মূল ২০২২ চনত উত্তৰাখণ্ডত সংঘটিত হত্যাকাণ্ডৰ ভিডিঅ' মিছা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে

২০২২ চনত উত্তৰাখণ্ডত সংঘটিত হত্যাকাণ্ডৰ ভিডিঅ' মিছা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে

লেখক: ভনীতা গণেশ

জুলাই 31 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২২ চনত উত্তৰাখণ্ডত সংঘটিত হত্যাকাণ্ডৰ ভিডিঅ' মিছা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে ছ’চিয়েল মিডিয়াত ভিডিঅ'টো শ্বেয়াৰ কৰি লাভ জেহাদৰ মিছা সাম্প্ৰদায়িক দাবী কৰা হৈছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

২০২২ চনত আৰক্ষীয়ে পঞ্জীয়ন কৰা এফ আই আৰত নিহত মহিলাগৰাকী আৰু হত্যাকাণ্ডৰ অভিযুক্ত দুয়ো মুছলমান সম্প্ৰদায়ৰ বুলি স্পষ্টকৈ উল্লেখ কৰা আছে।

(সতৰ্কবাণী: এই প্ৰতিবেদনত হিংসাৰ গ্ৰাফিক বৰ্ণনা আছে। লজিকেলী ফেক্টছে ভিডিঅ'টোত থকা হিংসাত্মক বিষয়বস্তুৰ বাবে ভিডিঅ'টোৰ লিংক অন্তৰ্ভুক্ত কৰা নাই।)

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা গ্রাফিক ভিডিঅ’ত এটা ছুটকেছত এগৰাকী মহিলাৰ মৃতদেহ দেখুওৱা হৈছে, একাধিক লোকে ভিডিঅ’ শ্বেয়াৰ কৰি এজন মুছলমান সম্প্ৰদায়ৰ লোকে ‘হিন্দু মহিলাগৰাকীক’ হত্যা কৰা ​​বুলি দাবী কৰিছে। ভিডিঅ’টোত মহিলাগৰাকীৰ মৃতদেহ থকা ছুটকেছটোৰ কাষত এজন লোকক টক কৰি ৰখাৰ দৃশ্য দেখা গৈছে।

এক্সত এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচত লিখিছে: “লাভ জেহাদৰ বলি। আন এগৰাকী হিন্দু যুৱতী। প্ৰাপ্ত তথ্য মতে মহম্মদ আয়ান নামৰ এজন মুছলমান লোকে তেওঁৰ হিন্দু প্ৰেমিকাক হত্যা কৰে। মৃতদেহটো এটা ছুটকেছত উদ্ধাৰ কৰা হৈছে (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)।"

আন এজন ব্যৱহাৰকাৰীয়ে কমেন্টত লিখিছে: “সকলো আব্দুল একেই... আন এটা ছুটকেছ... আন এটা কাহিনী।” (লজিকেলী ফেক্টছে ভিডিঅ'টোৰ গ্ৰাফিক দৃশ্যৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ লাইভ বা আৰ্কাইভ লিংক সন্নিৱিষ্ট কৰা নাই)।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উগ্ৰ হিন্দুত্ববাদী সকলে ব্যৱহাৰ কৰা “লাভ জেহাদ” এক উগ্ৰ ষড়যন্ত্ৰমূলক তত্ত্ব, য’ত মুছলমান পুৰুষে হিন্দু নাৰীক ধৰ্মান্তৰিত কৰাৰ উদ্দেশ্যে প্ৰেমৰ জালত পেলাই বুলি কয়। লজিকেলী ফেক্টছে আগতেও এই তত্ত্বৰ সৈতে জড়িত একেধৰণৰ একাধিক দাবী ফেক্ট-চেক কৰিছে, ইয়াত, ইয়াত আৰু ইয়াত পঢ়িব পাৰিব। 

