মূল আলজেৰিয়াৰ অলিম্পিক বক্সাৰ ইমানে খালিফ এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা নহয়

আলজেৰিয়াৰ অলিম্পিক বক্সাৰ ইমানে খালিফ এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা নহয়

লেখক: নালেদি মাছিছি

আগষ্ট 5 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আলজেৰিয়াৰ অলিম্পিক বক্সাৰ ইমানে খালিফ এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা নহয় ইমানে খালিফ এগৰাকী লিংগ পৰিৱৰ্তন কৰা মহিলা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

আলজেৰিয়াৰ অলিম্পিক বক্সাৰ ইমানে খালিফ এগৰাকী ট্ৰান্স মহিলা নহয়, আৰু তেওঁ জৈৱিকভাৱে পুৰুষ বুলি কোনো প্ৰমাণ নাই।

কি দাবী কৰা হৈছে?

যোৱা ১ আগষ্টত চলিত পেৰিছ অলিম্পিক গেমছৰ প্ৰাৰম্ভিক ৱেল্টৰৱেইট (৬৬ কেজি) খেলত ইটালীৰ প্ৰতিদ্বন্দ্বী এঞ্জেলা কেৰিনিৰ বিৰুদ্ধে  জয়লাভ কৰাৰ পিছত আলজেৰিয়াৰ অলিম্পিক বক্সাৰ ইমানে খালিফ সংবাদ মাধ্যমৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে। মুখখন, যাৰ ফলত নাকত "তীব্ৰ বিষ" হোৱা বুলি তাই কয়। উক্ত খেলখনত কেৰিনিয়ে মুখত লাভ কৰা আঘাতত ৪৬ ছেকেণ্ডতে ৰিং ত্যাগ কৰিবলগীয়া হৈছিল, আৰু তেওঁৰ নাকত "তীব্ৰ বিষ" হৈছিল বুলি কৈছিল। 

উক্ত বিজয়ৰ পিছত ছ’চিয়েল মিডিয়াত খালিফ জৈৱিকভাৱে এগৰাকী পুৰুষ বুলি অভিযোগ উত্থাপন হয়। হেৰী পটাৰৰ লেখিকা জে কে ৰাউলিঙকে ধৰি একাধিক প্ৰখ্যাত লোকে খালিফ এগৰাকী পুৰুষ বুলি অভিযোগ কৰাৰ লগতে অলিম্পিক কমিটীক নাৰীবিদ্বেষী বুলি অভিযোগ কৰাৰ পিছত ইয়ক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা আৰম্ভ হয়।

ৰাউলিঙে ৰিঙৰ ভিতৰত থকা বক্সাৰ দুগৰাকীৰ ফটো এক্স (পূৰ্বৰ টুইটাৰ)-ত পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) কৰি লিখিছে, ‘‘আমাৰ পুৰুষসকলৰ অধিকাৰৰ আন্দোলনক ইয়াতকৈ সুন্দৰকৈ দাঙি ধৰিব কিবা ফটো আছেনে? এজন পুৰুষৰ হাঁহি যি জানে যে তেওঁ এনে এটা নাৰীবিদ্বেষী ক্ৰীড়া প্ৰতিষ্ঠানৰ দ্বাৰা সুৰক্ষিত যিটো যিটোৱে তেওঁ এইমাত্ৰ মূৰত ঘুচা মাৰি দিয়া এগৰাকী মহিলাৰ দুখ উপভোগ কৰি আছে, যাৰ জীৱনৰ সপোনটোক তেওঁ এইমাত্ৰ ভাঙি চূৰমাৰ কৰি দিলে।’’

পোষ্টটোৱে ৮.৮ মিলিয়নতকৈ অধিক ভিউ লাভ কৰিছে আৰু ৮১,৯০০ বাৰতকৈও অধিক শ্বেয়াৰ হৈছে। আন একাধিক একাউণ্টেও একেধৰণৰ পোষ্ট দিছিল (ইয়াত ইয়াত, আৰু ইয়াত আৰ্কাইভ কৰা হৈছে)। সেইসমূহ পোষ্টটো ব্যাপকভাৱে ৰিশ্বেয়াৰ কৰা হৈছিল আৰু খালিফ এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা বুলি বিভিন্ন দাবী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

খালিফ এগৰাকী ট্ৰান্স মহিলা বুলি দাবী কৰি দিয়া এক্সে পোষ্ট । (উৎস: এক্স/লজিকেলি ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমীয়াতো, একেধৰণৰ দাবী কৰা এটা ফেচবুক পোষ্টত লিখিছে, ‘‘#পুৰুষ_হৈ_লিংগ_পৰিবতৰ্ন_কৰি_মহিলা_বক্সিঙ_প্ৰতিযোগিতাত_আলজেৰিয়ান_খালিফ

