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো ।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।