মূল চিলিৰ পুৰণি ভিডিঅ’ 'ডেনিয়েল' ধুমুহায়ে লিবিয়াত কৰা ধ্বংসৰ দৃশ্য বুলি ভাইৰেল

চিলিৰ পুৰণি ভিডিঅ’ 'ডেনিয়েল' ধুমুহায়ে লিবিয়াত কৰা ধ্বংসৰ দৃশ্য বুলি ভাইৰেল

লেখক: উম্মে কুলচুম

ছেপ্তেম্বৰ 20 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চিলিৰ পুৰণি ভিডিঅ’ 'ডেনিয়েল' ধুমুহায়ে লিবিয়াত কৰা ধ্বংসৰ দৃশ্য বুলি ভাইৰেল লিবিয়াৰ বানপানীৰ বুলি চিলিৰ এটা পুৰণি ভিডিঅ’ মিছাকৈ শ্বেয়াৰ কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট)

ফেক্ট চেক

মিছা

ভাইৰেল ভিডিঅ’টোত ২০১৫ চনৰ মাৰ্চ মাহত চিলিত হোৱা বানপানী দেখা গৈছে আৰু শেহতীয়াকৈ লিবিয়াত হোৱা বানপানীৰ লগত কোনো সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

লিবিয়াৰ পূব উপকূলীয় চহৰ ডেৰ্নাত ভূমধ্যসাগৰীয় ধুমুহা ডেনিয়েলৰ পিছত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ১০ হাজাৰ লোক নিৰুদ্দেশ হৈছে। ইয়াৰ মাজতে বানপানীৰ ফলত হোৱা ধ্বংসলীলাৰ ভুল বৰ্ণনা কৰা ছবি আৰু ভিডিঅ’ অনলাইন যোগে ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ইয়াত লিবিয়াৰ চৰম বতৰৰ পৰিঘটনা আৰু ইয়াৰ পিছৰ পৰিণতি বন্দী কৰা হৈছে।

বানপানীয়ে বাহন-ঘৰ উটুৱাই নিয়াৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ক্লিপটোত ঘৰ, গাড়ী, গছ, ইত্যাদি পানী আৰু বোকায়ে উটুৱাই লৈ যোৱা দেখা গৈছে। এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাসকলে দাবী কৰিছে যে এইটো লিবিয়াৰ হয়। এটা টিকটক পোষ্টৰ কেপচনত লিখা আছিল, “বানপানীৰ ফলত লিবিয়াত এক বৃহৎ দুৰ্যোগ সংঘটিত হৈছে।” এই প্ৰতিবেদন লিখাৰ পৰত পোষ্টটোত ১৭ হাজাৰৰো অধিক ভিউ হৈছিল। একেটা ভিডিঅ’ X তো শ্বেয়াৰ কৰা হৈছে, য’ত ৩ হাজাৰতকৈ অধিক ভিউ আছে। তুৰ্কী ভাষাত লিখা পোষ্টটোৰ কেপচনৰ ইংৰাজীৰ পৰা কৰা অসমীয়া অনুবাদ এনেধৰণৰ- "লিবিয়াত বানপানীৰ দুৰ্যোগত ২০০০ লোকৰ মৃত্যু, ৭০০০ লোক নিৰুদ্দেশ।"

অনলাইন যোগে কৰা দাবীৰ স্ক্ৰীণশ্বট (উৎস: স্ক্ৰীণশ্বট/টিকটক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এই ভিডিঅ’টো শেহতীয়াকৈ লিবিয়াত হোৱা বানপানীৰ পূৰ্বৰ হয়।

আমি কি পাইছিলোঁ

ৰিভাৰ্ছ ইমেজ চাৰ্চ এটাই আমাক ভিডিঅ’ ক্লিপটোৰ এটা উচ্চমানৰ, আনক্ৰপ কৰা সংস্কৰণলৈ লৈ গ’ল, যিটো ২০১৫ চনৰ ৭ এপ্ৰিলত 'ভাইৰেলহগে' ইউটিউবত আপলোড কৰা দেখা গ’ল। ভিডিঅ’টোৰ শিৰোনামত লিখা আছে, “এভালেঞ্চ অৱ ৱাটাৰ এণ্ড মাড ইন দ্য আটাকামা ডেজাৰ্ট, চিলি,” আৰু বৰ্ণনাত কোৱা হৈছে যে ভিডিঅ’টো ২০১৫ চনৰ ২৭ মাৰ্চত সংঘটিত হোৱা দুৰ্যোগৰ হয়।দুয়োটা ভিডিঅ’তে আমি বাওঁফালৰ চুকত একেধৰণৰ বগা চাইনব’ৰ্ড দেখা পাওঁ। ইয়াৰ পৰা নিশ্চিত হৈছে যে এতিয়া শ্বেয়াৰ কৰা ভিডিঅ’টো ২০১৫ চনৰ আৰু ইয়াৰ লিবিয়াৰ বানপানীৰ লগত কোনো সম্পৰ্ক নাই।

ভাইৰেলহগৰ ভিডিঅ' আৰু ভাইৰেল ভিডিঅ'টোৰ তুলনা I (উৎস: ইউটিউব, এক্স/ স্ক্ৰীণশ্বট)

লজিকেলী ফেক্টছে ২০১৫ চনৰ এপ্ৰিল মাহৰ ভিডিঅ’ ৰিপ’ৰ্টত ইউৰো নিউজ আৰু এনবিচি নিউজে আপলোড কৰা একেধৰণৰ ভিডিঅ’ও পাইছিল। দুয়োটাৰে শিৰোনামত কোৱা হৈছে যে ভিডিঅ’টো ২০১৫ চনৰ মাৰ্চ মাহত চিলিত হোৱা মাৰাত্মক বানপানীৰ ফলত হোৱা ধ্বংসলীলাৰ হয়।

নাছাৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ মতে ২০১৫ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে উত্তৰ চিলিৰ এণ্টোফাগাষ্টা, আটাকামা আৰু ককিম্বো অঞ্চলত ক্ষন্তেকীয়া বানপানী আৰু বোকাপানীয়ে যথেষ্ট ক্ষতি কৰে। আটাকামা মৰুভূমি অঞ্চলত এশ বছৰৰো অধিক সময়ৰ ভিতৰত আটাইতকৈ বেছি আৰু ব্যাপক বৰষুণ হৈছিল। ৰিলিফ ৱেবৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এই ভয়াৱহ বানপানীয়ে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰে, ২৬ জন লোকৰ মৃত্যু হয় আৰু ১০১ জন নিৰুদ্দেশ হোৱাৰ লগতে বিশাল আন্তঃগাঁথনি ধ্বংস হয়।

সিদ্ধান্ত

২০১৫ চনৰ চিলিৰ বানপানীৰ ভিডিঅ’টো ষ্টৰ্ম ডেনিয়েলৰ ফলত লিবিয়াত হোৱা বানপানীৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।