মূল কংগ্ৰেছে দিল্লীত ২০২৪ৰ নিৰ্বাচনৰ ফলাফল উদযাপন কৰা দৃশ্য বুলি পুৰণি ভিডিঅ’ ভাইৰেল

কংগ্ৰেছে দিল্লীত ২০২৪ৰ নিৰ্বাচনৰ ফলাফল উদযাপন কৰা দৃশ্য বুলি পুৰণি ভিডিঅ’ ভাইৰেল

লেখক: ৰজনী কে জি

জুন 5 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
কংগ্ৰেছে দিল্লীত ২০২৪ৰ নিৰ্বাচনৰ ফলাফল উদযাপন কৰা দৃশ্য বুলি পুৰণি ভিডিঅ’ ভাইৰেল ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীৰ জয়ৰ পিছত কংগ্ৰেছে দিল্লী মুখ্য কাৰ্যালয়ত মিঠাই বিতৰণ কৰি উদযাপন কৰা বুলি দাবী কৰা ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকলি ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

মূল ভিডিঅ’টোত কংগ্ৰেছ কৰ্মীসকলে এক মানহানিৰ গোচৰত গান্ধী দোষী সাব্যস্ত হোৱাটো উচ্চতম ন্যায়ালয়ে স্থগিত ৰখাৰ সিদ্ধান্তক উদযাপন কৰা দেখা গৈছে।

কি দাবী কৰা হৈছে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত কিছু লোকে ফুল ছটিওৱা আৰু লগতে মিঠাই বিতৰণ কৰা ৩৪ ছেকেণ্ডৰ এক ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰিত হৈছিল ।

ভাইৰেল ক্লিপটোৰ ০:১৬ ছেকেণ্ডত পাৰ্টিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে পটভূমিত উদযাপনমূলক সংগীতৰ মাজত নিজৰ ভাতৃ ৰাহুল গান্ধীক লাডু খুৱাই থকা দেখা গৈছে।

এজন এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচন দি লিখিছে, “কংগ্ৰেছৰ কাৰ্যালয়ত ৰাহুল গান্ধীৰ উপস্থিতিত আজি লাডু বিতৰণ কৰা হৈছে... অন্ধ ভক্তসকল, কান্দিব নালাগে, কাৰণ কাইলৈৰ পৰা আপোনালোকৰ বেয়া দিন আৰম্ভ হ’ব । ভক্তসকল, কাইলৈ ​​পাপা (তোমাৰ দেউতাক)ৰ লগত বেগটো কঢ়িয়াই নিব লাগিব (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)।"

শেষৰ বাক্যটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰাৰ উদ্দেশ্যে কোৱা যেন বোধহয়। ইয়াত কোৱা মানে হয় যে ফলাফল ঘোষণা হোৱাৰ পিছত মোদী আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ক্ষমতা হেৰুৱাব, আৰু তেওঁৰ অনুগামীসকলেও তেওঁৰ সৈতে নিজৰ বেগ পেক কৰিব লাগিব। একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব।


অনলাইনত প্ৰচাৰিত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকলি ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উক্ত ভিডিঅ’টো অসমীয়া নিউজ চেনেল নিউজ১৮অসমএনই'ৰ ফেচবুক পেজৰ পৰাও পোষ্ট কৰা হৈছে য'ত দাবী কৰা হৈছে যে ভিডিঅ’টোত ৰাহুল গান্ধীৰ বৃহৎ জয়ক লৈ উৎফুল্লিত কংগ্ৰেছ নেতা কৰ্মীক দেখা গৈছে । কেপচনত লিখা হৈছে, "ৰাহুল গান্ধীৰ বৃহৎ জয়ক লৈ উৎফুল্লিত কংগ্ৰেছ নেতা কৰ্মীৰ। ৱায়নাড আৰু ৰায়বেৰেলী সমষ্টিৰ পৰা জয়লাভ ৰাহুল গান্ধীৰ।" আৰ্কাইভ কৰা সংস্কৰণ ইয়াত পোৱা যাব।

