মূল ইকুৱেডৰৰ ভিডিঅ’ গুজৰাটত জলপ্ৰপাতৰ সোঁতে পৰ্যটকক উটুৱাই নিয়া বুলি শ্বেয়াৰ কৰা হৈছে

ইকুৱেডৰৰ ভিডিঅ’ গুজৰাটত জলপ্ৰপাতৰ সোঁতে পৰ্যটকক উটুৱাই নিয়া বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: প্ৰভানু দাস

জুলাই 12 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইকুৱেডৰৰ ভিডিঅ’ গুজৰাটত জলপ্ৰপাতৰ সোঁতে পৰ্যটকক উটুৱাই নিয়া বুলি শ্বেয়াৰ কৰা হৈছে গুজৰাটত জলপ্ৰপাতৰ সোঁতে এদল পৰ্যটকক উটুৱাই নিয়া বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত))

ফেক্ট চেক

মিছা

এই ভিডিঅ'টো ২০২৩ চনৰ অক্টোবৰৰ হয় আৰু ইয়াত ইকুৱেডৰৰ হোলিন নদীত সংঘটিত এটা দুৰ্ঘটনা দেখুওৱা হৈছে।

কি দাবী কৰা হৈছে?

গুজৰাটত এটা জলপ্ৰপাতত পানীৰ সোঁতে কেইগৰাকীমান পৰ্যটকক উটুৱাই নিয়া বুলি দাবী কৰি এক্স আৰু ফেচবুকত একাধিক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। পোষ্টসমূহৰ সৈতে শ্বেয়াৰ কৰা ভিডিঅ’টোত কেইগৰাকীমান পৰ্যটকক এটা জলপ্ৰপাতৰ পৰা আগুৱাই আহি থকাৰ সময়ত পানীৰ সোঁতে তেওঁলোকৰ দুজনমানক উটুৱাই নিয়া দেখা যায়। 

ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশ লোকে ইয়াক লোনাভালাৰ দুৰ্ঘটনাৰ সৈতে তুলনা কৰা হৈছে , য’ত লোনাভালাৰ ভূষী বান্ধৰ সমীপত এগৰাকী মহিলা আৰু চাৰিটা শিশুক বোৱঁতী পানীয়ে উটুৱাই নিছিল। তেওঁলোকে এই ভিডিঅ’টোত গুজৰাটত সংঘটিত এক একেধৰণৰ ঘটনা দেখা গৈছে বুলি দাবী কৰে। পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব৷ একেধৰণৰ দাবীৰে অসমীয়াতো ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰা হৈছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমাৰ অনুসন্ধানত ভিডিঅ’টো গুজৰাটৰ নহয় বুলি জানিব পৰা গৈছে, বৰঞ্চ এইটো ২০২৩ চনৰ ১৩ অক্টোবৰত ইকুৱেডৰৰ নাপো প্ৰদেশৰ হোলিন নদীত সংঘটিত এক দুৰ্যোগৰ ভিডিঅ’ হয়।

আমি কি বিচাৰি পালোঁ?

আমি মন কৰিলোঁ যে ভিডিঅ’টোত থকা লোকসকলে স্পেনিছ ভাষাত কথা পাতি আছিল।

ইয়াৰ উপৰি, ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২৩ চনৰ ২২ অক্টোবৰত নটিচিয়াছ ডেল নৰ্টে নামৰ পেৰুস্থিত এটা স্পেনিছ সংবাদ মাধ্যমে ফেচবুকত শ্বেয়াৰ কৰা ভিডিঅ'টোৰ এটা দীঘলীয়া সংস্কৰণ (ইয়াত আৰ্কাইভ কৰা হৈছে) স্পেনিছ ভাষাৰ পৰা অনুবাদ কৰা পোষ্টটোৰ কেপচনত লিখা হৈছে যে এই ঘটনাটো ইকুৱেডৰৰ নাপো প্ৰদেশৰ হোলিন নদীত সংঘটিত হৈছিল, নদীখনৰ সোঁতে এটা পৰিয়ালক উটুৱাই নিয়ে বুলি ইয়াত কোৱা হৈছে।

ভাইৰেল ভিডিঅ'টো আৰু ২০২৩ চনৰ অক্টোবৰ মাহত পোষ্ট কৰা ভিডিঅ'টোৰ একেটা ফ্ৰেমৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি ইকুৱেডৰত সংঘটিত হোৱা এই ঘটনাটোৰ সন্দৰ্ভত আন একাধিক প্ৰতিবেদন লাভ কৰোঁ। ২০২৩ চনৰ ১৯ ​​অক্টোবৰত য়াহু ইকুৱেডৰ, ইকুৱেডৰৰ এটা প্ৰধান টেলিভিছন নেটৱৰ্ক টেলিমাজোনাছ আৰু ২০২৩ চনৰ ১৭ অক্টোবৰত ইকুৱেডৰৰ সংবাদ ৱেবছাইট কুৱেনোটিচিয়াছ-ত প্ৰকাশিত বাতৰিত এই ঘটনাৰ ভিডিঅ’ আৰু ফটো আছিল। খবৰ অনুসৰি ২০২৩ চনৰ ১৩ অক্টোবৰত এই কাণ্ড সংঘটিত হৈছিল, আৰু ২০২৩ চনৰ ১৭ অক্টোবৰত ছ’চিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হৈ পৰে। প্ৰতিবেদনসমূহত উল্লেখ কৰা মতে স্থানীয় কৰ্তৃপক্ষই আটাইকেইগৰাকী  পৰ্যটককে উদ্ধাৰ কৰে আৰু কোনো লোকৰ মৃত্যু হোৱা নাছিল।

আমিও গুগল আৰ্থত ভিডিঅ’টোত দেখা ইকুৱেডৰৰ হোলিন নদীৰ নিৰ্দিষ্ট ঠাইখিনি জিঅ’ল’কেট কৰিবলৈ সক্ষম হওঁ। গুগল ষ্ট্ৰীট ভিউৰ ছবিবোৰত জলপ্ৰপাতটোৰ আকাৰ আৰু পৰিসৰ, চাৰিওফালে থকা শিলৰ গঠন আৰু সেউজীয়া গছ-গছনি মূল ভিডিঅ'টোৰ সৈতে একে। তদুপৰি গুগল আৰ্থত দেখা পোৱা জলপ্ৰপাতটোৰ কাষৰ চিৰিসমূহ ভাইৰেল ভিডিঅ’টোত দেখা দৃশ্যৰ সৈতে মিলে। 

ইকুৱেডৰৰ নাপো প্ৰদেশৰ হোলিন নদীৰ জিঅ'লকেচনৰ স্ক্ৰীণশ্বট। (উৎস: গুগল আৰ্থ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

সিদ্ধান্ত

এই দাবীটো মিছা কাৰণ ভিডিঅ’টোত দেখা ঘটনাটো গুজৰাট বা ভাৰতৰ কোনো কোনো স্থানত সংঘটিত হোৱা নাছিল। ২০২৩ চনৰ ১৩ অক্টোবৰৰ এই ঘটনাটো ইকুৱেডৰত সংঘটিত হৈছিল।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।