লেখক: চন্দন বৰগোহাঁই
অক্টোবৰ 4 2023
আৰম্বাই টেংগলক শিক্ষাৰ্থী দুগৰাকীৰ মৃত্যুৰ সৈতে জড়িত কৰিবলৈ তেওঁলোকৰ পিছফালে ক’লা টি-চাৰ্ট পিন্ধা লোকজনক দেখুওৱা ফটোখন সম্পাদনা কৰি তৈয়াৰ কৰা হৈছে।
শেহতীয়াকৈ ভাৰতৰ অশান্ত উত্তৰ-পূব ৰাজ্য মণিপুৰত যোৱা ৬ জুলাইত নিৰুদ্দেশ হোৱা দুগৰাকী মেইটেই শিক্ষাৰ্থীৰ মৃতদেহৰ ফটো ইণ্টাৰনেটত প্ৰকাশ পোৱাৰ পিছতে পুনৰ এক অস্থিৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছে।
শিক্ষাৰ্থী দুগৰাকীৰ অপহৰণ আৰু হত্যাৰ লগত জড়িত থকাৰ অভিযোগত যোৱা ১ অক্টোবৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দুগৰাকী মহিলাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। মে’ মাহৰ পৰা মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা জাতিগত সংঘৰ্ষত, ৰাজ্যখনত ১৮০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে, আৰু দুয়োটা সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোকে ঘৰ এৰি যাবলৈ বাধ্য হৈছে।
কি দাবী কৰা হৈছে?
২০২৩ চনৰ ২৬ ছেপ্টেম্বৰত এজন ফেচবুক ব্যৱহাৰকাৰীয়ে দুখন ছবি শ্বেয়াৰ কৰিছিল য’ত মেইটেই সংগঠন আৰম্বাই টেংগলক মেইটেই শিক্ষাৰ্থী দুগৰাকীৰ মৃত্য়ুৰ সৈতে জড়িত কৰা হৈছে। ইয়াৰে এখন ছবিত ক’লা টি-চাৰ্ট পিন্ধি বন্দুক আৰু পানীৰ বটল লৈ এজন লোকক শিক্ষাৰ্থী দুগৰাকীৰ পিছফালে বহি থকা দেখা গৈছে। আনখন ছবি হৈছে ফেচবুক পেজ ‘এৰামডাম ই-পাও’ৰ পোষ্টৰ স্ক্ৰীণশ্বট। ছবি দুখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীজনে লিখিছে, “কিশোৰ দুজনক তেওঁলোকৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আৰম্বাই টেংগলে হত্যা কৰে। প্ৰমাণ : পানীৰ বটল আৰু বন্দুক লৈ ক'লা চাৰ্ট পিন্ধা মানুহজন মেইটেই আৰম্বাই টেংগল হয় । উৎস: ইৰামডাম ই-পাও মেইটেই ফেচবুক পেজ (sic.)” আৰ্কাইভ কৰা লিংকটো ইয়াত চাব পাৰিব।
ফেচবুক পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
অৱশ্যে এই কথা সঁচা নহয়। ছাত্ৰ-ছাত্ৰীসকলৰ পাছফালে ক’লা টি-চাৰ্ট পিন্ধা মানুহজনক দেখুওৱা ছবিখন ডিজিটেলভাৱে সলনি কৰা হৈছে, আৰু ‘এৰামডাম ই-পাও’ৰ স্ক্ৰীণশ্বটৰ ছবিখন মেইটেইৰ সৈতে জড়িত এক জনপ্ৰিয় পেজৰ হুবহু নকল কৰা এটা ফেচবুক একাউণ্টৰ পৰা লোৱা হৈছে।
আমি কি তথ্য় লাভ কৰোঁ?
পোষ্টটোত দাবী কৰা আৰামবাই টেংগলৰ সদস্যজনৰ সৈতে মেইটেই শিক্ষাৰ্থী দুগৰাকীৰ ছবিখন ভালদৰে চালে দেখা যায় যে ইয়াক দুখন পৃথক ফটো ডিজিটেলভাৱে সম্পাদনা কৰি প্ৰস্তুত কৰা হৈছে। শেহতীয়াকৈ ইণ্টাৰনেটত প্ৰকাশ পোৱাৰ পিছত ৰাজ্যখনত অশান্তিৰ সৃষ্টি কৰা ভাইৰেল ফটোখনৰ পৰা নিহত ছাত্ৰ-ছাত্ৰীৰ ফটোখন লোৱা হৈছে । বিভিন্ন বিশ্বাসযোগ্য সংবাদ মাধ্যমে ব্যৱহাৰ কৰা এই মূল ফটোখনত স্পষ্টকৈ দেখা গৈছে যে দূৰত দুজন লোকে হাতত বন্দুক লৈ আছে।
ভাইৰেল ফটো আৰু নিউজ৯-ত থকা প্ৰকৃত ফটোখনৰ তুলনা। (উৎস: ফেচবুক(বাওঁফালে)/X(সোঁফালে)/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
