মূল পশ্চিমবংগৰ পুৰণি ভিডিঅ' হাৰিয়ানাৰ নুহত সংঘটিত হিংসাৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

পশ্চিমবংগৰ পুৰণি ভিডিঅ' হাৰিয়ানাৰ নুহত সংঘটিত হিংসাৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

লেখক: ৰাহুল অধিকাৰী

আগষ্ট 29 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পশ্চিমবংগৰ পুৰণি ভিডিঅ' হাৰিয়ানাৰ নুহত সংঘটিত হিংসাৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

ফেক্ট চেক

মিছা

এইটো পশ্চিমবংগৰ মুৰ্শিদাবাদৰ ভিডিঅ'। হাৰিয়ানাৰ নুহত সংঘটিত সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

পৃষ্ঠভূমি

যোৱা ৩১ জুলাইত হাৰিয়ানাৰ বিভিন্ন স্থানত ধৰ্মীয় শোভাযাত্ৰাৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত ৬জনকৈ লোকৰ মৃত্যু হোৱাৰ পিছত ছ’চিয়েল মিডিয়াত বিভিন্ন ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰিছে। উক্ত ফটো, ভিডিঅ’ বিলাক শ্বেয়াৰ কৰি একাংশই সেইসমূহ হাৰিয়ানাৰ হিংসাত্মক পৰিস্থিতিৰ দৃশ্য বুলি দাবী কৰা দেখা গৈছে। এক্স (X) (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা তেনে এটা ভিডিঅ’ত এদল কিশোৰক অস্ত্ৰ-শস্ত্ৰ আৰু সেউজীয়া ধৰ্মীয় পতাকা লৈ শোভাযাত্ৰা কৰা দেখা গৈছে । এই ভিডিঅ’টোক হাৰিয়ানাৰ সাম্প্ৰদায়িক উত্তেজনাৰ সৈতে সংযুক্ত কৰা হৈছিল। এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি কেপচনত এইদৰে লিখিছে- "#গুৰুগ্ৰামহিংসা শান্তিপূৰ্ণ ধৰ্ম।" পোষ্টটোৱে ১০ হাজাৰতকৈ অধিক ভিউ লাভ কৰিছে । ছ’চিয়েল মিডিয়াত এনেধৰণৰ কেপচন আৰু দাবীৰে বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছিল।

ভিডিঅ'টো এক্স (X)-ত ভাইৰেল। (উৎস:X/@BasanagoudaFan,@RJ_jeetu)

অৱশ্যে, এই দাবীটো মিছা। পশ্চিমবংগত মহৰমৰ সময়ত উলিওৱা এটা শোভাযাত্ৰাৰ ভিডিঅ'ক নুহত সংঘটিত সংঘৰ্ষৰ সৈতে মিছাকৈ সংযুক্ত কৰা হৈছে । 

প্ৰকৃত তথ্য

আমি ভাইৰেল ভিডিঅ’টো ভালদৰে চাওঁ আৰু পিছফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পোষ্টাৰসহ এটা সেউজীয়া, গ্ল’ব আকৃতিৰ মূৰ্তি দেখা পাওঁ। 

(উৎস:X/@BasanagoudaFan/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

গ্ল’ব আকৃতিৰ এই মূৰ্তিটো হৈছে পশ্চিমবংগ চৰকাৰে ৰাজ্যখনৰ সংস্কৃতি, কলা, শিল্প, আৰু ঐতিহ্যক প্ৰসাৰ ঘটোৱাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ - ‘বিশ্ব বাংলা’ৰ প্ৰতীক। 

(উৎস:উইকিমেডিয়া কমনছ/গুগল মেপছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ভিডিঅ'টোত থকা গ্ল’বৰ মূৰ্তি আৰু মমতা বেনাৰ্জীৰ পোষ্টাৰৰ পৰা ভিডিঅ'টো যে পশ্চিমবংগৰ হয় সেয়া বুজা যায়।

