মূল মণিপুৰত অসম ৰাইফলছৰ জোৱানে পলায়ন কৰা দৃশ্য বন্দী হৈছে বুলি অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

মণিপুৰত অসম ৰাইফলছৰ জোৱানে পলায়ন কৰা দৃশ্য বন্দী হৈছে বুলি অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

লেখক: অনুৰাগ বৰুৱা

অক্টোবৰ 11 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মণিপুৰত অসম ৰাইফলছৰ জোৱানে পলায়ন কৰা দৃশ্য বন্দী হৈছে বুলি অসংলগ্ন ভিডিঅ’ প্ৰচাৰ মণিপুৰত আছাম ৰাইফলছৰ সৈন্যই পলায়ন কৰা ভিডিঅ’ দেখুওৱা বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভাইৰেল ভিডিঅ’টো কেনিয়াৰ নাইৰোবিৰ হয়, মণিপুৰৰ চুৰাচান্দপুৰৰ নহয়।

উত্তৰ-পূব ভাৰতৰ ৰাজ্য মণিপুৰত মাৰ্চ মাহৰ আৰম্ভণিতে মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত জাতিগত সংঘাতৰ সূচনা হোৱাৰ পাছৰে পৰা ৰাজ্যখন পাঁচ মাহতকৈ অধিক সময় ধৰি অস্থিৰ হৈ আছে। এই সংঘাতত ১৮০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, আৰু হাজাৰ হাজাৰ লোকে ঘৰ এৰি যাবলৈ বাধ্য হৈছে। দুয়োটা সম্প্ৰদায়ে ৰাজপথত যুঁজি থকাৰ সময়তে ছ’চিয়েল মিডিয়াও এক ৰণক্ষেত্ৰ হৈ পৰিছে, য’ত প্ৰায়ে ভুল/মিছা তথ্য প্ৰচাৰ হব ধৰিছে।

দাবী কি?

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত দাবী কৰা হৈছে যে ইয়াত মণিপুৰৰ চুৰাচান্দপুৰ জিলাত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ সৈন্যৰ এটি দল দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে লাঠি আৰু ঢাল লৈ ৰায়'ত গিয়েৰ পিন্ধি নিৰাপত্তাৰক্ষীয়ে আপাত দৃষ্টিত ভিৰৰ পৰা পলাব চেষ্টা কৰিছে। দেখা গৈছে যে তেওঁলোকে খৰখেদাকৈ প্ৰস্থান কৰিব লোৱা ট্ৰাক এখনত খামুচি ধৰিছে আৰু ভিৰটোৰ মাজৰ পৰা তেওঁলোকক লক্ষ্য কৰি কন্দুৱা গেছৰ খোলা যেন লগা এক বস্তু নিক্ষেপ কৰা হৈছে।

যোৱা ৭ ছেপ্টেম্বৰত ফেচবুকত ৰিল হিচাপে প্ৰকাশ কৰা এই ভিডিঅ'টোত '# ManipurBurning' হেচটেগ "AR in ccpur" বুলি কেপচন দিয়া হৈছিল। এই ফেচবুক ৰিলে এতিয়ালৈকে ১৩ হাজাৰৰো অধিক ভিউ লাভ কৰিছে। আমি এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰা একেটা ভিডিঅ’ পাইছিলোঁ, য’ত কিছু মেইটেই লোকে নিৰাপত্তা বাহিনীক আক্ৰমণ কৰা দেখা গৈছে বুলি দাবী কৰিছিল। এক্স কেপচনত লিখা আছিল, "নিৰাপত্তা বাহিনীয়ে মেইটেইৰ হিংসাৰ সন্মুখীন হৈছে। পলাই যোৱাৰ সময়ত মেইটেই লোকে নিৰাপত্তা বাহিনীক উদ্দেশ্য কন্দুৱা গেছ নিক্ষেপ কৰিছিল। দুখজনক পৰিস্থিতি।#GOI #INC #AmitShah"। আৰ্কাইভ কৰা সংস্কৰণসমূহ ইয়াত আৰু ইয়াত চাব পাৰিব। মণিপুৰত আটাইতকৈ দীৰ্ঘদিনৰ বাবে নিযুক্ত থকা  অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ বিৰুদ্ধে মেইটেইসকলে প্ৰায়ে অভিযোগ উত্থাপন কৰি আহিছে যে চলি থকা সংঘাতত তেওঁলোকে কুকিৰ পক্ষ লৈছে।

ভাইৰেল ভিডিঅ’টো মণিপুৰৰ বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, ভিডিঅ’টো মণিপুৰৰ নহয়।

সত্য কি?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেম ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত আমি কেইটামান এক্স পোষ্ট বিচাৰি পালোঁ, যি ভিডিঅ’টোৰ আমি বিচাৰি পোৱা আটাইতকৈ পুৰণি সংস্কৰণ হয়। উক্ত পোষ্ট বোৰত দাবী কৰা হৈছে যে ভাইৰেল ক্লিপটো কেনিয়াৰ হয়। কেনিয়াৰ ৰাজনীতিবিদ ক’ইজি ৱামৱেৰে ৯ জুলাইত ভিডিঅ’টো পোষ্ট কৰিছিল আৰু লিখিছিল, "মই পিকেটিংক যিমানেই সমৰ্থন নকৰো কিয়, সংবিধানে ৰাইলাৰ অনুগামীসকলে কৰা এই কামৰ অনুমতি প্ৰদান নকৰে । এইবোৰ আমাৰ ভাই-ভনী হয় যি এই ট্ৰাকখনত আশ্ৰয় ল’বলে গৈ আঘাত প্ৰাপ্ত হ'লহেতেন। 🥺 #Maandamano (অসমীয়ালৈ অনুবাদিত)"