অৱশ্যে ভাইৰেল দাবীটো মিছা। আমাৰ অনুসন্ধানত নিহত মহিলাগৰাকী আৰু অভিযুক্ত দুয়োজনেই মুছলমান সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ’টোৰ কিফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি নিউজ১৮-এ ২০২২ চনৰ ২৬ মাৰ্চত প্ৰকাশ কৰা এটা প্ৰতিবেদন লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে)। “কলিয়াৰ হত্যাকাণ্ড: ছুটকেছত পোৱা গ’ল যুৱতীৰ মৃতদেহ, উদ্দেশ্য প্ৰকাশ কৰাৰ আগতে যুৱকে ঘটনাক অন্য ৰূপ দিছিল” শীৰ্ষক প্ৰবন্ধটোত অভিযুক্তৰ ফটো আৰু ভাইৰেল ভিডিঅ’টোত প্ৰদৰ্শিত মৃতদেহটোৰ অস্পষ্ট ছবি সন্নিবিষ্ট কৰা হৈছিল।

ইয়াত নিহত মহিলাগৰাকীক "ৰামছা" আৰু অভিযুক্তক "গুলজেব" বুলি চিনাক্ত কৰা হৈছে, ২০২২ চনৰ ২৪ মাৰ্চত উত্তৰাখণ্ডৰ পিৰাণ কলিয়াৰৰ ডান চাব্ৰি হোটেলত ছুটকেছত ৰামছাৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে।

আমি ২০২২ চনৰ ২৫ মাৰ্চত প্ৰকাশিত ইটিভি ভাৰতৰ এটা প্ৰতিবেদন লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে), য'ত হৰিদ্বাৰৰ এছ পি গ্ৰাম্য প্ৰমেন্দ্ৰ সিং ডোবালৰ এটা ভিডিঅ' সন্নিবিষ্ট কৰা হৈছে। ভিডিঅ’টোত ড’বালে নিশ্চিত কৰিছে যে গুলজেব আৰু ৰামছাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁ উল্লেখ কৰে যে ৰামছাই বিয়াত বহিবলৈ মান্তি নোহোৱাত গুলজেবে তেওঁক হত্যা কৰে বুলি স্বীকাৰ কৰিছিল। ডোবালে লগতে উল্লেখ কৰে যে গুলজেবক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰা (হত্যাৰ শাস্তি)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল।

ইয়াৰ উপৰি দ্য টাইমছ অৱ ইণ্ডিয়া আৰু জাগৰনত এই সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল, য’ত নিহত যুৱতীগৰাকীক ৰামছা আৰু অভিযুক্তক গুলজেব বুলি চিনাক্ত কৰা হৈছে।

লজিকেলী ফেক্টছে ২০২২ চনৰ ২৫ মাৰ্চত পিৰাণ কলিয়াৰ ষ্টেচনত পঞ্জীয়ন কৰা এফ আই আৰ কপিটো (ইয়াত আৰ্কাইভ কৰা হৈছে) পৰ্যালোচনা কৰে। এফ আই আৰত নিহত যুৱতীগৰাকীক "মাংগালোৰৰ ৰছিদৰ কন্যা ৰামছা" আৰু অভিযুক্তক "সানাৱাৰৰ পুত্ৰ গুলজেব" বুলি উল্লেখ কৰা হৈছে।

নিহত ৰামছা আৰু অভিযুক্ত গুলজেবৰ নাম উল্লেখিত এফ আই আৰৰ স্ক্ৰীণশ্বট। (উৎস: উত্তৰাখণ্ডপুলিচ.ইউকে.গভ)

আমি গোচৰটোৰ তদন্ত কৰা আৰক্ষীক যোগাযোগ কৰিছো আৰু তেওঁলোকৰ পৰা সঁহাৰি পোৱাৰ পিছত এই প্ৰতিবেদনটো আপডেট কৰা হ’ব।

সিদ্ধান্ত

আমাৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে সংশ্লিষ্ট ঘটনাটোত দাবী কৰা ধৰণে কোনো সাম্প্ৰদায়িক দিশ নাই। কলিয়াৰ শ্বৰীফ ষ্টেচনত ৰুজু কৰা এফ আই আৰত নিহত আৰু অভিযুক্ত দুয়োকে মুছলমান সম্প্ৰদায়ৰ বুলি উল্লেখ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।