মূল বৃটেইনৰ ছাউথপ’ৰ্টত সংঘটিত আক্ৰমণ অবৈধ অনুপ্ৰৱেশকাৰীয়ে কৰা বুলি মিছা দাবী প্ৰচাৰ

বৃটেইনৰ ছাউথপ’ৰ্টত সংঘটিত আক্ৰমণ অবৈধ অনুপ্ৰৱেশকাৰীয়ে কৰা বুলি মিছা দাবী প্ৰচাৰ

লেখক: এৰন উইলিয়ামছ

আগষ্ট 2 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বৃটেইনৰ ছাউথপ’ৰ্টত সংঘটিত আক্ৰমণ অবৈধ অনুপ্ৰৱেশকাৰীয়ে কৰা বুলি মিছা দাবী প্ৰচাৰ ভাইৰেল দাবীটো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তীত)

ফেক্ট চেক

মিছা

অভিযুক্ত যুৱকজন অবৈধ অনুপ্ৰৱেশকাৰী নহয়। ৱেলছৰ কাৰ্ডিফত তেওঁৰ জন্ম হৈছিল বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

কি দাবী কৰা হৈছে।

২০২৪ চনৰ ২৯ জুলাইত ব্ৰিটেইনৰ মাৰ্চিছাইডৰ ছাউথপ’ৰ্টত ছয়ৰ পৰা দহ বছৰ বয়সৰ শিশুৰ এক নৃত্য আৰু যোগাসনৰ ক্লাছত ছুৰী জাতীয় চোকা অস্ত্ৰৰে আক্ৰমণৰ ঘটনা সংঘটিত হয়। এই প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে উক্ত ঘটনাত তিনিগৰাকী কণমানি ছোৱালীৰ মৃত্যু হোৱাৰ লগতে আন আঠগৰাকী আহত হয়, ইয়াৰে একাংশৰ অৱস্থা সংকটজনক। আক্ৰণত দুজন প্ৰাপ্তবয়স্ক লোকো আহত হয়।

এই আক্ৰমণৰ পিছতে আৰক্ষীয়ে লেংকশ্বায়াৰৰ বেংকছৰ এজন ১৭ বছৰীয়া যুৱকক হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে। তেওঁ এতিয়া আৰক্ষীৰ জিম্মাত আছে।

ইয়াৰ পিছতে ছ'চিয়েল মিডিয়া যেনে এক্স আৰু টিকটকত একাধিক ব্যৱহাৰকাৰীয়ে এইবুলি দাবী কৰা আৰম্ভ কৰে যে আক্ৰমণকাৰীজন এজন "অবৈধ অনুপ্ৰৱেশকাৰী"। আন একাংশই আক্ৰমণকাৰীজনক "শৰণাৰ্থী" বুলি দাবী কৰিছে। তদুপৰি একাধিক ভাইৰেল পোষ্টত আক্ৰমণকাৰীৰ নাম "আলী আল শাকতি" বুলি উল্লেখ কৰা হৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। অসমীয়াতো ফেচবুকত আক্ৰমণকাৰীজনক ‘‘মুছলমান শৰণাৰ্থী’’ বুলি দাবী কৰা পোষ্ট আমি দেখিবলৈ পাওঁ।

এই ঘটনাৰ প্ৰতিবাদত ৩০ জুলাইত ছাউথপ’ৰ্টৰ এটা সাংস্কৃতিক কেন্দ্ৰৰ বাহিৰত শ শ মানুহ গোট খাই ফুল পাতি, চাকি জ্বলাই, এক মিনিট সময় মৌনতা অৱলম্বন কৰে। 

ইয়াৰ পিছতে আক্ৰমণকাৰীজনক অনুপ্ৰৱেশকাৰী আৰু মুছলমান সম্প্ৰদায়ৰ বুলি উৰাবাতৰি তথা অসত্য তথ্য প্ৰচাৰ হ’বলৈ ধৰে আৰু ‘ইংলিছ ডিফেন্স লীগ’ নামৰ এটা উগ্ৰ সোঁপন্থী সংগঠনৰ সদস্য থকা গোটে ছাউথপ’ৰ্টত উপস্থিত হৈ আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

অৱশ্যে অভিযুক্ত লোকজন কোনো অবৈধ অনুপ্ৰৱেশকাৰী নহয়, আৰু এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ সময়লৈকে তেওঁলোকৰ ধৰ্ম সম্বন্ধে কোনো তথ্য প্ৰকাশ পোৱা নাই।