তদুপৰি পোষ্টটোৰ কমেণ্টত একাধিক ব্যৱহাৰকাৰীয়ে ক’লা টি-চাৰ্ট পিন্ধা ব্যক্তিজনৰ ফটোখন শ্বেয়াৰ কৰা আমি দেখিবলৈ পাওঁ। আমি এটা ৰিভাৰ্ছ ইমেজ চাৰ্চ চলাই গম পালোঁ যে উক্ত ফটোখন প্ৰথমে ২০২০ চনৰ ২২ জুনত কোৰুঙ্গানবা খুমান (Korounganba Khuman) নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল। ফটোখনৰ কেপনচনত তেওঁ লিখিছিল, ‘‘"চাকৰিয়ে আপোনাৰ ৱালেট ভৰ্তি কৰিব কিন্তু এডভেঞ্চাৰে আপোনাৰ আত্মা ভৰাই তুলিব....Samuk khul (Kounu emagi masaikol) yaifare {Humang +Nong} (sic.)।”
ভাইৰেল ফটো(বাওঁফালে) আৰু কোৰুঙ্গানবা খুমান প্ৰকৃত ফটো(সোঁফালে)-ৰ তুলনা। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
ইয়াৰ দ্বাৰা স্পষ্টকৈ দেখা যায় যে নিহত শিক্ষাৰ্থী দুগৰাকীৰ ফটোখন মূল ফটোখনৰ পৰা কাটি ২০২০ চনৰ জুন মাহত খুমানে পোষ্ট কৰা ফটোখনত সম্পাদনা কৰি লগাই দিয়া হৈছে।
আমি খুমানৰ ফেচবুক প্ৰফাইলটো চাওঁতে আৰম্বাই টেংগলৰ আন সদস্যসকলৰ আপলোড কৰা তেওঁৰ বহুকেইখন ফটো আৰু ভিডিঅ’ দেখিবলৈ পাওঁ৷ সদস্যসকলক দেখুওৱা একেধৰণৰ ফটো আৰু ভিডিঅ’ আৰম্বাই টেংগলৰ ফেচবুক পেজতো উপলব্ধ। আৰামবাই টেংগল হৈছে মণিপুৰৰ এটা মেইটেই সংগঠন, আৰু খুমান ইয়াৰ স্বয়ম্ভু সেনাপতি বুলি জানিব পৰা গৈছে।
তদুপৰি ফেচবুক পোষ্টটোত ব্য়ৱহাৰ কৰা আনখন ফটো য’ত 'এৰামডাম ই-পাও' (Eramdam E-pao)-ৰ স্ক্ৰীণশ্বটৰ ছবিত হত্যা কৰা শিক্ষাৰ্থী দুগৰাকীৰ ফটো দেখুওৱাৰ লগতে কেপচনত “মণিপুৰত অনাৰ কিলিং: ২০২৩ চনৰ ০৬ জুনত হিজাম লিনথোইঙ্গনবি আৰু ফিজাম হেমাঞ্জিট নামৰ এহাল কিশোৰ-কিশোৰীয়ে পলাই গৈ বিয়া পাতিছিল, তেওঁলোকৰ আশা আৰু সপোনবোৰক ভাঙি আৰম্বাই টেংগলে তেওঁলোকক হত্য়া কৰে’’ (ইংৰাজীৰ পৰা অনূদিত) বুলি লিখা হৈছে, সেই স্ক্ৰীণশ্বটটো 'এৰামদাম ই-পাও' প্ৰকৃত ফেচবুক পেজটোত শ্বেয়াৰ কৰা হোৱা নাছিল। 'এৰামডাম ই-পাও' আচল ফেচবুক পেজটো ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত সৃষ্টি কৰা হৈছিল আৰু ইয়াত ২,০৪,০০০তকৈ অধিক ফ’ল’ৱাৰ আছে। বৰঞ্চ উক্ত স্ক্ৰীণশ্বটটো হুবহু একে নামৰ আন এটা ফেচবুক পেজৰ পৰা লোৱা হৈছিল যিটো ২০২৩ চনৰ ৭ ছেপ্টেম্বৰত সৃষ্টি কৰা হৈছিল আৰু মাত্ৰ ৯৮৬ গৰাকী ফ’লৱাৰ আছে। ২৭ ছেপ্টেম্বৰত মূল পৃষ্ঠাটোৰ দ্বাৰা উক্ত স্ক্ৰীণশ্বটটো ভুৱা বুলি খণ্ডন কৰা হৈছিল।
তদুপৰি এই প্ৰতিবেদন লিখাৰ সময়লৈকে প্ৰকাশিত কোনো বিশ্বাসযোগ্য প্ৰতিবেদনে এই ঘটনাৰ সৈতে আৰম্বাই টেংগলৰ জড়িত থকাৰ কথা প্ৰকাশ কৰা নাই। সংবাদ মাধ্য়মৰ বাতৰি অনুসৰি উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চাৰিজন ব্যক্তিৰ নাম হৈছে পাওমিনলুন হাওকিপ, এছ মালছাউম হাওকিপ, লিংনেইচং বাইটে, আৰু টিনেইলহিং হেনথাং, আটাইকেইজনেই কুকি বুলি জানিব পৰা গৈছে। তেওঁলোকক বিশেষ বিমানেৰে গুৱাহাটীলৈ লৈ যোৱা হৈছে আৰু ৰাজ্য়খনৰ কুকি-জোমী সংগঠনে উক্ত গ্ৰেপ্তাৰক “অপহৰণ” বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
সিদ্ধান্ত
পোষ্টটোত এখন সম্পাদিত ফটো আৰু এটা ভুৱা ফেচবুক একাউণ্টত দিয়া পোষ্টৰ স্ক্ৰীণশ্বট ব্য়ৱহাৰ কৰি মেইটেই শিক্ষাৰ্থী দুগৰাকীৰ মৃত্য়ুৰ সৈতে আৰম্বাই টেংগলক জড়িত কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।