পেৰিচ অলিম্পিকত ধুৰন্ধৰ পুৰুষ খেলুৱৈৱে লিংগ পৰিবতৰ্নেৰে মহিলাৰ ভাও লৈ মহিলা বক্সিঙত ভাগ ললে আলজেৰিয়ান বক্সাৰ ইমেন খালিফে৷ খেলখন আৰম্ভ হোৱাৰ ৪৫ চেকেণ্ডৰ প্ৰথমটো পাঞ্চতে ধলি পৰে বিপক্ষৰ মহিলা বক্সাৰ ইটালীৰ এঞ্জেলা কাৰিনী,লগে লগে ব্লেকলিষ্ট কৰা হ'ল খালিফক।পুৰুষ হৈ খেলিবলৈ সাহস নোহোৱা অপৰাধীয়ে অলিম্পিকৰ মজিয়াখনো এৰি নিদিলে৷ এইয়াই সিহঁতৰ নিকৃষ্ট মানসিকতা ,ধিক্কাৰ’’ ইয়াত আৰ্কাইভ কৰা হৈছে।

কিন্তু খালিফ ট্ৰান্সজেণ্ডাৰ মহিলা নহয় আৰু তেওঁ জৈৱিকভাৱে পুৰুষ হৈ জন্মগ্ৰহণ কৰাৰ কোনো প্ৰমাণ নাই। খালিফ আৰু টাইৱানৰ লিন ইউ-টিং দুয়োগৰাকী  মহিলা বক্সাৰেই অলিম্পিকৰ পূৰ্বে তেওঁলোকৰ জৈৱিক লিংগকলৈ চৰ্চাৰ সন্মুখীন হৈছিল। 

খালিফৰ আই বি এ লিংগ যোগ্যতা পৰীক্ষা

১৯৯৯ চনৰ ২ মে’ত জন্মগ্ৰহণ কৰা আলজেৰিয়াৰ বক্সাৰ খালিফে ২০১৮ চনৰ পৰা  পেছাদাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। ২০২০ চনৰ টকিঅ’ অলিম্পিক তেওঁ অংশগ্ৰহণ কৰা প্ৰথমখন অলিম্পিক গেমছ, য’ত তেওঁ কোৱাৰ্টাৰ ফাইনেলত আইৰিছ বক্সাৰ কেলি হেৰিংটনৰ হাতত পৰাস্ত হৈছিল। ইয়াৰ পিছত ২০২২ চনত আফ্ৰিকান আৰু ভূমধ্যসাগৰীয় চেম্পিয়নশ্বিপত জয়লাভ কৰি বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰে আৰু আয়াৰলেণ্ডৰ এমি ব্ৰডহাৰ্ষ্টৰ হাতত  পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে।

কিন্তু ২০২৩ চনত তেওঁ আৰু লিন ইউ-টিংক বিশ্ব চেম্পিয়নশ্বিপৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল। দুয়োগৰাকী বক্সাৰে লিংগ যোগ্যতাৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছিল বুলি আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনে সদৰী কৰিছিল।

আই বি এৰ সভাপতি উমৰ ক্ৰেমলেভে ২০২৩ চনৰ মাৰ্চত ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম টাছক কৈছিল যে খেলুৱৈ দুগৰাকীৰ এক্স ৱাই ক্ৰম’জম থকা বুলি জানিব পৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল। কিন্তু এই বক্তব্যৰ সমৰ্থনত কোনো প্ৰমাণ দেখুওৱাব পৰা নাছিল আৰু পিছত আই বি এৰ এটা বক্তব্যই ইয়াৰ বিৰোধিতা কৰিছিল, য’ত পৰীক্ষাৰ প্ৰকৃতি নিৰ্দিষ্ট কৰা হোৱা নাছিল। 

৩১ জুলাইত প্ৰকাশিত এক বিবৃতিত আই বি এয়ে এইদৰে কয়, “মন কৰিবলগীয়া কথাটো হ’ল, খেলুৱৈসকলৰ টেষ্টোষ্টেৰন পৰীক্ষা কৰা হোৱা নাছিল যদিও তেওঁলোকক এক পৃথক আৰু স্বীকৃতিপ্ৰাপ্ত পৰীক্ষা কৰোৱা হৈছিল, য’ত উল্লেখিত তথ্য গোপনীয় কৰি ৰখা হয়। এই পৰীক্ষাই নিৰ্ণায়কভাৱে ইংগিত দিছিল যে দুয়োগৰাকী খেলুৱৈয়েই প্ৰয়োজনীয় যোগ্যতাৰ মাপকাঠী পূৰণ কৰা নাছিল আৰু অন্যান্য মহিলা প্ৰতিযোগীসকলৰ তুলনাত তেওঁলোকৰ কিছু সুবিধা থকা দেখা গৈছিল।"

