ইৰাণৰ ৰাষ্ট্ৰপতিৰ পুৰণি ফুটেজ তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ আগমুহূৰ্তৰ ভিডিঅ’ হিচাপে প্ৰচাৰিত

লেখক: অংকিতা কুলকাৰ্ণী
মে’ 21 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইৰাণৰ ৰাষ্ট্ৰপতিৰ পুৰণি ফুটেজ তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ আগমুহূৰ্তৰ ভিডিঅ’ হিচাপে প্ৰচাৰিত

ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ আগমুহূৰ্তৰ ভিডিঅ’ হিচাপে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ সৈতে ভিডিঅ' দুটাৰ সম্পৰ্ক নাই। এটা জানুৱাৰীৰ ভিডিঅ' আৰু আনটো কমেও ২০২১ চনৰ পৰা ইণ্টাৰনেটত আছে।

ক্লেইম আইডি ab8a7347

কি দাবী কৰা হৈছে?

যোৱা ১৯ মে’ত ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পিছতে ছ'চিয়েল মিডিয়াত দুটা ভিডিঅ' (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) যথেষ্ট ভাইৰেল হৈ পৰিছে। এটাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰইছিক এখন বিমানৰ ভিতৰত বহি থকা আৰু আনটোত এখন গাড়ীত বহি থকা দেখা গৈছে। ভিডিঅ’ দুটা শ্বেয়াৰ কৰি ইয়াত তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ আগমুহূৰ্তৰ দৃশ্য দেখা গৈছে বুলি দাবী কৰা হৈছে।

উল্লেখযোগ্য যে ইৰাণ-আজাৰবাইজান সীমান্তৰ সমীপত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত ইব্ৰাহিম ৰইছি আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাবদোল্লাহিয়ানে ধৰি ছয়জন যাত্ৰী আৰু ক্ৰু নিহত হয়। ২০ মে’ৰ নিশা বিচাৰ অভিযানৰ অন্তত চপাৰখনৰ জ্বলি যোৱা ধ্বংসাৱশেষ উদ্ধাৰ হৈছিল। আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভৰ সৈতে তেওঁ আজাৰবাইজান সীমান্তৰ আৰাজ নদীত থকা গীজ-গালাছি জলবিদ্যুৎ প্ৰকল্প উদ্বোধন কৰিবলৈ আহিছিল।

ভাইৰেল ক্লিপসমূহ শ্বেয়াৰ কৰা কিছুমান পোষ্টত দাবী কৰা হৈছে যে ইয়াত ৰইছি থকা হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ “কিছু সময়ৰ আগৰ” দৃশ্য দেখুওৱা হৈছে।

ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে লজিকেলী ফেক্টছে ভাইৰেল ভিডিঅ’ দুটা পুৰণি আৰু এয়া ৰইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ‘‘কেই মিনিটমান আগৰ’’ দৃশ্য নহয়।

আমি কিদৰে সত্যটো বিচাৰি পালোঁ?

আমি ভিডিঅ’ দুটাৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে দুয়োটা ভিডিঅ’ যে ৰইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই সেই কথা নিশ্চিত হ’লো।

ভিডিঅ’ ১

এক্সত শ্বেয়াৰ কৰা ১:১৯ মিনিটৰ এটা ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে)ত দেখা গৈছে যে ৰইছিয়ে চপাৰৰ ভিতৰত বহি খিৰিকীৰে তললৈ চাই আছে। ভিডিঅ’টোত আমি তলত বৰফেৰে আবৃত পৰ্বতমালাও দেখা পাওঁ। ভিডিঅ’টো শ্বেয়াৰ কৰা পোষ্টৰ কেপচনত লিখা হৈছে, “ভিডিঅ’ ফুটেজত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰইছিৰ হেলিকপ্টাৰখনে পূব আজাৰবাইজান প্ৰদেশত কুঁৱলীৰ বাবে পাহাৰত কৰা কষ্টসাধ্য অৱতৰণৰ কিছু সময়ৰ পূৰ্বেৰ দৃশ্য দেখা গৈছে।” এই প্ৰতিবেদন লিখাৰ সময়ত ভিডিঅ’টোৱে ১,৩৪,৪০০ ভিউ লাভ কৰিছিল। আন একাধিক ব্যৱহাৰকাৰীয়েও একেধৰণৰ দাবীৰে ভিডিঅ'টো ব্যাপকভাৱে শ্বেয়াৰ কৰিছে, আৰু এনে দাবীৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব। 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

তদুপৰি একাংশ অসমীয়া সংবাদ মাধ্যমেও ভিডিঅ’টোৰ কিছু অংশ ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ পৰিৱেশন কৰা বাতৰিত ব্যৱহাৰ কৰিছে। এনে এটা প্ৰতিবেদনৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

ভিডিঅ’টো ক’ৰ হয়?

