মূল গুজৰাটৰ এজন ব্যৱসায়ীয়ে ৰাস্তাত হীৰা ছটিয়াই দিয়া বুলি মিছাকৈ দাবী কৰা হৈছে

গুজৰাটৰ এজন ব্যৱসায়ীয়ে ৰাস্তাত হীৰা ছটিয়াই দিয়া বুলি মিছাকৈ দাবী কৰা হৈছে

লেখক: সোহম শ্বাহ

ছেপ্তেম্বৰ 27 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
গুজৰাটৰ এজন ব্যৱসায়ীয়ে ৰাস্তাত হীৰা ছটিয়াই দিয়া বুলি মিছাকৈ দাবী কৰা হৈছে গুজৰাটৰ এজন ব্যৱসায়ীয়ে ৰাস্তাত হীৰা ছটিয়াই দিয়া বুলি মিছা দাবী কৰি শ্বেয়াৰ কৰা X আৰু ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

মিছা

আৰক্ষী আৰু স্থানীয় এজন সাংবাদিকে চুৰাটৰ এটা ৰাস্তাত সিঁচৰতি হৈ পৰি থকা হীৰাবোৰ নকল আছিল বুলি নিশ্চিত কৰিছে।

দাবী কি?

এক্স (পূৰ্বৰ টুইটাৰ)ত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে য’ত গুজৰাটৰ চুৰাটৰ এজন হীৰা ব্যৱসায়ীয়ে হীৰা বজাৰৰ মন্দা অৱস্থাৰ বাবে হীৰাৰ টুকুৰা ৰাজপথত পেলাই দিবলৈ বাধ্য হৈছিল বুলি দাবী কৰিছে।

২৫ ছেপ্টেম্বৰত ভিডিঅ’টো শ্বেয়াৰ কৰাসকলৰ ভিতৰত কংগ্ৰেছৰ বিধায়ক জিগনেশ মেৱানীও আছিল, য’ত লিখা আছিল, “যোৱা ৯ বছৰত দেশত এক অৰ্থনৈতিক বিপ্লৱ আহিছে বুলি কৰা দাবীৰ মাজতে চুৰাটৰ এজন হীৰা ব্যৱসায়ীয়ে নিজৰ হীৰা পেলাই দিবলৈ বাধ্য হ’ল। বৰ্তমানৰ প্ৰত্যাহ্বানমূলক ব্যৱসায়িক পৰিৱেশত তেওঁৰ ব্যৱসায়ৰ চাহিদা বৃদ্ধি কৰিব নোৱাৰাৰ বাবে হতাশ হোৱাৰ ফলত তেওঁ এনে কৰিছে। কেইবাজনো লোকে পৰি থকা এই হীৰাৰ টুকুৰা বিলাক ৰাজপথৰ তুলি অনা দেখা যায়। ৰপ্তানি কমি অহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চুৰাটৰ হীৰা উদ্যোগৰ ভয়াৱহ অৱস্থা আমি এতিয়াহে কল্পনা কৰিব পাৰো। #গুজৰাট। (অসমীয়ালৈ অনুবাদিত)" মেৱানীৰ ভিডিঅ’টোৱে ২৬০ হাজাৰতকৈ অধিক ভিউ লাভ কৰে। পোষ্টবোৰৰ আৰ্কাইভ লিংক ইয়াত আৰু ইয়াত পোৱা যাব।

জিগনেশ মেৱানীয়ে শ্বেয়াৰ কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট । (উৎস: X/স্ক্ৰীণশ্বট)

এনে ধৰণৰ অনুৰূপ দাবীৰে এক পোষ্ট অসমীয়াতো দেখা গৈছে । পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত পাব । 

অসমীয়াত শ্বেয়াৰ কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট । (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্যে, চুৰাটত মাটিত সিঁচৰতি হৈ থকা হীৰাবোৰ নকল আছিল।

সত্য কি?

