মূল ২০২০ চনত ৰিপাব্লিকান দলৰ বিৰুদ্ধে আটাহ পৰা এজন ব্যক্তিক ডনাল্ড ট্ৰাম্পৰ আক্ৰমণকাৰী হিচাপে ভুলকৈ চিনাক্ত কৰা হৈছে

২০২০ চনত ৰিপাব্লিকান দলৰ বিৰুদ্ধে আটাহ পৰা এজন ব্যক্তিক ডনাল্ড ট্ৰাম্পৰ আক্ৰমণকাৰী হিচাপে ভুলকৈ চিনাক্ত কৰা হৈছে

জুলাই 16 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২০ চনত ৰিপাব্লিকান দলৰ বিৰুদ্ধে আটাহ পৰা এজন ব্যক্তিক ডনাল্ড ট্ৰাম্পৰ আক্ৰমণকাৰী হিচাপে ভুলকৈ চিনাক্ত কৰা হৈছে ট্ৰাম্পৰ ওপৰত চলা শেহতীয়া গুলীচালনাৰ সৈতে সাঙুৰি ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এইটো ২০২০ চনৰ ভিডিঅ' হয়, ইয়াত ট্ৰাম্পৰ ৰেলীত আক্ৰমণ চলোৱা বুলি সন্দেহ কৰা যুৱকজনক দেখুওৱা হোৱা নাই।

কি দাবী কৰা হৈছে?

যোৱা ১৩ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াত এক নিৰ্বাচনী প্ৰচাৰ সভাত মঞ্চত ভাষণ দি থকা অৱস্থাত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ওপৰত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। এফ বি আইয়ে এই গুলীচালনাক হত্যাৰ প্ৰচেষ্টা বুলি অভিহিত কৰে আৰু শীঘ্ৰে বন্দুকধাৰীজনক ২০ বছৰীয়া থমাছ মেথিউ ক্ৰুকছ বুলি চিনাক্ত কৰে, যাক চিক্ৰেট ছাৰ্ভিচৰ লোকে সেই স্থানতে হত্যা কৰে।

এফ বি আইয়ে ক্ৰুকছৰ নাম প্ৰকাশ কৰাৰ পিছতে এক্সত এটা ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ পৰে য’ত এজন লোকক “ৰিপাব্লিকানবিলাকৰ ডিঙি কাটি দিয়া’’ আৰু “ফেচিষ্টবিলাকৰ মৃত্যু হওক” বুলি চিঞৰি থকা শুনা যায়। একাধিক ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পেনচিলভেনিয়াৰ ৰেলীত সংঘটিত গুলীচালনাৰ সৈতে এই ভিডিঅ’টো সাঙুৰি শ্বেয়াৰ কৰিছে য’ত তেওঁলোকে কেপচনত ভাইৰেল ভিডিঅ’টোত থকা যুৱকজনক গুলীচালনাত অভিযুক্ত নিহত যুৱকজন বুলি দাবী কৰে। 

এজন এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ’টোত এইদৰে কমেন্ট কৰিছিল, “থমাছক যিসকলে ৰিপাব্লিকান বুলি কৈছে, ভিডিঅ’টোত তেওঁ বাৰে বাৰে ‘ৰিপাব্লিকানৰ ডিঙি কাটক’ বুলি চিঞৰা দেখা গৈছে। নিশ্চিতভাৱে এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লিবাৰেল। সিহঁত সদায় তেনেকুৱা।” একেটা ভিডিঅ’ৰ শ্বেয়াৰ কৰা এটা এক্স পোষ্টৰ কেপচন লিখা আছে, “থমাছ মেথিউ ক্ৰুকছক সুস্থিৰ যেন লাগিছিল,” পোষ্টটোৱে আঠ মিলিয়নতকৈও অধিক ভিউ লাভ কৰিছে।

অৱশ্যে লজিকেলী ফেক্টছে এই ভিডিঅ’টো ২০২০ চনত বন্দী কৰা হৈছিল আৰু ইয়াত দেখা লোকজন থমাছ মেথিউ ক্ৰুকছ নহয় বুলি জানিব পাৰিছে।

প্ৰকৃত তথ্য 

ফুটেজটোত থকা কিছুমান কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২০ চনৰ ৬ ফেব্ৰুৱাৰীত প্ৰকাশিত ডেইলী মেইলৰ এটা প্ৰতিবেদন লাভ কৰোঁ , য’ত শিৰোনাম আছিল, “ট্ৰাম্পক মহাভিযোগৰ বিচাৰত নিৰ্দোষী সাব্যস্ত কৰাৰ পিছত এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিৰ ছাত্ৰই 'ৰিপাব্লিকানসকলৰ ডিঙি কাটি পেলাওক' বুলি চিঞৰিছিল’’ ডেইলী মেইলৰ প্ৰতিবেদনটোত ভাইৰেল ফুটেজৰ সৈতে মিলা ভিডিঅ’ অন্তৰ্ভুক্ত কৰা হৈছে।

