মূল বাংলাদেশত চলি থকা প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই 'ফ্ৰান্সলৈ পলাই যোৱা' বুলি মিছা দাবী প্ৰচাৰ

বাংলাদেশত চলি থকা প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই 'ফ্ৰান্সলৈ পলাই যোৱা' বুলি মিছা দাবী প্ৰচাৰ

লেখক: ৰজনী কে জি

জুলাই 29 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বাংলাদেশত চলি থকা প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই 'ফ্ৰান্সলৈ পলাই যোৱা' বুলি মিছা দাবী প্ৰচাৰ চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ফ্ৰান্সত আশ্ৰয় লৈছে বুলি দাবী কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

আমাৰ অনুসন্ধানত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা বাংলাদেশতে আছে বুলি জানিব পৰা গৈছে। বাংলাদেশৰ এজন সাংবাদিকে এই কথা লজিকেলী ফেক্টছক নিশ্চিত কৰিছে।

কি দাবী কৰা হৈছে?

বাংলাদেশত চলি থকা চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি যোৱা বুলি একাধিক লোকে ছ’চিয়েল মিডিয়াত বিভিন্ন দাবী কৰা দেখা গৈছে। যোৱা ২১ জুলাইত ইণ্ডিয়া টুডে নৰ্থ ইষ্টে ঢাকাত হিংসাত্মক সংঘৰ্ষ চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক “এয়াৰলিফ্ট” কৰা হৈছে বুলি এক প্ৰতিবেদন প্ৰকাশ কৰিছিল (অৱশ্য়ে পিছত তেওঁলোকে বাতৰিটো উঠাই লয়)। উক্ত বাতৰিৰ পিছতে এই দাবীসমূহৰ আবিৰ্ভাৱ ঘটে। বাংলাদেশৰ উচ্চায়ুক্তই  ইণ্ডিয়া টুডেৰ প্ৰতিবেদনটো খণ্ডন কৰাৰ পিছত সংবাদ প্ৰতিষ্ঠানটোৱে বাতৰিটো প্ৰত্যাহাৰ কৰে। তদুপৰি তেওঁলোকে ইয়াৰ বাবে ক্ষমা বিচাৰে বুলিও ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে।

ইয়াৰ পিছত ইয়াত আৰ্কাইভ কৰা এই এক্স পোষ্টটোৰ দৰে বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্টত শ্বেখ হাছিনাৰ এখন ছবি শ্বেয়াৰ কৰি কেপচনত এইদৰে লিখা হৈছে, "বাংলাদেশৰ প্ৰধানমন্ত্ৰী নিৰুদ্দেশ হৈছে। খবৰ মতে তেওঁ ফ্ৰান্সত আশ্ৰয় ল’বলৈ গৈছে, কিন্তু প্ৰতিবাদকাৰীয়ে কৈছে যে তেওঁ তালৈ গ’লেও তেওঁলোকে এৰি নিদিয়ে।" এই পোষ্টটোৱে ২৪ হাজাৰ ভিউ আৰু ৩৪৯ টা লাইক লাভ কৰিছে। ফেচবুকত শ্বেয়াৰ কৰা একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব৷ 

ভাইৰেল দাবীটো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এইটো মিছা দাবী। প্ৰামাণিক তথ্য মতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা বাংলাদেশতে আছে।

আমি কি বিচাৰি পালোঁ?

আমি হাছিনাৰ শেহতীয়া কাৰ্যসূচী সম্পৰ্কীয় প্ৰতিবেদনসমূহ চালোঁ। বাংলাদেশ সংবাদ সংস্থাৰ এটা বাতৰি মতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই যোৱা ২৬ জুলাইত ৰামপুৰাত অৱস্থিত বাংলাদেশ টেলিভিছন ভৱন (বিটিভি) পৰিদৰ্শন কৰিছিল। প্ৰতিবেদনটোত হাশ্বিনাই বিটিভি ভৱন পৰিদৰ্শনৰ ফটো প্ৰকাশ কৰা হৈছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)। ইউটিউব চেনেল যমুনা টিভি (ইয়াত আৰ্কাইভ কৰা হৈছে) এ ২০২৪ চনৰ ২৬ জুলাইত হাছিনাৰ বিটিভি ভৱন পৰিদৰ্শনৰ ভিডিঅ' আপলোড কৰিছিল। ভিডিঅ’টোৰ শিৰোনাম আছিল "বিটিভি পৰিদৰ্শন কৰি ধ্বংযজ্ঞ দেখি অশ্ৰুসিক্ত প্ৰধানমন্ত্ৰী | প্ৰধানমন্ত্ৰী | যমুনা টিভি।" 

ইয়াৰ উপৰিও আমি চৰকাৰী চাকৰিত সংৰক্ষণৰ সংস্কাৰৰ দাবীত ছাত্ৰ সমাজে কৰা প্ৰতিবাদৰ সময়ত হোৱা ক্ষতিৰ বুজ ল’বলৈ শ্বেখ হাছিনাই ঢাকাৰ মিৰপুৰ-১০ মেট্ৰ’ ৰে’ল ষ্টেচন পৰিদৰ্শন কৰা সন্দৰ্ভত ঢাকা ট্ৰিবিউন-এ  ২০২৪ চনৰ ২৫ জুলাইত প্ৰকাশ কৰা প্ৰতিবেদন লাভ কৰোঁ। ইয়াত শ্বেখ হাছিনাৰ মেট্ৰ’ ষ্টেচন পৰিদৰ্শনৰ ছবি প্ৰকাশ কৰা হৈছিল, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক ফটোৰ ক্ৰেডিট দিয়া হৈছে। 

