মূল স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰলৈ লোকসভা অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি সংবাদ মাধ্যমত ভুল বাতৰি পৰিৱেশন

স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰলৈ লোকসভা অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি সংবাদ মাধ্যমত ভুল বাতৰি পৰিৱেশন

লেখক: সোহম শ্বাহ

জুন 27 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰলৈ লোকসভা অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি সংবাদ মাধ্যমত ভুল বাতৰি পৰিৱেশন ২০২৪ চনত প্ৰথমবাৰলৈ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি সংবাদ মাধ্যমত ভুল বাতৰি প্ৰকাশ পাইছে। (উৎস: প্ৰাগ নিউজ/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

সংসদীয় অভিলেখসমূহৰ পৰা নিশ্চিত হোৱা যায় যে স্বাধীনতাৰ পৰৱৰ্তী সময়ত একাধিকবাৰ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।

কি দাবী কৰা হৈছে?

দেশৰ একাধিক সংবাদ মাধ্যমে স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি যোৱা মঙলবাৰে বাতৰি পৰিৱেশন কৰিছিল। উক্ত প্ৰতিবেদনসমূহৰ মতে পূৰ্বৰ অধ্যক্ষসকলক বিৰোধী প্ৰাৰ্থী অবিহনে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হৈছিল।

বিৰোধী দলসমূহে অধ্যক্ষৰ পদৰ বাবে কংগ্ৰেছ সাংসদ কোডিকুন্নিল সুৰেশক মনোনীত কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে এই বাতৰিসমূহ প্ৰকাশ পায়। সদনৰ পৰম্পৰাৰ ব্যতিক্ৰম হিচাপে গণ্য কৰা এই পদক্ষেপক নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স (এনডিএ)-এ উপাধ্যক্ষ পদৰ বাবে বিৰোধীয়ে আগবঢ়োৱা প্ৰস্তাৱক সমৰ্থন নকৰাৰ প্ৰতিক্ৰিয়া বুলি কংগ্ৰেছ দলে উল্লেখ কৰিছে। 

উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টিয়ে ওম বিৰলাক মনোনীত কৰিছিল আৰু তেওঁ ইতিমধ্যে একেৰাহে দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে।

দেশৰ একাধিক শীৰ্ষ সংবাদ মাধ্যম যেনে দ্য ইকনমিক টাইমছ, হিন্দুস্তান টাইমছ, মিণ্ট, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, বিজনেছ ষ্টেণ্ডাৰ্ড, অনমানোৰামা, ফাইনেন্সিয়েল এক্সপ্ৰেছ, দ্য নিউজ মিনিট আদিৰ লগতে হিন্দী ভাষাৰ হিন্দুস্তান আৰু জাগৰন জোছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিল। অৱশ্যে পিছত হিন্দুস্তান টাইমছ আৰু হিন্দুস্তানে নিজৰ প্ৰতিবেদন আপডেট কৰে আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছে তেওঁলোকৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ ভিত্তিত দিয়া ইনষ্টাগ্ৰাম পোষ্টটো ডিলিট কৰিছে। ইয়াৰ উপৰি প্ৰতিদিন টাইম, প্ৰাগ নিউজ আদি অসমৰ একাংশ সংবাদ মাধ্যমেও একেধৰণৰ দাবীৰে বাতৰি পৰিৱেশন কৰিছিল। 

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৪ চনত প্ৰথমবাৰলৈ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। (উৎস: প্ৰতিদিন টাইম/দ্য ইণ্ডিয়ান এক্সপ্ৰেছ/ফেচবুক/ইনষ্টাগ্ৰাম/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একেটা দাবীকে একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এক্সত শ্বেয়াৰ কৰিছিল (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে)।

একেই দাবী কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমাৰ অনুসন্ধানত এই দাবী মিছা বুলি ধৰা পৰিছে। ইয়াৰ আগতেও লোকসভাৰ অধ্যক্ষ পদৰ বাবে বিৰোধী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ তথ্য পোৱা যায়।

প্ৰকৃত সত্য কি?

১৯৫২ চনত প্ৰথম অধ্যক্ষ নিৰ্বাচিত হোৱাৰ সময়ত লোকসভাৰ ৰেকৰ্ডত প্ৰকাশ পাইছে যে অধ্যক্ষসকলক প্ৰায়ে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হৈছিল যদিও বিৰোধী প্ৰাৰ্থীৰ বাবে প্ৰস্তাৱ একাধিকবাৰ উত্থাপন কৰা হৈছে।

লোকসভাৰ অধ্যক্ষ পদৰ বাবে কেতিয়া কেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল? 

১৯৫২ চনৰ ১৫ মে'ত অনুষ্ঠিত প্ৰথম লোকসভা অধিৱেশনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুকে ধৰি একাংশ সদস্যই অধ্যক্ষ পদৰ বাবে আইএনচিৰ জিভি মাভালংকাৰক মনোনীত কৰিছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এ কে গোপালন প্ৰমুখ্যে আন একাংশই শংকৰ শান্তৰাম ম’ৰৰ সপক্ষে প্ৰস্তাৱ আগবঢ়ায়। অৱশেষত বিভাজন ভোটৰ জৰিয়তে মাভালংকৰৰ মনোনয়ন গৃহীত হোৱাৰ ফলত বাকী প্ৰস্তাৱসমূহ অকাৰ্যকৰী হৈ পৰে।