আমি আহমেদাবাদ মিৰ’ৰত প্ৰকাশিত এটা লেখা লাভ কৰোঁ, যাৰ শিৰোনাম আছিল, “Heartless  Prank? Surtis Search Streets For Lost Diamonds,” (হৃদয়হীন ধেমালি? চুৰাটৰ লোকে ৰাস্তাত হেৰুৱা হীৰা বিচাৰিছে)। ২৫ ছেপ্টেম্বৰত প্ৰকাশিত বাতৰিটোত কোৱা হৈছে যে ৰাস্তাত পোৱা হীৰাবোৰ নকল আছিল। লেখাটোত উল্লেখ কৰা হৈছে যে এজন অচিনাক্ত ব্যক্তিয়ে ৰাজপথত হীৰা পেলোৱাৰ উৰাবাতৰিৰ ফলত স্থানীয় লোকে ২৪ ছেপ্টেম্বৰত হীৰা বিচাৰিছিল। এইটোও উল্লেখ কৰা হৈছে যে বাৰাছা অঞ্চলত “হীৰা বিক্ৰী আৰু ক্ৰয়ৰ বাবে এক সুপৰিচিত মিনি বজাৰ আছে।”

প্ৰতিবেদনত চুৰাটত হীৰা বিচৰা লোকসকলৰ ভিতৰত এজন অৰবিন্দ পাঞ্চেৰিয়াৰ উদ্ধৃতি দি কোৱা হৈছে যে, “এজন মানুহে এটা হীৰা পাইছিল, কিন্তু সেইটো পাছত এটা নকল হীৰা বুলি গম পোৱা গ'ল — আমেৰিকান হীৰা যিটো গহনা বা শাৰীৰ কামত ব্যৱহাৰ কৰা হয়। কোনোবাই যেন মানুহবোৰৰ সৈতে এটা 'প্ৰেংক' কৰিলে ।"

চুৰাটৰ বাৰাছা থানাৰ আৰক্ষী পৰিদৰ্শক আলপেশ গাবানীয়ে লজিকেলী ফেক্টছক এই হীৰাবোৰ নকল বুলি নিশ্চিত কৰিছে। তেওঁ কয়, “এই কাণ্ডৰ কোনো সত্যতা নাই [এক্স পোষ্টত বৰ্ণনা কৰা ধৰণে]। আচলতে সেইবোৰ এম্ব্ৰয়ডাৰীত ব্যৱহাৰ কৰা পাথৰ আছিল আৰু প্ৰকৃত হীৰা নাছিল।”

লজিকেলী ফেক্টছে সন্দেশ নিউজৰ চুৰাটস্থিত সাংবাদিক মনীষ পৰমাৰৰ সৈতেও যোগাযোগ কৰিছিল, যিয়ে কয়, “এই হীৰাবোৰ কোনে নিক্ষেপ কৰিছিল সেয়া নিশ্চিত হোৱা নাই, কিন্তু সেয়া সম্ভৱতঃ এটা প্ৰেংক আছিল। এইবোৰ ৰাখী আৰু শাৰীত ব্যৱহৃত প্লাষ্টিকৰ হীৰা, মুঠ খৰচ ২০০ টকাও নহয়। সাধাৰণতে চহৰত ইফালে সিফালে পেলাই দিয়া দেখা যায়, কিন্তু এইবাৰ কেনেবাকৈ মানুহে প্ৰকৃত হীৰা বুলি ভাবি ৰাজপথত সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে, আৰু... ভিডিঅ’টো ভাইৰেল হৈ পৰিল।”

সিদ্ধান্ত

আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো কিয়নো আৰক্ষী আৰু স্থানীয় সাংবাদিকে হীৰাবোৰ ভুৱা বুলি নিশ্চিত কৰিছে। প্ৰকৃততে এই হীৰাবোৰৰ সন্ধানত ভাগ লোৱা লোকসকলে কেৱল এম্ব্ৰয়ডাৰীৰ কামত ব্যৱহাৰ কৰা নকল পাথৰহে পাইছিল।

(অনুবাদ: অনুৰাগ বৰুৱা)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।