অৱশ্যে এই ভিডিঅ’টো পুৰণি আৰু ইয়াত ভাৰতৰ উচ্চতম ন্যায়ালয়ে গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ স্থগিত ৰখাৰ পিছত দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা উদযাপন দেখা গৈছে।

আমি কেনেকৈ এই তথ্য বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২৩ চনৰ ৪ আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অফিচিয়েল এক্স একাউণ্টত (ইয়াত আৰ্কাইভ কৰা) পোষ্ট কৰা একেটা ভিডিঅ’ পাইছিলোঁ  (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)।”

কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া আৰু ডিজিটেল যোগাযোগৰ ৰাষ্ট্ৰীয় আহ্বায়ক ৰুচিৰা চতুৰ্বেদীয়েও ২০২৩ চনৰ ৪ আগষ্টত (ইয়াত আৰ্কাইভ কৰা) একেটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে ইয়াত নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত উদযাপনৰ দৃশ্য দেখুওৱা হৈছে।

নিউজ আউটলেট হিন্দুস্তান টাইমছে নিজৰ ফেচবুক একাউণ্টত (ইয়াত আৰ্কাইভ কৰা) একেধৰণৰ ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে- “‘মোডী’ উপাধিৰ মন্তব্যত উচ্চতম ন্যায়ালয়ে দোষী সাব্যস্ত হোৱাৰ পিছত উদযাপনৰ মাজতে #এআইচিচিৰ মুখ্য কাৰ্যালয়ত উপস্থিত কংগ্ৰেছ নেতা #ৰাহুলগান্ধী।”

গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ

গান্ধীয়ে ২০১৯ চনত কৰ্ণাটকত গান্ধীয়ে কৰা এটা মন্তব্যক লৈ মানহানিৰ গোচৰ ৰুজু হৈছিল- "নিৰৱ মোডী, ললিত মোডী, কেনেকৈ সকলো চোৰৰ উপাধি একে, মোডী?" বিজেপিৰ বিধায়ক প্ৰুনেশ মোডীয়ে গান্ধীয়ে মোডী সম্প্ৰদায়ক অপমান কৰা বুলি দাবী কৰি গোচৰ তৰে।

২০২৩ চনৰ মাৰ্চ মাহত গুজৰাটৰ চুৰাটৰ বিচাৰ আদালতে গান্ধীক তেওঁৰ মন্তব্যৰ বাবে দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহে। জামিন লাভ কৰাৰ সময়তে দোষী সাব্যস্ত হোৱাৰ বাবে তেওঁৰ সংসদীয় আসন বাতিল কৰা হয়। ৰিপ’ৰ্ট অনুসৰি চুৰাট অধিবেশন আদালত আৰু পৰৱৰ্তী সময়ত গুজৰাট উচ্চ ন্যায়ালয়ত তেওঁৰ আবেদন নাকচ হোৱাৰ বাবে তেওঁৰ আসন বাতিল হয়।

ইয়াৰ পিছতে গান্ধীয়ে মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনায়। ২০২৩ চনৰ ৪ আগষ্টত উচ্চতম ন্যায়ালয়ে মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাটো স্থগিত ৰখাৰ নিৰ্দেশ দি ২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিয়াৰ লগতে ভাৰতীয় সংসদত সংসদ সদস্য হিচাপে পুনৰ নিযুক্তি দিয়ে।

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছৰ সদস্যসকলে দিল্লী, ৱায়ানাদ (গান্ধীৰ সমষ্টি), বেংগালুৰুকে ধৰি কেইবাখনো চহৰত উদযাপন কৰে।

সিদ্ধান্ত

উচ্চতম ন্যায়ালয়ে মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত হোৱাটো স্থগিত ৰখাৰ পিছত ৰাহুল গান্ধীক আদৰণি জনোৱাৰ ২০২৩ চনৰ এটা ভিডিঅ’ প্ৰচাৰিত হৈছে আৰু ইয়াত কংগ্ৰেছে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফল উদযাপন কৰা দেখা গৈছে বুলি ভুলকৈ দাবী কৰা হৈছে।

(অনুবাদ: অনুৰাগ বৰুৱা)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।