মূল অষ্ট্ৰিয়াৰ নাজী কনচেনট্ৰেচন কেম্পৰ ফটো পেলেষ্টাইনৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

অষ্ট্ৰিয়াৰ নাজী কনচেনট্ৰেচন কেম্পৰ ফটো পেলেষ্টাইনৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা

নৱেম্বৰ 8 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
অষ্ট্ৰিয়াৰ নাজী কনচেনট্ৰেচন কেম্পৰ ফটো পেলেষ্টাইনৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে ফটোখনত ইহুদীসকলে পেলেষ্টাইনৰ পৰা সহায় বিচৰা দেখা গৈছে বুলি মিছাকৈ দাবী কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (স্ক্ৰীণশ্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এই ফটোখনত ইহুদীসকলে পেলেষ্টাইনৰ সহায় বিচৰা দৃশ্য বন্দী হোৱা নাই । ১৯৪৫ চনৰ এপ্ৰিল মাহত অষ্ট্ৰিয়াৰ নাজী কনচেনট্ৰেচন কেম্পৰ কিছু বন্দীক দেখুওৱা হৈছে ।

৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল-হামাছৰ সংঘাতত গাজাত ১০ হাজাৰতকৈ অধিক লোক আৰু ইজৰাইলৰ প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছে। এনে সময়তে ছ’চিয়েল মিডিয়াত ভুৱা আৰু বিভ্ৰান্তিকৰ আখ্যানৰে বিভিন্ন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে আৰু তাৰে কিছুমান চলিত যুদ্ধৰ উদ্ধত ইজৰাইল-পেলেষ্টাইনৰ ইতিহাস সন্নিৱিষ্ট কৰা দেখা গৈছে । 

দাবী কি?

ইয়াৰ মাজতে, দুই এটা ইংৰাজী পোষ্টৰ লগতে ছ’চিয়েল মিডিয়াত বিশেষকৈ ভাৰতীয় আঞ্চলিক ভাষা অসমীয়াত এদল ক্ষীণকায় পুৰুষক একেলগে থিয় হৈ কেমেৰালৈ চাই থকা ক’লা-বগা ফটো এখন ভাইৰেল হৈ পৰিছে ৷ এই ফটোখন আপলোড কৰা পোষ্টবোৰত কৰা দাবী অনুসৰি উক্ত ফটোখন ১৯৪৬ চনত তোলা হৈছে আৰু ইয়াত ‘ইউৰোপৰ পৰা বিতাড়িত ইহুদীসকলে নিজৰ ভোক পূৰণৰ বাবে খাদ্য আৰু বাসস্থান বিচাৰি পেলেষ্টাইন চৰকাৰৰ পৰা সহায়' বিচৰা দেখা গৈছে । শেহতীয়াকৈ কেইবাটাও ফেচবুক প্ৰফাইলত একেধৰণৰ কেপচনৰ সৈতে ফটোখন শ্বেয়াৰ কৰা হৈছে। আৰ্কাইভ কৰা সংস্কৰণ এটা ইয়াত চাব পাৰে।

ফটোখনত ইউৰোপৰ পৰা বিতাড়িত ইহুদীসকলে পেলেষ্টাইন চৰকাৰৰ পৰা সহায় বিচৰা দেখা গৈছে বুলি দাবী কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট । (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু ফটোখন আচলতে ১৯৪৫ চনৰ এপ্ৰিল মাহৰ আৰু ইয়াত অষ্ট্ৰিয়াৰ এবেনচিৰ নাজী কনচেনট্ৰেচন কেম্পত থকা বন্দীসকলক দেখা গৈছে।

তথ্যবোৰ কি কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাৰ পিছত আমি আমেৰিকাৰ ফেডাৰেল এজেন্সী নেচনেল আৰ্কাইভছ এণ্ড ৰেকৰ্ডছ এডমিনিষ্ট্ৰেচনৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰপতিৰ লাইব্ৰেৰী 'ট্ৰুমেন লাইব্ৰেৰী'ৰ অফিচিয়েল ৱেবছাইটত "মুক্তিপ্ৰাপ্ত নাজী কনচেনট্ৰেচন কেম্পত বন্দীসকলে পোজ দিয়া" বুলি লিখা একেখন ফটোকে বিচাৰি পাইছিলোঁ।

