মূল ম্যানমাৰৰ পৰা মণিপুৰলৈ অনুপ্ৰৱেশৰ বুলি মধ্য প্ৰাচ্যৰ পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

ম্যানমাৰৰ পৰা মণিপুৰলৈ অনুপ্ৰৱেশৰ বুলি মধ্য প্ৰাচ্যৰ পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: বিবেক জে

ছেপ্তেম্বৰ 19 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ম্যানমাৰৰ পৰা মণিপুৰলৈ অনুপ্ৰৱেশৰ বুলি মধ্য প্ৰাচ্যৰ পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীৰ ভিডিঅ’ বুলি দাবী কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট)

ফেক্ট চেক

মিছা

এইটো মধ্য প্ৰাচ্যৰ ভিডিঅ’। ম্য়ানমাৰৰ পৰা অহা লোকে মণিপুৰত অনুপ্ৰৱেশ কৰাৰ সৈতে ভাইৰেল ভিডিঅ’টোৰ কোনো সম্পৰ্ক নাই।

পৃষ্ঠভূমি

যোৱা মে’ মাহৰ পৰা মণিপুৰত মেইটেই আৰু কুকিসকলৰ মাজত অব্যাহত হিংসাত্মক গোষ্ঠী সংঘৰ্ষত দুই শতাধিকতকৈ অধিক লোকে প্ৰাণ হেৰোৱাৰ লগতে হাজাৰ হাজাৰ লোকে ঘৰ এৰি যাবলৈ বাধ্য হৈছে। ইয়াৰ মাজতে ফেচবুক, ইউটিউব আৰু এক্স (X) (পূৰ্বৰ টুইটাৰ)ত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে, য'ত ম্যানমাৰৰ প্ৰব্ৰজনকাৰীয়ে অবৈধভাৱে মণিপুৰত প্ৰৱেশ কৰা দেখা গৈছে বুলি দাবী কৰা হৈছে । 

এক্স (X)ত শ্বেয়াৰ কৰা এনে এটা পোষ্টত হিন্দীত এইদৰে লিখা আছে - "ম্যানমাৰৰ পৰা মণিপুৰলৈ এটা গোপন পথ বনাইছে, এই লোকসকলে কেনেকৈ নিজৰ জীৱন বিপদত পেলাই প্ৰাণ ৰক্ষা কৰিবলৈ ভাৰতলৈ আহে.... (sic)।" উক্ত কেপচনটোৰ দ্বাৰা প্ৰব্ৰজনকাৰীসকলে হিংসাগ্ৰস্ত মণিপুৰত গোপন পথেৰে প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছে বুলি বুজোৱা হৈছে। পোষ্টটোৰ এটা আৰ্কাইভড ভাৰ্ছন ইয়াত চাব পাৰে।

(উৎস:X/স্ক্ৰীণশ্বট) 

অৱশ্যে, এইটো ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীৰ ভিডিঅ' নহয়, আৰু ভাৰত-ম্য়ানমাৰ সীমান্তৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

প্ৰকৃত তথ্য়

আমি ভিডিঅ'টোৰ কীফ্ৰেমসমূহৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁ আৰু ২০২৩ চনৰ ৯ এপ্ৰিলত আপলোড কৰা এটা ইনষ্টাগ্ৰাম পোষ্ট লাভ কৰোঁ। এই পোষ্টটোত একেখিনি ক্লিপ আছিল, আৰু ফাৰ্চী ভাষাত থকা ইয়াৰ কেপচনত এইদৰে লিখা আছিল, "চিৰ গৰ্বিত আৰু দৃঢ় বখতিয়াৰী লোকসকলৰ কষ্টৰ বাবে তেওঁলোকলৈ শুভেচ্ছা। জাৰ্ডকোহ (Zardkoh) আৰু জাগ্ৰোছ (Zagros)ৰ দৰে এক শক্তিশালী নাম থকাটো মোৰ আৰু মোৰ লোকসকলৰ বাবে সন্মানৰ বিষয়।" উল্লেখযোগ্য় যে বখতিয়াৰীসকল ইৰাণৰ এক অঘৰী জনগোষ্ঠী।

