মূল 'হিন্দু মহিলাক ধৰ্মান্তৰিত হবলৈ বাধ্য কৰা হৈছে' বুলি বাংলাদেশী অভিনেতাৰ ক্লিপ প্ৰচাৰ

'হিন্দু মহিলাক ধৰ্মান্তৰিত হবলৈ বাধ্য কৰা হৈছে' বুলি বাংলাদেশী অভিনেতাৰ ক্লিপ প্ৰচাৰ

আগষ্ট 19 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
'হিন্দু মহিলাক ধৰ্মান্তৰিত হবলৈ বাধ্য কৰা হৈছে' বুলি বাংলাদেশী অভিনেতাৰ ক্লিপ প্ৰচাৰ বাংলাদেশী অভিনেত্ৰী আজমেৰী হক বধোনক ‘ধৰ্মান্তৰ কৰিবলৈ বাধ্য হোৱা হিন্দু মহিলা’ বুলি মিছাকৈ চিনাক্ত কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X /লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভিডিঅ’টোত বাংলাদেশী অভিনেতা আজমেৰী হক বধোনক ২০২৪ চনৰ ১ আগষ্টত এক প্ৰতিবাদত অংশ লোৱা দেখা গৈছে। ক্লিপটোক ভুৱা সাম্প্ৰদায়িক ৰহণ দি প্ৰচাৰ কৰা হৈছে।

দাবী কি?

‘বাংলাদেশৰ হিন্দু মহিলা’ক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বা দেশ এৰি যাবলৈ বাধ্য কৰা হৈছে বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এগৰাকী কান্দি উঠা মহিলাৰ ভিডিঅ’ প্ৰচাৰ হৈছে। ভাইৰেল ভিডিঅ’টোত মহিলাগৰাকীয়ে আৱেগিক হোৱাৰ পূৰ্বে মাইক্ৰ’ফোন ব্যৱহাৰ কৰি বাংলা ভাষাত কথা কৈ থকা দেখা গৈছে।

ভিডিঅ’টোৰ ওপৰত হিন্দীত লিখা আছে, “বাংলাদেশৰ হিন্দু বাঘিনী জয় শ্ৰী ৰামৰ গৰ্জন শুনক” আৰু লগতে ২০২৪ চনৰ ১২ আগষ্টৰ তাৰিখটোও অন্তৰ্ভুক্ত কৰা হৈছে।

এজন এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে: “বাংলাদেশৰ ইছলামিক (sic) মৌলানাসকলে এটা আলটিমেটাম দিছে: হয় গ্ৰহণ কৰক নহয় বাংলাদেশ বা বিশ্ব এৰি যাওক। ঘৰ এৰি ক’লৈ যাব? জীৱনৰ কষ্ট, সকলো আছে—কেনেকৈ এৰিব পাৰি? বাংলাদেশৰ হিন্দুসকলক সহায়ৰ প্ৰয়োজন; কাইলৈ, আপোনাকো ইয়াৰ প্ৰয়োজন হ’ব। ৫৭খন দেশ একত্ৰিত।  #AwesomeFreedomOffer” এই পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ আৰু অনুৰূপ দাবী ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকী হিন্দু নহয়। তেওঁ আৰক্ষীৰ সৈতে হোৱা হিংসাত্মক সংঘৰ্ষৰ সময়ত ছাত্ৰ-ছাত্ৰীক হত্যা কৰাৰ বিৰুদ্ধে মাত মাতি থকা আজমেৰী হক বধোন নামৰ এগৰাকী বাংলাদেশী অভিনেতা হয়।

আমি কি জানিব পাৰিলোঁ?

ভিডিঅ’টোৰ কীফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চৰ ফলত ২০২৪ চনৰ ১ আগষ্টত সমকাল নিউজ (ইয়াত আৰ্কাইভ কৰা হৈছে), যমুনা টিভি (ইয়াত আৰ্কাইভ কৰা হৈছে), আৰু বাৰ্তা২৪ (ইয়াত আৰ্কাইভ কৰা হৈছে)কে ধৰি বিভিন্ন সংবাদ মাধ্যমে ইউটিউবত উক্ত ভিডিঅ’টো আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হ'ল। ভিডিঅ’টোত মহিলাগৰাকী অভিনেতা আজমেৰী হক বধোন বুলি চিনাক্ত কৰা হৈছে।

২০২৪ চনৰ ১ আগষ্টত ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি বাংলাদেশত চলি থকা ছাত্ৰ আন্দোলনৰ সৈতে সংহতি প্ৰকাশৰ বাবে বহু শিল্পীয়ে ফাৰ্মগেটত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে হত্যাকাণ্ডৰ ন্যায় আৰু হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলোৱাৰ দাবী উত্থাপন কৰে।

বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদকাৰীসকলে হত্যাকাণ্ডক গৰিহণা দি গণগ্ৰেপ্তাৰ বন্ধ কৰাৰ আহ্বান জনাই চৰকাৰক সমালোচনা কৰি পদত্যাগ দাবী কৰে।

ঢাকা ট্ৰিবিউনৰ এটা প্ৰতিবেদনৰ স্ক্ৰীণশ্বট, য’ত আজমেৰী হক বাধোনৰ প্ৰতিবাদত অংশ কৰা এক ছবি সন্নিবিষ্ট কৰা হৈছে। (উৎস: ঢাকা ট্ৰিবিউন)