ভাইৰেল ফুটেজ আৰু ২০২০ চনৰ ৬ ফেব্ৰুৱাৰীত ডেইলী মেইলৰ এটা প্ৰতিবেদনত প্ৰকাশিত ফুটেজৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/ডেইলী মেইল/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি এই ঘটনা সংঘটিত হৈছিল এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিত ট্ৰাম্পৰ হৈ প্ৰচাৰ কৰা ছাত্ৰ-ছাত্ৰীৰ এখন টেবুলৰ সন্মুখত। মানুহজনে চিঞৰি চিঞৰি কৈছিল, “ৰিপাব্লিকানসকলৰ ডিঙি কাটি পেলাওক! ফেচিষ্টৰ ডিঙি কাটি পেলাওক!” ভিডিঅ’টো প্ৰথমে এক্সত পোষ্ট কৰিছিল বিশ্ববিদ্যালয়খনৰ “Students for Trump at ASU” নামৰ ট্ৰাম্প সমৰ্থকৰ এটা গোটৰ এক্স একাউণ্টে।

ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিৰ আৰক্ষী বিভাগে ভিডিঅ’টোৰ তদন্ত কৰি থকা বুলি বিবৃতি দিছিল। অৱশ্যে, যদিও অপৰাধীজনক ৰাজহুৱাভাৱে চিনাক্ত কৰা হোৱা নাই, উপলব্ধ প্ৰমাণে তেওঁ সন্দেহযুক্ত শ্বুটাৰ থমাছ মেথিউ ক্ৰুকছ বুলি কৰা দাবীক সমৰ্থন নকৰে।

শনিবাৰৰ গুলীচালনাৰ সময়ত ক্ৰুকছৰ বয়স আছিল ২০ বছৰ। সেই অনুসৰি ২০২০ চনত তেওঁ হাইস্কুলীয়া ছাত্ৰ আছিল। ১৪ জুলাইত বেথেল পাৰ্ক স্কুল ডিষ্ট্ৰিক্টে  নিশ্চিত কৰিছে যে সন্দেহযুক্ত শ্বুটাৰজনে বেথেল পাৰ্ক হাইস্কুলৰ পৰা ২০২২ বৰ্ষত উত্তীৰ্ণ হয়। 

ক্ৰুকছে ২০২২ চনত পেনচিলভেনিয়াৰ হাইস্কুলৰ পৰা উত্তীৰ্ণ হোৱা বুলি কোৱা বেথেল পাৰ্ক স্কুল ডিষ্ট্ৰিক্টৰ বক্তব্যৰ এটা স্ক্ৰীণশ্বট। (উৎস: বেথেল পাৰ্ক স্কুল ডিষ্ট্ৰিক্টৰ ৱেবছাইট)

বেথেল পাৰ্ক হাইস্কুল পেনচিলভেনিয়াত অৱস্থিত, এৰিজোনাত নহয়। দুয়োখন ৰাজ্যৰ মাজৰ দূৰত্ব ২০০০ মাইলৰ ওপৰত

প্ৰতিবেদন অনুসৰি, ক্ৰুকছ এজন পঞ্জীয়নভুক্ত ৰিপাব্লিকান আছিল। বিদ্যালয়খনৰ এগৰাকী বিষয়াই দ্য নিউয়ৰ্ক টাইমছক জনোৱা মতে তেওঁ এলেগেনী কাউন্টিৰ কমিউনিটি কলেজৰ পৰা অভিযান্ত্ৰিক বিজ্ঞানত সহযোগী ডিগ্ৰী লাভ কৰে। ক্ৰুকছে পেনচিলভেনিয়াৰ পিটচবাৰ্গত এই কলেজতহে পঢ়িছিল, এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিত অধ্যয়ণ কৰা নাছিল। 

সিদ্ধান্ত

এই ফুটেজটোৰ শেহতীয়া ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই আৰু ইয়াত ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰত গুলীচালনা কৰা বুলি সন্দেহ কৰা থমাছ মেথিউ ক্ৰুকছক দেখা পোৱা নাযায়। ২০২০ চনত এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিত এই ভিডিঅ’টো গ্ৰহণ কৰাৰ সময়ত ক্ৰুকছ পেনচিলভেনিয়াৰ হাইস্কুলীয়া ছাত্ৰ আছিল। সেয়েহে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।