১৯৬৭ চনত ৰাম সিঙে অধ্যক্ষৰ বাবে আইএনচিৰ নীলম সঞ্জীৱ ৰেড্ডীক মনোনীত কৰিছিল। আনহাতে স্বতন্ত্ৰ দলৰ এন ডাণ্ডেকাৰকে ধৰি আন সদস্যসকলে টেনেটি বিশ্বনাথমৰ নাম প্ৰস্তাৱ কৰে। ১৯৫২ চনৰ দৰেই বিভাজন ভোটৰ জৰিয়তে ৰেড্ডীৰ মনোনয়নে প্ৰাধান্য লাভ কৰে আৰু বিশ্বনাথমৰ সপক্ষে কৰা প্ৰস্তাৱসমূহ বাতিল কৰা হয়।

১৯৭৬ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কাৰ্যকালত চলা জৰুৰীকালীন অৱস্থাত এটা প্ৰস্তাৱত আইএনচিৰ বালি ৰাম ভগতক লোকসভাৰ অধ্যক্ষ হিচাপে প্ৰস্তাৱ কৰা হৈছিল। জনসংঘৰ জগন্নাথৰাও যোশীৰ নাম প্ৰস্তাৱ কৰি জনতা পাৰ্টিৰ প্ৰসানভাই মেহতাই আন এক প্ৰস্তাৱ উত্থাপন কৰে। ভগতৰ এই প্ৰস্তাৱ বিভাজন ভোটৰ জৰিয়তে গৃহীত হোৱাৰ ফলত যোশীৰ প্ৰস্তাৱ অকাৰ্যকৰী হৈ পৰে।

১৯৯৮ চনত তেলেগু দেশম পাৰ্টিৰ জি এম চি বালযোগী লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। প্ৰথম অৱস্থাত শৰদ পাৱাৰে পূৰ্ণ চাংমাৰ নাম প্ৰস্তাৱ কৰিছিল যদিও মৌখিক ভোটত এই প্ৰস্তাৱ পৰাস্ত হৈছিল। ইয়াৰ পিছতে বিজেপিৰ অটল বিহাৰী বাজপেয়ীয়ে বালযোগীৰ নাম মনোনয়ন কৰি তেওঁক অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাটো নিশ্চিত কৰে।

এইসমূহৰ বাহিৰে বাকী সকলো অধিৱেশনতে লোকসভাৰ অধ্যক্ষ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল।

১৯৯১ চনত কি হৈছিল? 

লোকসভাৰ অভিলেখসমূহৰ মতে ১৯৯১ চনত আইএনচিৰ অৰ্জুন সিঙে লোকসভাৰ অধ্যক্ষ পদৰ বাবে শিৱৰাজ পাটিলৰ নাম প্ৰস্তাৱ কৰিছিল।

উক্ত অধিৱেশনৰ সময়ত বিজেপিৰ লাল কৃষ্ণ আদবানীকে ধৰি কেইবাজনো সদস্যক অধ্যক্ষ পদৰ প্ৰাৰ্থীৰ প্ৰস্তাৱ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁলোকে ইয়াক নাকচ কৰে। ৰেকৰ্ডত দেখা গৈছে যে যেতিয়া চিপিআই (এম)ৰ বাসুদেৱ আচাৰিয়াক তেওঁৰ প্ৰস্তাৱ দাখিল কৰিবলৈ মাতি অনা হৈছিল তেতিয়া তেওঁ অধ্যক্ষৰ আগত কয় যে তেওঁ জনতা দলৰ ৰবি ৰায়ক মনোনয়ন কৰিব বিচাৰে। কিন্তু কিছু আলোচনাৰ অন্তত তেওঁ প্ৰস্তাৱটো আগবঢ়াই নিয়াৰ সিদ্ধান্ত লয়, আৰু ইয়াক কেতিয়াও আনুষ্ঠানিকভাৱে লিপিবদ্ধ কৰা নহ’ল।

অৱশেষত কেৱল পাটিলৰ নামটোহে মনোনিত হ’ল আৰু তেওঁ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।

২০২৪ চন

২০২৪ চনৰ জুনত ২০১৯ চনৰ পৰা ২০২৪ চনলৈ পূৰ্বে অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা বিৰলা পুনৰ এই পদত নিৰ্বাচিত হয়। বিৰোধী দলসমূহে অধ্যক্ষৰ আসনৰ বাবে সুৰেশৰ নাম প্ৰস্তাৱ কৰিছিল যদিও ট্ৰেজাৰী বেঞ্চে মৌখিক ভোটৰ জৰিয়তে বিৰলাৰ মনোনয়নত অনুমোদন জনায়।

লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ পদ্ধতি

লোকসভাৰ ‘Rules of Procedures and Conduct of Business’ অনুসৰি অধ্যক্ষক মনোনীত কৰাৰ বাবে প্ৰস্তাৱসমূহ এবাৰ প্ৰস্তাৱ আৰু সমৰ্থন কৰাৰ পিছত দাখিল কৰা ক্ৰমত উপস্থাপন কৰা হয়। প্ৰয়োজন হ’লে বিভাজন ভোটৰ দ্বাৰা সিদ্ধান্ত ল’ব পাৰে।

সিদ্ধান্ত

ভাৰতৰ স্বাধীনতাৰ পিছত ২০২৪ চনত প্ৰথমবাৰলৈ লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি প্ৰচাৰিত দাবী মিছা হয়। ইয়াৰ পূৰ্বে একাধিকবাৰ বিৰোধী সমৰ্থিত প্ৰাৰ্থীয়ে পদটোৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ দৃষ্টান্ত।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।