আই বি এৰ ক্ষেত্ৰত অলিম্পিক কমিটীৰ স্বীকৃতি বাহাল হৈ থকা নাই

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ২০২৩ চনৰ জুনত আই বি এৰ স্বীকৃতি প্ৰত্যাহাৰ কৰে, কাৰণ তেওঁলোকে অনুশাসন, বিত্তীয়, আৰু নৈতিক বিষয়ত সংস্কাৰ সাধন কৰাত ব্যৰ্থ হৈছিল। দ্য ক’ৰ্ট অৱ আৰ্বিট্ৰেশ্যন ফৰ স্পৰ্টে উক্ত সিদ্ধান্তক সমৰ্থন কৰি ২০২৪ চনৰ এপ্ৰিল মাহত আই বি এৰ আবেদন খাৰিজ কৰে। 

ইয়াৰ পিছত আই অ’ চিয়ে বক্সিং ইউনিট স্থাপন কৰি খেলুৱৈসকলক ২০২৪ চনৰ অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সুবিধা প্ৰদান কৰে। ১ আগষ্টত আই অ’ চিয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি  ২০২৪ চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা সকলো খেলুৱৈয়ে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ পিছত স্থাপন কৰা চিকিৎসা যোগ্যতাৰ মাপকাঠী পূৰণ কৰিছে। ইয়াৰ পিছতে আই অ’ চিয়ে দুয়োগৰাকী খেলুৱৈক প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি দিয়াৰ সিদ্ধান্ত অনুমোদন কৰে।

আই অ' চিৰ বিবৃতিত কোৱা হৈছে, "এই খেলুৱৈ দুগৰাকী আই বি এৰ আকস্মিক আৰু স্বেচ্ছাচাৰী সিদ্ধান্তৰ বলি হৈছিল। ২০২৩ চনত আই বি এ বিশ্ব চেম্পিয়নশ্বিপৰ শেষৰ ফালে কোনো যথাযথ প্ৰক্ৰিয়া অবিহনে তেওঁলোকক হঠাতে অযোগ্য ঘোষণা কৰা হৈছিল।"

ইয়াত আৰু কোৱা হৈছে যে আই বি এৰ মহাসচিব আৰু মুখ্য কাৰ্যবাহী বিষয়াই কোনোধৰণৰ স্পষ্ট পদ্ধতি অবিহনে ইউ-টিং আৰু খালিফক নিলম্বন কৰাৰ সিদ্ধান্ত লৈছিল আৰু অংশগ্ৰহণকাৰীসকলৰ লিংগ পৰীক্ষাৰ পদ্ধতিটো খেলুৱৈসকলক নিলম্বন কৰাৰ পিছতহে অনুমোদন জনোৱা হৈছিল। 

'এই দুয়োগৰাকী খেলুৱৈৰ বিৰুদ্ধে বৰ্তমানৰ আগ্ৰাসন সম্পূৰ্ণৰূপে এই স্বেচ্ছাচাৰী সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, যিটো কোনো সঠিক পদ্ধতি অবিহনে লোৱা হৈছিল – বিশেষকৈ এই কথা বিবেচনা কৰিলে যে এই খেলুৱৈসকলে বহু বছৰ ধৰি শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে,' ইয়াত কোৱা হয়। 

"চলি থকা প্ৰতিযোগিতাৰ সময়ত যোগ্যতাৰ নিয়ম সলনি কৰিব নালাগে, আৰু যিকোনো নিয়ম পৰিৱৰ্তন উপযুক্ত প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিব আৰু বৈজ্ঞানিক প্ৰমাণৰ ওপৰত ভিত্তি কৰি হ'ব লাগে।"

ইয়াৰ পিছত আই বি এয়ে  খালিফ আৰু ইউ-টিঙক তেওঁলোকে অযোগ্য ঘোষণা কৰাৰ পূৰ্বৰ সিদ্ধান্তক দোহাৰি এক বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে যে দুয়ো গৰাকী স্বতন্ত্ৰ "বিশ্বাসযোগ্য" লিংগ যোগ্যতা পৰীক্ষাত ব্যৰ্থ হৈছিল, অৱশ্যে তেওঁলোকে এই পৰীক্ষাসমূহ কি আছিল সেই সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য দিয়া নাই। 