অধিক অনুসন্ধানৰ পিছত উক্ত ভিডিঅ’টো প্ৰথমে শ্বেইখ অপতাজ ভাৰতীয় নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল আৰু ঘটনাটো পশ্চিমবংগৰ মুৰ্শিদাবাদৰ বুলি উল্লেখ কৰিছিল। অৱশ্য, পিছত তেওঁ ভিডিঅ’টো ফেচবুকৰ পৰা আঁতৰাই দিয়ে যদিও লজিকেলী ফেক্টছক ভিডিঅ’টো তেওঁৱেই কেমেৰাত বন্দী কৰিছিল বুলি নিশ্চিত কৰে। ইয়াৰ উপৰিও নুহত সংঘটিত সংঘৰ্ষক কেন্দ্ৰ কৰি একেতা ভিডিঅ’ শ্বেয়াৰ হৈ থকা বুলিও তেওঁ লগতে কয় ।

মুৰ্শিদাবাদৰ ধুলিয়ানৰ স্থানীয় বাসিন্দা ছাইফ আহমেদেও ভিডিঅ’টো সেই অঞ্চলৰে বুলি নিশ্চিত কৰাৰ লগতে ইয়াত মহৰমৰ ৰেলী দেখা গৈছে বুলি কয়। তেওঁ আমাক ভিডিঅ’টোত দেখা দৃশ্য বিধান চন্দ্ৰ পথত থকা চি জে পেটেল ম’ৰ পথৰ বুলি জনাই আৰু ঠাইখিনিৰ জিঅ’-ল’কেটিং কৰাত আমাক সহায় কৰে। ভাইৰেল ভিডিঅ’টোক গুগল ষ্ট্ৰীট ভিউৰ সৈতে তুলনা কৰাৰ পিছত আমি দুয়োটা ভিডিঅ’তে থকা বিশ্ব বাংলা গ্ল’ব আৰু মমতা বেনাৰ্জীৰ পোষ্টাৰ দেখিবলৈ পাওঁ।

(উৎস:X/@BasanagoudaFan/গুগল মেপছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

"মই ২৯ জুলাইত ধুলিয়ানৰ মূল পথেৰে মহৰমৰ ৰেলী পাৰ হৈ যোৱাৰ সময়ত ভিডিঅ'টো কেমেৰাত ৰেকৰ্ড কৰিছিলো। ভিডিঅ'টো এলাহাবাদ বেংকৰ সমীপত নিশা প্ৰায় ২:০০-২:৩০ বজাত লোৱা হৈছিল। এই ৰেলীসমূহ প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে। মই ২৯ জুলাইত ভিডিঅ'টো আপলোড কৰিছিলো আৰু পিছত ইয়াক ডিলিট কৰি দিলোঁ। এই দাবীসমূহ ভিত্তিহীন, ভিডিঅ’টো হাৰিয়ানাৰ নহয়," অপতাজে কয়।

তেওঁ আপলোড কৰা ভিডিঅ’টোৰ এটা স্ক্ৰীণশ্বটও আমালৈ প্ৰেৰণ কৰে।

ভিডিঅ' পোনপ্ৰথমতে শ্বেয়াৰ কৰা আৰু বৰ্তমান ডিলিট কৰি দিয়া ফে'চবুক পোষ্টটো।

সিদ্ধান্ত

পশ্চিমবংগৰ মুৰ্শিদাবাদত মহৰমৰ শোভাযাত্ৰাৰ এটা ভিডিঅ' হাৰিয়ানাৰ নুহত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে মিছাকৈ সংযুক্ত কৰা হৈছে। ভাইৰেল ভিডিঅ'টোত মহৰমৰ এটা শোভাযাত্ৰা দেখা গৈছে আৰু ইয়াত কোনোধৰণৰ সাম্প্ৰদায়িক দিশ জড়িত নাই। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

 

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।