কেনিয়াৰ এজন ব্লগাৰ চাইপ্ৰিয়ান নিয়াকুণ্ডিয়েও সেইদিনা এক্সত ভিডিঅ'টো পোষ্ট কৰিছিল আৰু কেপচন দিছিল: "কেনিয়াত কেতিয়াও এটা নিস্তেজ মুহূৰ্ত নাযায়। কন্দুৱা গেছৰ কেনিষ্টাৰ প্ৰেৰকলৈ ঘূৰি আহিল (অসমীয়ালৈ অনুবাদিত)।"

ইয়াৰ পৰা ইংগিত লৈ আমি ভিডিঅ’টো বিশ্লেষণ কৰিলোঁ যাতে কেনিয়াত সম্বন্ধে যিকোনো চিন বিচাৰি উলিয়াব পাৰো। আমি ৰাস্তাৰ বিপৰীত ফালে য’ত মানুহৰ ভিৰটো আৰু নিৰাপত্তা বাহিনী আছিল তাত তিনিটা ভিন্ন ঠাইত লিখা ‘MWARIO,’ ‘TIENGO AUTO PAINTS,’ আৰু ‘IMPORT AGENCIES’ শব্দবোৰ দেখা পাইছিলোঁ। আমি ওপৰৰ তথ্যসমূহৰ ব্যৱহাৰ কৰি সঠিক ঠাইখনৰ ভূ-অৱস্থান নিৰ্ণয় কৰিলোঁ আৰু উক্ত অঞ্চলটো গুগল মেপত কেনিয়াৰ নাইৰোবি কাউন্টিৰ নাইৰোবিৰ ৰিং ৰোড বুলি চিনাক্ত কৰিলোঁ।

তলৰ ছবিৰ তুলনাত ভাইৰেল ক্লিপটোত আৰু গুগল ষ্ট্ৰীট ভিউত একেটা অট্টালিকা আৰু খুঁটাবোৰ দেখা গৈছে।

ভাইৰেল ক্লিপ আৰু গুগল ষ্ট্ৰীট ভিউৰ ভিজুৱেলৰ মাজত তুলনা। (স্ক্ৰীণশ্বট/ফেচবুক/গুগল মেপ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি ভাইৰেল ক্লিপটোৰ লগতে গুগল মেপতো ৰাস্তাৰ বেৰত একেখিনি লিখাৰ স্থান নিৰ্ণয় কৰিলোঁ, তলত দেখুওৱাৰ দৰে।

একে লেখা ভাইৰেল ভিডিঅ’ আৰু গুগল ষ্ট্ৰীট ভিউত দেখা পোৱা যায়। (স্ক্ৰীণশ্বট/ফেচবুক/গুগল মেপ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ভিডিঅ’ আৰু গুগল ষ্ট্ৰীট ভিউৰ ভিজুৱেলৰ মাজত আন এক তুলনা। (স্ক্ৰীণশ্বট/ফেচবুক/গুগল মেপ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কেনিয়াৰ পৰিস্থিতি

২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা কেনিয়াত বস্তুৰ উচ্চ দাম আৰু কৰ বৃদ্ধিৰ বিৰুদ্ধে বিৰোধীয়ে আয়োজন কৰা, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাইলা অডিংগাৰ নেতৃত্বত চৰকাৰ বিৰোধী প্ৰতিবাদৰ ঢৌৰ দেখা গৈছে। ১৯ জুলাইত ৱাশ্বিংটন পোষ্টে প্ৰকাশ কৰা এক ৰিপৰ্ট অনুসৰি কেনিয়াত এমাহ পূৰ্বে ‘মৌলিক সামগ্ৰীৰ আকাশলংঘী মূল্য’ৰ তথা 'কৰ বৃদ্ধি’ৰ সৈতে জড়িত প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছৰে পৰা কমেও ২৭ জন লোকৰ মৃত্যু হৈছে। ৰাজধানী নাইৰোবিকে ধৰি কেইবাখনো চহৰত আৰক্ষীৰে মুখামুখি হোৱা প্ৰতিবাদকাৰীৰ ভিজুৱেল ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ভাইৰেল ভিডিঅ’টোত দেখা প্ৰতিবাদৰ ভিজুৱেল ২০২৩ চনৰ জুলাই মাহত নাইৰোবিত অনুষ্ঠিত হোৱা প্ৰতিবাদৰ হয় নে নাই সেয়া আমি স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব নোৱাৰিলোঁ যদিও ভিডিঅ’টো যে মণিপুৰৰ নহয় সেয়া একেবাৰে স্পষ্ট।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো মণিপুৰৰ নহয়, আছাম ৰাইফলছৰ সৈন্যও দেখা যোৱা নাই। জিঅ’লকেশ্যনে নিশ্চিত কৰিছে যে ভিডিঅ’টো কেনিয়াৰ নাইৰোবিৰ হয়। গতিকে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।