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে শিল্পীসকলে প্ৰথমে ৰাষ্ট্ৰীয় সংসদৰ সন্মুখত থকা মানিক মিঞা এভিনিউত পুৱা ১১ বজাত গোট খোৱাৰ পৰিকল্পনা কৰিছিল যদিও আৰক্ষীয়ে তেওঁলোকক ৰখাই দিয়ে। ইয়াৰ পিছতে তেওঁলোকে ইন্দিৰা ৰোড হৈ ফাৰ্মগেটৰ আনন্দ চিনেমা হলৰ সন্মুখলৈ যাত্ৰা কৰে। এই প্ৰতিবাদত মামুনুৰ ৰছিদ, মোশ্বাৰফ কৰিম, বাধোন, ছাবিলা নূৰ, আছফাক নিপুন, নুৰুল আলম আটিককে ধৰি বিশিষ্ট শিল্পীয়ে অংশগ্ৰহণ কৰে।

আৰ টি ভি নিউজৰ এটা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বধোনে বৰষুণৰ মাজতো ৰেলীৰ সময়ত ভাঙি পৰিছিল আৰু কৈছিল, “মোৰ সন্তান আজি তাত থাকিব পাৰিলেহেঁতেন। এনেকৈ শান্তিৰে থাকিব নোৱাৰি। এইবোৰ বন্ধ কৰিব লাগিব। আমাক বিচাৰ লগে। আমি ৰাজ্যিক ন্যায় বিচাৰো।”

অভিনেতা আজমেৰী হকৰ ছবিৰ সৈতে আৰ টি ভি নিউজৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: আৰটিভি নিউজ)

প্ৰথম আলোৱে ২০২৪ চনৰ ১ আগষ্টত প্ৰকাশ কৰা বাতৰি অনুসৰি শিল্পীসকলে ছাত্ৰ আন্দোলনক চৰকাৰে নিৰ্মমভাৱে দমন কৰা কাৰ্যক সমালোচনা কৰে। এই প্ৰতিবেদনত বধোনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে সংহতি প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ ন্যায়ৰ দাবীত এক বিবৃতি সন্নিবিষ্ট কৰা হৈছিল।

বাধোনৰ ইনষ্টাগ্ৰাম একাউণ্টে নিশ্চিত কৰিছে যে ২০২৪ চনৰ ৬ আগষ্টত তেওঁ একেটা ৰেলীৰ এখন ছবি পোষ্ট কৰিছিল, কেপচনত উল্লেখ কৰা হৈছে যে এই অনুষ্ঠানটো ১ আগষ্টত অনুষ্ঠিত হৈছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)।

বধোনে ২০২৪ চনৰ ১৩ আগষ্টৰ ফেচবুক পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) এক্সত ভাইৰেল পোষ্টটোক সম্বোধন কৰে। তেওঁ কয়, ‘এগৰাকী গৌৰৱান্বিত বাংলাদেশী হিচাপে শেহতীয়াকৈ মই ছাত্ৰ-ছাত্ৰীৰ অধিকাৰৰ দাবী কৰা আৰু অত্যাচাৰী হাছিনা শাসনৰ বিৰুদ্ধে মাত মাতি অহা প্ৰতিবাদৰ মোৰ নিজা ভিডিঅ’ শ্বেয়াৰ কৰিছো। মই ঘোষণা কৰিলোঁ যে এইখন মোৰ দেশ, আৰু আমি ইয়াৰ সংস্কাৰত সহায় কৰিম!” লতে তেওঁ ভাৰতীয় সংবাদ মাধ্যমৰ বিৰুদ্ধে মিছা কথা বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰে।

২০২৩ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা আৰু বিশাল ভৰদ্বাজৰ ছবি খুফিয়াত অভিনয় কৰা বধোন ভাইৰেল পোষ্টটোত দাবী কৰা মতে হিন্দু নহয়, মুছলমান সম্প্ৰদায়ৰ সদস্য হয়।

বাংলাদেশত সাম্প্ৰতিক অশান্তি

বাংলাদেশত কেইবামাহো ধৰি চলি থকা অশান্তিৰ আৰম্ভণি হৈছিল কোটা ব্যৱস্থাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পৰা আৰু ইয়াৰ বিকাশ ঘটি চৰকাৰ বিৰোধী বিক্ষোভলৈ পৰিণত হৈছিল, যাৰ ফলত কমেও ৫৬০ জন লোকৰ মৃত্যু হৈছিল।

বাংলাদেশত ৫ আগষ্টত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পিছত সংসদ ভংগ কৰি তাৰ ঠাইত নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। ইয়াত হিন্দুৰ ওপৰত আক্ৰমণৰ খবৰ পোৱা গৈছে, যাৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতত প্ৰতিবাদৰ সৃষ্টি হৈছে।

সিদ্ধান্ত

ভিডিঅ’টোত বাংলাদেশী অভিনেতা আজমেৰী হক বধোনে ১ আগষ্টৰ প্ৰতিবাদৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত হোৱা হিংসাৰ বিৰুদ্ধে মাত মাতিছে। সাম্প্ৰদায়িক দাবী ভিত্তিহীন।

(লজিকেলী ফেক্টছে বাংলাদেশত হিংসাৰ সৈতে জড়িত ভুল তথ্যসমূহ সক্ৰিয়ভাৱে সত্যতা নিৰূপণ কৰি আহিছে। আমাৰ তথ্য-পৰীক্ষাসমূহ ইয়াত পঢ়িব পাৰিব।)

(অনুবাদ: অনুৰাগ বৰুৱা)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।