ইনষ্টাগ্ৰাম পোষ্টটোৰ ওপৰত ভিত্তি কৰি আমি কীৱৰ্ড চাৰ্চ কৰোঁ আৰু ইৰাণৰ পৰ্বতমালাত অঘৰী জীৱন-যাপন কৰা দেখুওৱা একাধিক ইউটিউব ভিডিঅ' লাভ কৰোঁ। "ডেনা" (DENA) নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা এনে এটা ভিডিঅ'ত থকা দৃশ্যসমূহ ভাইৰেল ভিডিঅ'টোৰ দৰে একেই। ভাইৰেল ভিডিঅ'টো ফ্লিপ কৰা হৈছে আৰু উক্ত ইউটিউব চেনেলটোৰ উচ্চমানৰ ভিডিঅ'টোৰ মিৰ’ৰ ফুটেজৰ সৈতে ইয়াৰ মিল আছে।

ভাইৰেল ভিডিঅ' (বাওঁফালে)আৰু ডেনা ইউটিউব চেনেলত (সোঁফালে) আপলোড কৰা ভিডিঅ'টোৰ স্ক্ৰীনশ্বটৰ তুলনা (উৎস:X/ডেনা  ইউটিউব/স্ক্ৰীণশ্বট) 

একেদৰে, আমি ২০২৩ চনৰ ১ এপ্ৰিলত "য়াৰান" নামৰ এটা ফেচবুক পে’জত আপলোড কৰা আন এটা ভিডিঅ' লাভ কৰোঁ । কুৰ্দিছ ভাষাত থকা ইয়াৰ কেপচনত এইদৰে লিখা আছে- "এখন গাঁৱৰ কুৰ্দ বাসিন্দাসকলৰ কঠিন দৈনন্দিন জীৱন!" বখতিয়াৰী আৰু কুৰ্দ ইত্যাদি বিভিন্ন জনগোষ্ঠীয়ে ইৰাক আৰু তুৰস্কৰ কিছু অংশলৈকে বিস্তৃত ইৰাণৰ জাগ্ৰোছ আৰু টৰাছ পৰ্বতমালাৰ কাষত বাস কৰে।

ইয়াৰ দ্বাৰা এইটো স্পষ্ট হয় যে ভিডিঅ'টোত ভাৰতলৈ অহা ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীক দেখুওৱা নাই বৰঞ্চ ইয়াত ইৰাণত বাস কৰা একাংশ অঘৰী জনজাতিৰ লোককহে দেখুওৱা হৈছে। উল্লেখযোগ্য যে মণিপুৰত অব্যাহত হিংসাত্মক পৰিস্থিতিৰ মাজতে, ম্যানমাৰৰ পৰা ৰাজ্যখনলৈ শৰণাৰ্থীৰ প্ৰব্ৰজন সম্পৰ্কীয় একাধিক প্ৰতিবেদন প্ৰকাশ পাইছে। শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) অভিযোগ কৰা মতে অনুপ্ৰৱেশকাৰীসকলে মণিপুৰত অস্থিৰতাৰ সৃষ্টি কৰিছে। ‘দ্য ইকনমিক টাইমছ’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে "অবৈধ অনুপ্ৰৱেশকাৰী"ৰ বাবেই এই অস্থিৰতা সৃষ্টি হৈছে বুলি মন্তব্য কৰিছিল।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ'টোত ইৰাণত পৰ্বতৰ কাষত দুৰ্গম অঞ্চলত বাস কৰা জনজাতীয় লোকক দেখুওৱা হৈছে। ভিডিঅ'টোত ম্যানমাৰৰ পৰা মণিপুৰলৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰব্ৰজন দেখুওৱা হোৱা নাই। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো ।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।