মূল বাংলাদেশৰ ভিডিঅ’ পশ্চিমবংগত হিন্দুৰ ওপৰত চলা আক্ৰমণ বুলি শ্বেয়াৰ কৰা হৈছে

বাংলাদেশৰ ভিডিঅ’ পশ্চিমবংগত হিন্দুৰ ওপৰত চলা আক্ৰমণ বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি

জুন 19 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বাংলাদেশৰ ভিডিঅ’ পশ্চিমবংগত হিন্দুৰ ওপৰত চলা আক্ৰমণ বুলি শ্বেয়াৰ কৰা হৈছে পশ্চিমবংগত এটা হিন্দু পৰিয়ালক টিএমচিৰ কৰ্মী আৰু ইছলামিক মবে আক্ৰমণ কৰা বুলি প্ৰচাৰ কৰা ভাইৰেল ভিডিঅ’ৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত

ফেক্ট চেক

মিছা

ভিডিঅ'টোত বাংলাদেশৰ গ্ৰীণ এৰোনো পাৰ্কৰ কৰ্মচাৰীয়ে এজন দৰ্শনাৰ্থীৰ বাহনক আক্ৰমণ কৰা দেখা হৈছে। পশ্চিমবংগ বা টিএমচিৰ সৈতে ভিডিঅ’টোৰ কোনো সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত বিভিন্নজনে শ্বেয়াৰ কৰি থকা এটা ভাইৰেল ভিডিঅ’ত এদল লোকে এখন বাহনত বহি থকা কেইগৰাকীমান যাত্ৰীক ভয়-ভাবুকি থকা দেখা গৈছে। ভিডিঅ’টো পশ্চিমবংগৰ বুলি শ্বেয়াৰ কৰি বহুতেই দাবী কৰিছে যে ইয়াত এটা হিন্দু পৰিয়ালক তৃণমূল কংগ্ৰেছৰ কৰ্মী আৰু ‘‘ইছলামিক মবে’’ আক্ৰমণ কৰা দেখা গৈছে। ভিডিঅ’টোত গাড়ীৰ পিছৰ চিটত এটি শিশু আৰু ড্ৰাইভাৰৰ চিটত এজন ভীতিগ্ৰস্ত লোকে গাড়ীখনৰ বাহিৰত থকা লোককেইজনক কাকূতি কৰি থকা দেখা গৈছে।

এক্সত এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “ভাৰত অতি ভয়ংকৰ... ভাৰতৰ পশ্চিম বংগত হিন্দুৰ গণহত্যাৰ দৰে কাণ্ড সংঘটিত হৈছে। টিএমচিৰ গুণ্ডা আৰু 'ইছলামিক মবে' মিলি এখন হিন্দু গাড়ী ৰখাই দিয়ে, য’ত এগৰাকী মহিলা, স্বামী আৰু কণমানি ছোৱালী বহি আছে। হিন্দু মহিলাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালে জীৱনৰ ভিক্ষা খুজিছে। হিন্দুসকলে সাৰ নাপালে কাইলৈ আপোনালোকৰ লগতো একেই হ’ব (sic) ।” এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবীটো মিছা, কাৰণ এইটো পশ্চিমবংগৰ নহয় বৰঞ্চ বাংলাদেশৰহে ভিডিঅ’।

প্ৰকৃত সত্য কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীত সময় টিভি নামৰ বাংলাদেশৰ এটা বাংলা ভাষাৰ টিভি চেনেলৰ ইউটিউব চেনেলত আপলোড কৰা মূল ভিডিঅ’টো লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে)। ভিডিঅ’টোৰ শিৰোনাম হৈছে: “কৰ্মচাৰীৰ আক্ৰমণৰ চিকাৰ পাৰ্ক দৰ্শনাৰ্থী |  গ্ৰীণ এৰোনো পাৰ্ক | মৈমনসিং | সময় টিভি

ভিডিঅ’ প্ৰতিবেদনটোৰ মতে বাংলাদেশৰ মৈমনসিঙৰ গ্ৰীণ এৰোনো নামৰ এখন পাৰ্ক আৰু ৰিজৰ্টৰ কৰ্মচাৰীয়ে শ্বাহজাহান মিয়া নামৰ এজন লোকৰ পৰিয়ালক আক্ৰমণ কৰিছিল। টিকটক লৈ সৃষ্টি হোৱা এক বিবাদৰ পিছত পৰিয়ালটোৱে পাৰ্কখনৰ ওলাই যাবলৈ লোৱাৰ সময়তে উক্ত ঘটনাটো সংঘটিত হৈছিল।

আৰটিভি অনলাইন নামৰ বাংলাদেশৰ আন এটা সংবাদ প্ৰতিষ্ঠানেও ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা এক প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট প্ৰকাশ কৰিছিল। আৰটিভি অনলাইনৰ মতে গাজীপুৰ জিলাৰ শ্বাহজাহান মিয়াই যোৱা ৫ ফেব্ৰুৱাৰীত পত্নী আৰু সন্তানৰ সৈতে মৈমেনসিং জিলাৰ ভালুকাৰ গ্ৰীণ এৰোনো পাৰ্ক পৰিদৰ্শন কৰিছিল। কিন্তু পাৰ্কৰ কৰ্মচাৰীৰ সৈতে টিকটক লৈ মতানৈক্যৰ সৃষ্টি হয় আৰু পিছত পাৰ্ক কৰ্তৃপক্ষ আৰু কৰ্মচাৰীয়ে শ্বাহজাহানৰ গাড়ীখন আক্ৰমণ কৰি খিৰিকী ভাঙিবলৈ চেষ্টা কৰে। ভিডিঅ’টো ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল আৰু মানুহে ঘটনাটোক যথেষ্ট গৰিহণা দিছিল।

৬ ফেব্ৰুৱাৰীত শ্বাহজাহানে উদ্যানখনৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে ভালুকা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে আক্ৰমণৰ সৈতে জড়িত তিনিজন কৰ্মচাৰী ক্ৰমে আবু নাইম (৩৮), হাছান চৌধুৰী (৪০), আৰু আতিয়াৰ ৰহমান (৩৭)ক গ্ৰেপ্তাৰ কৰে।

ছিলেট অঞ্চলৰ পৰ্যটন আৰক্ষীৰ অফিচিয়েল ফেচবুক একাউণ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) আটাকাধীন লোককেইজনৰ ফটো শ্বেয়াৰ কৰা হৈছে। পোষ্টটোৰ মতে, ভালুকা আদৰ্শ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বাহ কমল আকান্দে উল্লেখ কৰে যে উপ-পৰিদৰ্শক আমিনুল ইছলামে গোচৰটোৰ তদন্ত কৰি আছে, ইয়াৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

লজিকেলী ফেক্টছে দৃশ্যগতভাৱে নিশ্চিত কৰিছে যে গ্ৰেপ্তাৰ কৰা লোককেইজন সঁচাকৈয়ে ভাইৰেল ভিডিঅ’টোত দেখা লোককেইজনে হয়।

ভাইৰেল ভিডিঅ’টোৰ সৈতে গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ তুলনা। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

সিদ্ধান্ত

চাৰি মাহ ধৰি ইণ্টাৰনেটত উপলব্ধ বাংলাদেশৰ এটা ভিডিঅ’, য’ত এটা পৰিয়ালক বিনোদন উদ্যানৰ কৰ্মচাৰীয়ে আক্ৰমণ কৰা দেখা গৈছে, পশ্চিমবংগত সংঘটিত এক সাম্প্ৰদায়িক ঘটনা বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।