প্ৰকৃত তথ্য

অভিযুক্ত লোকজন কোনো অবৈধ অনুপ্ৰৱেশকাৰী নহয় আৰু তেওঁ বৃটেইনত জন্মগ্ৰহণ কৰা বুলি মাৰ্চিছাইড আৰক্ষীয়ে এক বিবৃতিত নিশ্চিত কৰি কয় যে ৱেলছৰ কাৰ্ডিফত অভিযুক্ত লোকজনৰ জন্ম হৈছিল আৰু বৰ্তমান তেওঁ লেংকশ্বায়াৰৰ উত্তৰ দিশৰ বেংকছত বহবাস কৰে। গতিকে দাবী কৰা ধৰণে সন্দেহযুক্ত আক্ৰমণকাৰীজন কোনো অবৈধ অনুপ্ৰৱেশকাৰী নহয়, আৰু তেওঁ সৰু নাও বা ইংলিছ চেনেলৰ জৰিয়তে বৃটেইনত প্ৰৱেশ কৰা নাছিল।

প্ৰথম অৱস্থাত আইনী কাৰণত , সন্দেহযুক্ত আক্ৰমণকাৰী লোকজনৰ নাম প্ৰকাশ কৰা হোৱা নাছিল যদিও পিছত ন্যায়াধীশ এণ্ড্ৰু মেনাৰী কে চিয়ে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি ১ আগষ্টত অভিযুক্তৰ নামটো ক্সেল ৰুডাকুবানা বুলি প্ৰকাশ কৰে। ন্যায়াধীশগৰাকীয়ে কয় যে এই সিদ্ধান্ত লোৱা হৈছে কাৰণ “আৰু ছয় দিনৰ পিছত তেওঁ ১৮ বছৰত ভৰি দিব” আৰু “সম্পূৰ্ণ তথ্য প্ৰকাশ কৰাত বাধা দি ৰাখিলে একাংশই ইয়াক লৈ ভুল তথ্য প্ৰচাৰ কৰি থাকিব পাৰে।”

ইয়াৰ পূৰ্বে অভিযুক্ত আক্ৰমণকাৰীৰ নাম ছ’চিয়েল ইণ্টাৰনেটত প্ৰচাৰ হৈ থকা "আলী আল ছাকাতি" নহয় সেই কথা মাৰ্চিছাইড আৰক্ষীয়েও অৱগত কৰিছিল। আৰক্ষীৰ এগৰাকী মুখপাত্ৰইও লজিকেলী ফেক্টছক নিশ্চিত কৰিছে যে উল্লেখ কৰা নামটো "অভিযুক্তৰ নাম নহয়।" 

জানিব পৰা মতে, ভুৱা দাবীটো প্ৰথম আহিছিল ‘চেনেল ৩ নাও’ নামৰ এটা ৱেবছাইটৰ পৰা, ৱেবছাইটটোত প্ৰকাশিত এটা প্ৰতিবেদনৰ শিৰোনাম আছিল "ইংলেণ্ডৰ ছাউথপ'ৰ্টত ছুৰীৰে আক্ৰমণ চলোৱাৰ গোচৰত ১৭ বছৰীয়া আলী আল-ছাকাতিক গ্ৰেপ্তাৰ।" এই প্ৰতিবেদনটোৱে (ইয়াত আৰ্কাইভ কৰা হৈছে ) যুৱকজন "যোৱা বছৰ নাৱেৰে ব্ৰিটেইনলৈ আহিছিল" আৰু MI6ৰ এক ৱাচলিষ্টত তেওঁৰ নাম আছিল বুলি উল্লেখ কৰে। পিছত ৱেবছাইটটোৱে লেখাটো  আপডেট কৰি এই দাবীসমূহ আঁতৰাই পেলাইছে।

তদুপৰি অভিযুক্তজনৰ নাম কোনো ৱাচলিষ্টত থকাৰ কোনো প্ৰমাণ নাই, অৰ্থাৎ এই দাবীসমূহ সম্পূৰ্ণ ভিত্তিহীন। ইয়াৰ উপৰিও আভ্যন্তৰীণ সন্ত্ৰাসবাদ বিৰোধী গোচৰৰ তদন্ত MI6-এ নকৰে MI5-এ হে কৰে৷ 

আৰক্ষীয়ে লগতে কয় যে তেওঁলোকে বৰ্তমান এই আক্ৰমণৰ সৈতে জড়িত থকাৰ সন্দেহত আন কোনো লোকক বিচাৰি থকা নাই, অৱশ্যে আক্ৰমণৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই। তেওঁলোকে ঘটনাটোক এই পৰ্যন্ত সন্ত্ৰাসবাদ সম্পৰ্কীয় ঘটনা হিচাপে গণ্য কৰা নাই। 

এইটো লেখা প্ৰকাশৰ সময়লৈকে অভিযুক্তৰ ধৰ্মীয় বিশ্বাস বা আক্ৰমণটো ধৰ্মৰ দ্বাৰা অনুপ্ৰেৰিত আছিল নেকি সেই বিষয়ে কোনো তথ্য নাই।

সিদ্ধান্ত

বৃটেইনৰ কাৰ্ডিফত জন্মগ্ৰহণ কৰা অভিযুক্ত যুৱকজন কোনো অবৈধ অনুপ্ৰৱেশকাৰী নহয়। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।