ৱেবছাইটটোত ফটোখন এনেদৰে বৰ্ণনা কৰা হৈছে: "অষ্ট্ৰিয়াৰ এবেনচিৰ নাজী কনচেনট্ৰেচন কেম্পত অনাহাৰে থকা বন্দীসকলে পোজ দিছে । এই শিবিৰটো ‘বৈজ্ঞানিক’ পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি কোৱা হয়। এই শিবিৰটো ৮০ নং ডিভিজন, ৩য় আমেৰিকান সেনাই মুক্ত কৰিছিল।” ৱেবছাইটটোত ফটোখনৰ তাৰিখ ১৯৪৫ চনৰ এপ্ৰিল মাহ বুলি লিখা হৈছে আৰু ইয়াৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ চিগনেল কৰ্পছক কৃতিত্ব দিয়া হৈছে ।

ট্ৰুমেন লাইব্ৰেৰীৰ ৱেবছাইটত ফটোখনৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ট্ৰুমেন লাইব্ৰেৰী)

টাইমছ অৱ ইজৰাইলেও ১৯৪৫ চনৰ ৭ মে'ত একেখন ফটো প্ৰকাশ কৰিছিল আৰু ইয়াৰ কেপচনত লিখিছিল, "অষ্ট্ৰিয়াৰ এবেনচিৰ কনচেনট্ৰেচন কেম্পত পোজ দি থকা অনাহাৰে থকা বন্দীসকলে, ভোকত প্ৰায় মৃত্যুমুখত পৰিছে।" এই ফটোখন ২০২৩ চনৰ ৩১ মে’ত প্ৰকাশিত এটা প্ৰবন্ধত প্ৰকাশ পাইছিল, যাৰ শিৰোনাম আছিল ‘ইহুদী চিকিৎসকৰ ৱাৰ্ছ গেট্টোৰ অনাহাৰৰ গোপন অধ্যয়ন ৮০ বছৰৰ পিছত পুনৰ আৱিষ্কাৰ কৰা হৈছে।’ আটলাণ্টিকে ২০১১ চনৰ ১৬ অক্টোবৰত "দ্বিতীয় বিশ্বযুদ্ধ: হ'ল'কাষ্ট" শীৰ্ষক ফটো ৰচনাতো এই ফটোখন একেধৰণৰ কেপচনৰ সৈতে অন্তৰ্ভুক্ত কৰিছিল।

১২০০ চনৰ পৰা পেলেষ্টাইনলৈ ইহুদীসকলৰ প্ৰব্ৰজন আৰম্ভ হৈছিল আৰু ১৯ শতিকাৰ আশে-পাশে সমগ্ৰ ইউৰোপত ধৰ্মীয় নিৰ্যাতনৰ পিছত তীব্ৰতৰ হৈ উঠিছিল আৰু ১৯২২-১৯৪৭ চনলৈকে চলি থকা বুলি ইতিমধ্যে ভালদৰে নথিভুক্ত কৰা হৈছে। যদিও সঁচাকৈ পেলেষ্টাইনলৈ নিৰ্যাতিত ইহুদীৰ এনে প্ৰব্ৰজন হৈছিল, ইউৰোপৰ পৰা বিতাড়িত ইহুদীসকলে পেলেষ্টাইন চৰকাৰৰ পৰা সহায় বিচৰাৰ সৈতে এই ফটোখন জড়িত কৰা কোনো বিশ্বাসযোগ্য প্ৰতিবেদন নাই।

সিদ্ধান্ত

যদিও নাজী নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ পেলেষ্টাইনলৈ ইহুদীসকলৰ যথেষ্ট প্ৰব্ৰজন ঘটিছিল, ভাইৰেল ফটোখনত বিতাড়িত ইহুদীসকলে পেলেষ্টাইন চৰকাৰৰ পৰা সহায় বিচৰা দেখা যোৱা নাই। ফটোখনত আচলতে ১৯৪৫ চনত অষ্ট্ৰিয়াৰ এবেনচিৰ নাজী কনচেনট্ৰেচন কেম্পত থকা বন্দীসকলক দেখা গৈছে। সেয়েহে, আমি এই দাবীক মিছা বুলি শ্ৰেণীভুক্ত কৰিছো।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।