মূল এই ছবিখনত মণিপুৰ ভাইৰেল ভিডিঅ’ গোচৰত কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদ দেখা যোৱা নাই

এই ছবিখনত মণিপুৰ ভাইৰেল ভিডিঅ’ গোচৰত কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদ দেখা যোৱা নাই

লেখক: উম্মে কুলচুম

আগষ্ট 14 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এই ছবিখনত মণিপুৰ ভাইৰেল ভিডিঅ’ গোচৰত কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদ দেখা যোৱা নাই

ফেক্ট চেক

ৰায়দান মিছা

এই ফটোখন মণিপুৰত ড্ৰাগছ সেৱন আৰু আফিং খেতিৰ বিৰুদ্ধে অনুষ্ঠিত এক সমাৱেশৰ সময়ত কেমেৰাত বন্দী কৰা হৈছিল।

পৃষ্ঠভূমি

বিগত জুলাই মাহত ইন্টাৰনেটত মণিপুৰত দুগৰাকী কুকি-জো মহিলাক মেইটেই সম্প্ৰদায়ৰ একাংশ ব্যক্তিয়ে উলংগ কৰি পেৰেড কৰাই যৌন নিৰ্যাতন চলোৱাৰ এক ভিডিঅ’ৰ আবিৰ্ভাৱ হোৱাৰ পাছত সমগ্ৰ বিশ্ব জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। ভিডিঅ’টো অনলাইনত ভাইৰেল হোৱাৰ এদিন পিছত, ২০ জুলাইত, মণিপুৰ আৰক্ষীয়ে এই গোচৰৰ প্ৰথমটো গ্ৰেপ্তাৰ কৰে। যোৱা ৪ মে’ত সংঘটিত এই ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

মে’ মাহৰ আৰম্ভণিতে কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত জাতিগত সংঘৰ্ষৰ কেইবামাহ পাছতো উৰা বাতৰি আৰু অসত্য় তথ্যই ৰাজ্যখনত উত্তেজনা সৃষ্টিত ইন্ধন যোগাই আছে।

মণিপুৰ ভাইৰেল ভিডিঅ’ গোচৰত কৰা গ্ৰেপ্তাৰৰ বিৰুদ্ধে মেইটেই সকলৰ প্ৰতিবাদ দেখুওৱা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত বিক্ষোভৰ এখন ছবি শ্বেয়াৰ কৰা হৈছে।

টুইটাৰত (বৰ্তমান এক্স বুলি কোৱা হয়) শ্বেয়াৰ কৰা ছবিখনত হাজাৰ হাজাৰ লোকে ৰেলীত অংশগ্ৰহণ কৰা দেখা গৈছে, সন্মুখৰ কিছুমানে হাতত এখন ডাঙৰ বেনাৰ লৈ আছে। ফটোখন শ্বেয়াৰ কৰি এজন এক্স ইউজাৰে লিখিছে, "কুকি মহিলাসকলক ৰাজহুৱাভাৱে পেৰেড, নিৰ্যাতন আৰু যৌন নিৰ্যাতন চলোৱাসকলক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে সংখ্যাগৰিষ্ঠ মেইটেই গোটৰ দ্বাৰা মণিপুৰত প্ৰতিবাদী সমাৱেশ। এই লোকসকলৰ উক্ত অমানৱীয়, অনৈতিক ৰেলীত অংশগ্ৰহণ কৰিবলৈ মানৱীয়তা আৰু বিবেক নাইনে? বুদ্ধৰ দেশখনে চকুলো টুকিলে।" প্ৰকাশৰ সময়ত এই পোষ্টটোৱে ১ লাখ ৪১ হাজাৰতকৈ অধিক দৰ্শন আৰু ১৮০টাতকৈ অধিক ৰিটুইট লাভ কৰিছিল।

অৱশ্যে, এই ছবিখন মণিপুৰ ভাইৰেল ভিডিঅ’ কাণ্ডৰ সৈতে সম্পৰ্কিত নহয় ।

প্ৰকৃত তথ্য

ছবিখনত দেখা বেনাৰখনত লিখা আছে, "চিন-কুকি নাৰ্কো-টেৰৰিজমৰ বিৰুদ্ধে গণ সমাৱেশ – ক’ক’মিৰ (COCOMI) দ্বাৰা।" ভাইৰেল ভিডিঅ’ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ কোনো উল্লেখ নাই।

আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি মণিপুৰস্থিত আঞ্চলিক সংবাদ প্ৰতিষ্ঠান ইম্ফল টাইমছৰ ভাইৰেল ইমেজৰ সৈতে এটা প্ৰতিবেদন পালোঁ । ২৯ জুলাইত প্ৰকাশিত প্ৰতিবেদনখনৰ শিৰোনামত লিখা আছিল, "ক’ক’মি (COCOMI)ৰ ৰেলীয়ে চিন কুকি নাৰ্কো-সন্ত্ৰাসবাদীৰ বিৰোধী স্থিতিক সুদৃঢ় কৰিছে; ৫ আগষ্টৰ পূৰ্বে ৰাজ্যিক বিধানসভাত মণিপুৰৰ সুৰক্ষাৰ বাবে সিদ্ধান্ত ল'ব নোৱাৰিলে তাৰ পৰিণাম গুৰুতৰ হ’ব বুলি বিধায়ক আৰু মন্ত্ৰীসকলক সতৰ্ক কৰি দিয়ে।"

প্ৰতিবেদন অনুসৰি, ভাইৰেল ছবিখন মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতি (COCOMI-Coordinating Committee on Manipur Integrity)য়ে ‘‘চিন-কুকি নাৰ্কো-টেৰৰিজম” বিৰুদ্ধে আয়োজন কৰা এক বৃহৎ সমাৱেশৰ হয় । 

ডেক্কান হেৰাল্ডৰ এক প্ৰতিবেদনত কোৱা হৈছে যে মেইটেই সকলে দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন কৰি আহিছে যে “অবৈধ কুকি চিন প্ৰব্ৰজনকাৰী” আৰু “চুবুৰীয়া ম্যানমাৰৰ পৰা অহা অস্ত্ৰধাৰী উগ্ৰপন্থী” মণিপুৰৰ কুকি প্ৰধান পাহাৰত আফিং খেতিৰ সৈতে জড়িত ।

২৯ জুলাইত ডেকান হেৰাল্ডৰ আন এক প্ৰতিবেদন আৰু উইয়ন নিউজৰ এটা প্ৰবন্ধতো এই ভাইৰেল ছবিখন প্ৰকাশ হৈছিল। খবৰ অনুসৰি বিভিন্ন সম্প্ৰদায়ৰ প্ৰায় ২ লাখ লোকে আৰু বিভিন্ন সংগঠনৰ নেতাই এই সমাৱেশত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বৰ্তমানৰ সংঘাতৰ অন্ত পেলোৱা আৰু “বিদেশী চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদী”ক “নিঃশেষ” কৰাৰ আহ্বান জনায়। তেওঁলোকে কুকিৰ সুকীয়া চৰকাৰৰ দাবীও নাকচ কৰি বিতৰ্কিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বা এন আৰ চি কাৰ্যকৰী কৰাত জোৰ দিয়ে বুলি দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে ।

২৯ জুলাইত ইম্ফলস্থিত নিউজ চেনেল টম টিভিয়েও এই বৃহৎ বিক্ষোভৰ বাতৰি পৰিৱেশন কৰি নিজৰ অফিচিয়েল ইউটিউব চেনেলত এটা ভিডিঅ’ পোষ্ট কৰে। "চিন-কুকি নাৰ্কো-টেৰৰিজমৰ বিৰুদ্ধে গণ সমাবেশ" লিখা বেনাৰখন প্ৰথম ২৫ ছেকেণ্ডত টম টিভিৰ ভিডিঅ' ৰিপ'ৰ্টত দেখা পোৱা গৈছে। ভিডিঅ'টোৰ শিৰোনামত লিখা আছিল, "কুকি নাৰ্কো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কোকমিৰ গণ সমাৱেশ অনুষ্ঠিত।"

ফলাফল

মণিপুৰত কথিত আফিং খেতিৰ বিৰুদ্ধে হোৱা বিক্ষোভৰ প্ৰতিচ্ছবি ব্যৱহাৰ কৰি ৪ মে’ত দুগৰাকী কুকি-জো মহিলাক যৌন নিৰ্যাতন সংঘটিত কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদত বৃহৎ সংখ্যক মেইটেই একত্ৰিত হোৱা বুলি দাবী কৰা হৈছে । সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো ।

(অনুবাদ: অনুৰাগ বৰুৱা)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।