বাংলাদেশৰ ‘দ্য ডেইলী ষ্টাৰ’ কাকতত প্ৰকাশিত বাতৰি অনুসৰি মিৰপুৰ-১০ মেট্ৰ’ ষ্টেচনৰ লগতে কাজিপাৰা মেট্ৰ’ ষ্টেচনৰো ক্ষতিসাধন হৈছে। ইয়াত লগতে কোৱা হৈছে যে ক্ষতিৰ পৰিমাণ সম্পৰ্কে এক তদন্তকাৰী সমিতিয়ে প্ৰতিবেদনৰ খচৰা প্ৰস্তুত কৰি আছে, আৰু সেয়া লাভ কৰাৰ পিছত মেট্ৰ’ ষ্টেচনসমূহ পুনৰ মুকলি কৰা হ’ব।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰা শ্বেখ হাছিনাৰ একেটা পৰিদৰ্শনৰ আন এখন ফটো আমি লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে)। ইয়াৰ কেপচনত লিখা আছে "[২৫ জুলাই ২০২৪] [মেট্ৰ' ৰেল ষ্টেচন, মিৰপুৰ-১০]।"  

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ছবিৰ স্ক্ৰীণশ্বট। (উৎস: বাংলাদেশ পিএমঅ’)

তদুপৰি আমি দেখিলোঁ যে হাচিনাই নিজেও মেট্ৰ’ ষ্টেচন পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰিছিল। প্ৰথম আলো নামৰ বাংলাদেশৰ এটা সংবাদ প্ৰতিষ্ঠানে ২৫ জুলাইত প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই তেওঁৰ দেশৰ নাগৰিকসকলৰ পৰা ন্যায় বিচাৰিছিল। সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কৈছিল, " দেশৰ জনসাধাৰণে তেওঁলোকক বিচাৰ কৰিব লাগিব। মই জনসাধাৰণৰ পৰা ন্যায় বিচাৰো। এই ধ্বংসলীলাক বৰ্ণনা কৰিবলৈ মোৰ ভাষা নাই। (বাংলাৰ পৰা অনুবাদ কৰা হৈছে)।"

আমি ২৫ জুলাইত বাংলাদেশৰ সময় টিভি নামৰ এটা টিভি চেনেলে আপলোড কৰা এখন সংবাদমেলৰ ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ, ভিডিঅ’টোৰ শিৰোনাম হৈছে, ‘‘মই মেট্ৰ’ ৰেলত উঠিম নে চৰকাৰ উঠিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰশ্ন | পিএন শ্বেখ হাছিনা | সময় টিভি" (বাংলাৰ পৰা অনুবাদ কৰা হৈছে)

আমি বাংলাদেশৰ ফেক্ট-চেকিং ৱেবছাইট বুম বাংলাদেশৰ সম্পাদক আমিৰ ছাকিৰৰ সৈতে যোগাযোগ কৰিলোঁ, তেওঁ লজিকেলী ফেক্টছক জনাই যে ২০২৪ চনৰ ২৫ জুলাইত ঢাকাৰ মিৰপুৰ-১০ত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা উপস্থিত আছিল। বাংলাদেশ চৰকাৰ বা কোনো চৰকাৰী বিষয়াই প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ফ্ৰান্স ভ্ৰমণ সন্দৰ্ভত কোনো বিবৃতি দিয়া নাছিল।

বাংলাদেশত কিয় প্ৰতিবাদ চলি আছে?

বাংলাদেশৰ ছাত্ৰ সমাজে চৰকাৰী চাকৰিৰ কোটা ব্যৱস্থা প্ৰৱৰ্তনক লৈ দেশখনৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। নিয়ম অনুসৰি ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে স্বাধীনতা যুদ্ধত যুঁজ দিয়া প্ৰবীণ সৈনিকসকলৰ পৰিয়ালৰ সদস্যৰ বাবে ৩০ শতাংশ চৰকাৰী পদত সংৰক্ষণ থাকিব। এ পি নিউজৰ বাতৰি অনুসৰি ২০২৪ চনৰ ১৫ জুলাইত ঢাকা বিশ্ববিদ্যালয়ত আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে আৰু শীঘ্ৰেই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।  প্ৰতিবাদৰ সময়ত বহু আৱাস আৰু চৰকাৰী সম্পত্তি ভাঙি পেলোৱা হয়, আৰু জানিব পৰা মতে কমেও ২০০ জন লোক নিহত হৈছে।

সিদ্ধান্ত

বাংলাদেশৰ সংবাদ মাধ্যমে শ্বেখ হাছিনাই দেশখনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ ভিজুৱেল প্ৰকাশ কৰি তেওঁ এতিয়াও তাতে আছে বুলি নিশ্চিত কৰিছে। বাংলাদেশৰ এগৰাকী সাংবাদিকে প্ৰধানমন্ত্ৰী বাংলাদেশতে আছে আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ মাজতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি নিশ্চিত কৰিছে। তেওঁ ফ্ৰান্সলৈ "পলায়ন" কৰা বুলি কোনোধৰণৰ বাতৰি প্ৰকাশ পোৱা নাই। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো। 

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।