আমি দেখিলোঁ যে একেটা ভিডিঅ’ এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) ইৰাণৰ চৰকাৰী বাতৰি সংস্থা আইআৰএনএ (ইছলামিক ৰিপাব্লিক নিউজ এজেন্সী) য়ে ১৮ জানুৱাৰীত শ্বেয়াৰ কৰিছিল।পাৰ্চী ভাষাত লিখা কেপচনটোৰ মোটামুটি অনুবাদ হৈছে, “আজি পুৱা ফিৰৌজকোহ চহৰৰ নেমৰুড বান্ধলৈ বিমানেৰে ভ্ৰমণ ৰাষ্ট্ৰপতিৰ।" ৰইছিক ভাইৰেল ভিডিঅ’টোৰ দৰে একে সাজ-পোছাকত দেখা গৈছে। তদুপৰি ভাইৰেল ক্লিপটোৰ তলত বাওঁফালে আইআৰএনএৰ ল’গ’ দেখা পোৱা যায়। 

গুগলত চাৰ্চ কৰি আমি খাটাম আল-আনবিয়া কনষ্ট্ৰাকচন বে’চৰ জনসংযোগ কাৰ্যালয়ে প্ৰকাশ কৰা এটা প্ৰতিবেদন লাভ কৰোঁ য’ত উল্লেখ কৰা হৈছে যে ৰইছিয়ে ইয়াৰ পূৰ্বে চলিত বছৰৰ জানুৱাৰীত ফিৰৌজকোহ চহৰত শক্তি মন্ত্ৰী আৰু তেহৰাণৰ গৱৰ্ণৰৰ সৈতে নেমৰৌড জলাশয় বান্ধৰ ৰাষ্ট্ৰীয় প্ৰকল্পটো পৰিদৰ্শন কৰিছিল। আইএনএছ (ইৰাণিয়ান ষ্টুডেণ্টছ নিউজ এজেন্সি)-এ প্ৰকাশ কৰা বাতৰিত ৰইছিৰ বান্ধ পৰিদৰ্শন সম্পৰ্কে একেধৰণৰ সবিশেষ উল্লেখ কৰা হৈছিল

তদুপৰি, এ পি নিউজৰ এক প্ৰতিবেদন অনুসৰি, ইৰাণৰ চৰকাৰী টিভিয়ে শেহতীয়াকৈ ৰইছিৰ আজাৰবাইজান সীমান্ত ভ্ৰমণৰ ভিডিঅ’টো সম্প্ৰচাৰ কৰিছিল য’ত বৰফেৰে আবৃত কোনো অঞ্চল দেখা পোৱা নাছিল। বৰঞ্চ ৰইছিয়ে হাওনা হোৱা অঞ্চলটোৰ আকাশৰ পৰা লোৱা ফুটেজত সেউজীয়া অঞ্চল আৰু তাৰ মাজেৰে বৈ যোৱা এখন নদীহে দেখা গৈছিল। ইয়াৰ দ্বাৰা ভাইৰেল ক্লিপটো যে বেলেগ অঞ্চলত লোৱা হৈছিল আৰু বৰ বেছি শেহতীয়া নহয় সেয়া নিশ্চিত হোৱা যায়।

ভিডিঅ’ ২

একেধৰণৰ দাবীৰে ছয় ছেকেণ্ডৰ আন এটা ক্লিপ (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি ইয়াত হেলিকপ্টাৰ দুৰ্ঘটনাৰ পূৰ্বে ৰইছিৰ অন্তিম "পাঁচ মিনিট"ৰ দৃশ্য দেখা গৈছে বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত তেওঁক এখন গাড়ীৰ ভিতৰত বহি থকা দেখা যায়। এটা পোষ্টত ভিডিঅ'টো শ্বেয়াৰ কৰি কেপচনত লিখা হৈছিল, "হত্যাৰ পাঁচ মিনিট পূৰ্বে ইৰাণৰ ৰাষ্ট্ৰপতি।" ভিডিঅ’টোৱে ৪৯,৩০০ৰো অধিক ভিউ লাভ কৰিছে। এনেধৰণৰ আন পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

আনটো ভিডিঅ’ শ্বেয়াৰ কৰা এটা ভাইৰেল পোষ্ট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

এই ক্লিপটো কেতিয়া আৰু ক’ত শ্বুট কৰা হৈছিল?

আচল ভিডিঅ'টো 'boumehen1' নামৰ এটা একাউণ্টে ২০২১ চনৰ ৪ অক্টোবৰত ইনষ্টাগ্ৰামত (ইয়াত আৰ্কাইভ কৰা হৈছে) পোষ্ট কৰিছিল, য'ত লিখা আছিল, "ৰইছিয়ে কোহগিলুয়েহ আৰু বয়েৰ আহমদ গাঁও ভ্ৰমণৰ সময়ত তেওঁৰ গাড়ীচালকক উদ্দেশ্যী কৈছিল: মানুহৰ সৈতে কিয় এনেকুৱা কৰা? মই নিজে (ষ্টেৰিং) হুইলৰ পিছফালে বহিম (পাৰ্চিৰ পৰা অনুবাদ কৰা হৈছে)!’’ 

দোনিয়া-ই-একটেছাদে নামৰ ইৰাণৰ এখন দৈনিক কাকতে পোষ্ট কৰা একেটা ভিডিঅ’ আমি লাভ কৰোঁ। ইনষ্টাগ্ৰাম পোষ্টটোৰ দৰে একেটা কেপচন ব্যৱহাৰ কৰি ইয়াতো উক্ত ভিডিঅ’টো ২০২১ চনত ৰইছিয়ে ইৰাণৰ কোহগিলুয়েহ আৰু বয়েৰ আহমদ প্ৰদেশ ভ্ৰমণৰ সময়ত বন্দী কৰা হৈছিল বুলি কোৱা হৈছে। 

ইয়াৰ দ্বাৰা এইটো নিশ্চিত হোৱা যায় যে এইটো ৰইছিৰ মৃত্যুৰ কিছু সময়ৰ পূৰ্বে বন্দী কৰা ভিডিঅ’ ক্লিপ নহয়।

সিদ্ধান্ত

২০২১ চনৰ আৰু ২০২৪ চনৰ জানুৱাৰীৰ দুটা পুৰণি ভিডিঅ’ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ “কেইমিনিটমানৰ আগৰ” ভিডিঅ’ বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।