মোদীয়ে গুৰু গোবিন্দ সিঙৰ ‘পাঞ্জ প্যাৰে’ৰ এজন তেওঁৰ খুৰা হয় বুলি কোৱা নাছিল

লেখক: ৰাহুল অধিকাৰী
মে’ 29 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মোদীয়ে গুৰু গোবিন্দ সিঙৰ ‘পাঞ্জ প্যাৰে’ৰ এজন তেওঁৰ খুৰা হয় বুলি কোৱা নাছিল

ছ’চিয়েল মিডিয়া পোষ্টত দাবী কৰা হৈছে যে মোদীয়ে গুৰু গোবিন্দ সিঙৰ “পাঞ্জ প্যাৰে”ৰ এজনক তেওঁৰ খুৰাক বুলি কয়। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গুৰু গোবিন্দ সিঙৰ এজন 'পঞ্জ প্যাৰে' তেওঁৰ গৃহ ৰাজ্য গুজৰাটৰ দ্বাৰকাৰ আছিল।

ক্লেইম আইডি 09e81703

দাবী কি?

অনলাইন যোগে প্ৰচাৰিত এটা ভিডিঅ’ত দাবী কৰা হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দশম আৰু শেষৰ শিখ গুৰু গোবিন্দ সিংৰ এজন ‘পাঞ্জ প্যাৰে’ তেওঁৰ খুৰাক আছিল বুলি দাবী কৰিছে। পাঁচজন প্ৰিয় বুলিও জনাজাত পাঞ্জ প্যাৰে সকলে শিখ ধৰ্মত উল্লেখযোগ্য স্থান দখল কৰিছে। ১৬৯৯ চনত আনন্দপুৰ চাহাবত গুৰু গোবিন্দ সিংহই এই পাঁচজন শিখ লোক — ভাই ধয়া সিং, ভাই ধৰম সিং, ভাই হিম্মৎ সিং, ভাই মহকম সিং, আৰু ভাই চাহাব সিংহক এই নাম দিছিল। এই পাঁচজন সদস্যই মিলি 'খালছা' শিখ সম্প্ৰদায় গঠন কৰিছিল ।

অনলাইন যোগে প্ৰচাৰিত ভিডিঅ’টোত দেখা গৈছে যে মোদীয়ে কমলা ৰঙৰ পাগুৰি পিন্ধি ৰেলীক সম্বোধন কৰি আছে, আৰু এক পাঞ্জাবী কণ্ঠস্বৰত দাবী কৰা হৈছে যে, “মোদীয়ে পাঞ্জ প্যায়াৰৰ এজন তেওঁৰ খুৰাক বুলি কৈছিল।”

একে দাবী কৰি কেইবাজনো ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "ব্ৰেকিং নিউজ — পঞ্জাৱত মোডী ৷ আগন্তুক লোকসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ আশংকাই নৰেন্দ্ৰ মোডীৰ ‘মানসিক স্বাস্থ্য’ৰ ওপৰত বহুত প্ৰভাৱ পেলাইছে। নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছে যে গুৰু গোবিন্দ সিঙৰ ‘পাঞ্জ প্যাৰে’ৰ ভিতৰত এজন তেওঁৰ খুৰাক আছিল।" এনে ধৰণৰ পোষ্ট ফেচবুকত অসমীয়া ইউজাৰে প্ৰচাৰ কৰাও দেখা গৈছে । এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। 

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমি এই দাবী মিছা বুলি গম পালোঁ। মোদীয়ে আচলতে গুৰু গোবিন্দ সিঙৰ এজন ‘পাঞ্জ প্যাৰে’ গুজৰাটৰ দ্বাৰকাৰ আছিল, আৰু তেনেকৈয়ে তেওঁৰ পঞ্জাৱৰ জনসাধাৰণৰ সৈতে তেজৰ সম্পৰ্ক আছে বুলি কৈছিল। মোডীৰ ঘৰ পশ্চিম ভাৰতৰ এখন ৰাজ্য গুজৰাটত হয়।

আমি কি পাইছিলোঁ?

আমি দেখিলোঁ যে ক্লিপটো ২৩ মে’ত উত্তৰ ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ পাটিয়ালাত মোডীৰ ৰেলীৰ পৰা লোৱা হৈছে। মূল ভাষণটো নৰেন্দ্ৰ মোডীৰ অফিচিয়েল ইউটিউব চেনেলত (ইয়াত আৰ্কাইভ কৰা হৈছে) "পিএম মোডীয়ে পঞ্জাৱৰ পাটিয়ালাত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে" শীৰ্ষকৰ সৈতে পোষ্ট কৰা হৈছিল ।

মূল ৩০ মিনিটৰ ভিডিঅ’টোৰ ১৭:৫৩ৰ পৰা ১৮:১২ সময়ৰ ভিতৰত এতিয়া ভাইৰেল হোৱা ক্লিপটো আমি চাব পাৰো। মূল ক্লিপটোত মোডীয়ে হিন্দীত কোৱা শুনা যায়, “(অসমীয়ালৈ অনুবাদিত) আপোনালোকে প্ৰধানমন্ত্ৰীৰ কথা পাহৰি যাওক। গুৰু গোবিন্দ সিং জীৰ প্ৰথম পঞ্জপ্যাৰেৰ ভিতৰত এজন মোৰ দ্বাৰকাৰ আছিল।" আমি মোডীৰ মন্তব্যৰ ভিডিঅ’টোৰ গতি লেহেমীয়া কৰিলোঁ আৰু ভালদৰে পৰীক্ষা কৰিলোঁ । তেওঁ 'দ্বাৰিকা' শব্দটো উচ্চাৰণ কৰি 'দ্বাৰিৰিকা' বুলি উচ্চাৰণ কৰা শুনিবলৈ পালোঁ।

লগতে আমি ভাষণৰ সময়ত তেওঁ এবাৰো পাঞ্জ প্যাৰেক তেওঁৰ খুৰা বুলি উল্লেখ কৰা শুনিবলৈ নাপালোঁ । 

ইয়াৰ উপৰিও চতুৰ্থ পাঞ্জ প্যায়াৰে ভাই মহকাম সিং দ্বাৰকা (বৰ্তমানৰ গুজৰাট)ৰ হয় বুলি আমি নিশ্চিত কৰিলোঁ। ১৬৮৫ চনত তেওঁ আনন্দপুৰ চাহাবত উপস্থিত হয় আৰু ১৬৯৯ চনত গুৰু গোবিন্দ সিংহই তেওঁক পাঞ্জ প্যাৰেৰ অন্যতম বুলি অভিহিত কৰে।

ৰায়দান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন তেওঁৰ খুৰাক বুলি কোৱা নাছিল। তেওঁ আচলতে কৈছিল যে পাঁচজনৰ ভিতৰত এজন গুজৰাটৰ দ্বাৰকাৰ হয়, আৰু তেনেকৈয়ে তেওঁৰ পঞ্জাৱৰ মানুহৰ সৈতে তেজৰ সম্পৰ্ক আছে।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।