খালিফ জৈৱিকভাৱে পুৰুষ হয় বুলি কোনো প্ৰমাণ নাই

আমি খালিফ জৈৱিকভাৱে পুৰুষ হৈ জম্মগ্ৰহণ কৰা বুলি কোনো প্ৰমাণ পোৱা নাই। 

আলজেৰিয়াত কোনো লোককে তেওঁলোকৰ আইনগত লিংগ সলনি কৰাৰ অনুমতি নিদিয়ে। দেশখনত লিংগ পৰিৱৰ্তনক স্পষ্টভাৱে অপৰাধ হিচাপে গণ্য কৰা কোনো আইন নাই যদিও "অশালীন" বুলি গণ্য কৰা কাৰ্য্য নিষিদ্ধ কৰা দণ্ডবিধিৰ অধীনত ইয়াক অপৰাধ হিচাপে গণ্য কৰা হয়। আলজেৰিয়াৰ আদালতে ইয়াৰ পূৰ্বে লিংগ-নিশ্চিতকৰণৰ বিষয়টোক “মানৱ প্ৰকৃতিৰ সৈতে অসঙ্গতিপূৰ্ণ” বুলি ৰায় দিছিল আৰু দেশখনত ইয়াক নিষিদ্ধ কৰিছিল। গতিকে দেশখনে অলিম্পিকত ইয়াক প্ৰতিনিধিত্ব কৰিবলৈ এগৰাকী ট্ৰান্স মহিলাক অনুমতি দিয়াটো গ্ৰহণযোগ্য নহয়। 

ছচিয়েল মিডিয়াত বক্সাৰ গৰাকীৰ শিশুকালৰ ফটো হিচাপে শ্বেয়াৰ হৈ থকা কিছুমান ফটোত খালিফক এগৰাকী কমবয়সীয়া ছোৱালিৰ ৰূপত দেখা গৈছে। অৱশ্যে এই ফটোসমূহ কোনো বিশ্বাসযোগ্য সূত্ৰৰ দ্বাৰা পৰীক্ষা কৰা হোৱা নাই। 

আন একাধিক লোকেও ছ’চিয়েল মিডিয়াত খেলিফৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত আছে অলিম্পিক বক্সাৰ এমি ব্ৰডহাৰ্ষ্ট, যি ইয়াৰ পূৰ্বে ২০২২ চনৰ বিশ্ব চেম্পিয়নশ্বিপত খালিফক পৰাস্ত কৰিছিল।

ব্ৰডহাৰ্ষ্টে এক্সত দিয়া পোষ্টত কয়, "ব্যক্তিগতভাৱে মই নাভাবো যে তাই 'প্ৰৱঞ্চনা' কৰিবলৈ কিবা কৰিছে। মই ভাবো যে তাইৰ সেইদৰেই জন্ম হৈছে হৈছে আৰু সেইটো তাইৰ নিয়ন্ত্ৰণৰ বাহিৰত। ইয়াৰ পূৰ্বে তাইক ৯ গৰাকী মহিলাই পৰাস্ত কৰা কথাটোৱে সকলো কথাৰ উত্তৰ দিয়ে।"

খালিফক সমৰ্থন কৰি এমি ব্ৰডহাৰ্ষ্টে দিয়া এক্স পোষ্ট। আগতে ব্ৰডহাৰ্ষ্টে খেলিফক পৰাস্ত কৰিছিল (উৎস: এক্স/স্ক্ৰীণশ্বট)

লজিকেলী ফেক্টছে মন্তব্যৰ বাবে আলজেৰিয়াৰ অলিম্পিক আৰু ক্ৰীড়া সমিতিৰ সৈতে যোগাযোগ কৰিছে। 

সিদ্ধান্ত

ব্ৰিটিছ লেখক জে কে ৰাউলিঙকে ধৰি একাধিক বিখ্যাত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আলজেৰিয়াৰ বক্সাৰ ইমানে খালিফ এগৰাকী জৈৱিকভাৱে পুৰুষ আৰু ট্ৰান্সজেণ্ডাৰ মহিলা বুলি অভিযোগ কৰি পোষ্ট দিছে। অৱশ্যে খালিফ এগৰাকী ট্ৰান্স মহিলা নহয়। ইয়াৰ পূৰ্বে তেওঁ আই অ’ চিয়ে এতিয়া স্বীকৃতি প্ৰত্যাহাৰ কৰা আই বি এৰ দ্বাৰা নিৰ্ধাৰিত লিংগ যোগ্যতা পৰীক্ষাত ব্যৰ্থ হৈছিল। আই অ’ চিয়ে বক্সাৰগৰাকীয়ে তেওঁলোকৰ সকলো যোগ্যতাৰ মাপকাঠী পূৰণ কৰা বুলি নিশ্চিত কৰি বিবৃতি প্ৰকাশ কৰিছে। আলজেৰিয়াই লিংগ পৰিৱৰ্তনক আইনগতভাৱে স্বীকৃতি নিদিয়ে, আৰু খালিফ জৈৱিকভাৱে পুৰুষ হোৱাৰ কোনো প্ৰমাণ নাই। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো। 

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।