মূল চীনৰ 'ভাৰতৰ ভূমি দখলৰ’ পৰিকল্পনা ওপৰত দ্য ৱায়াৰৰ প্ৰতিবেদন বুলি ভুৱা ছবি প্ৰচাৰ

চীনৰ 'ভাৰতৰ ভূমি দখলৰ’ পৰিকল্পনা ওপৰত দ্য ৱায়াৰৰ প্ৰতিবেদন বুলি ভুৱা ছবি প্ৰচাৰ

লেখক: এনেট প্ৰীতি ফুৰ্টাডো

নৱেম্বৰ 5 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
দ্য ৱায়াৰৰ এটা প্ৰতিবেদন হিচাপে ভুৱা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) দ্য ৱায়াৰৰ এটা প্ৰতিবেদন হিচাপে ভুৱা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

উক্ত প্ৰবন্ধটো দ্য ৱায়াৰত প্ৰকাশ পোৱা নাই; স্ক্ৰীণশ্বটৰ মেপ, শিৰোনামৰ ত্ৰুটি, আৰু আন বিসংগতিৰ পৰা ইয়াক ডিজিটেলি হেৰ-ফেৰ কৰা হৈছে বুলি গম পোৱা যায়।

কি দাবী কৰা হৈছে?

ভাৰতীয় সংবাদ ৱেবছাইট দ্য ৱায়াৰৰ এটা প্ৰবন্ধৰ স্ক্ৰীণশ্বট হিচাপে ছ’চিয়েল মিডিয়াত ছবি এখন ছবি ভাইৰেল হৈ পৰিছে, স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে চীনে ভাৰতৰ ভূখণ্ড অধিকাৰ কৰাৰ পৰিকল্পনা কৰিছে।

স্ক্ৰীণশ্বটটোৰ শিৰোনামত লিখা আছে: "China is all set to annex Arundachal Pradesh and Sikkim as part of South Tibet after Modi govt was successfully coerced by Beijing." (sic)। প্ৰবীণ ছাওনিৰ নামত লিখা এই লেখাটো ২০২৪ চনৰ ২৯ অক্টোবৰৰ। স্ক্ৰীণশ্বটত অৰুণাচল প্ৰদেশক ৰঙা ৰঙেৰে উজ্জ্বল কৰি তোলা এখন মানচিত্ৰ সন্নিবিষ্ট কৰা হৈছে, যাৰ পৰা অনুমান কৰিব পাৰি যে এয়া চীনে দাবী কৰা ভূখণ্ড।

এক্সত স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি কেপচনত লিখা হৈছে, “চীনে অৰুণাচল প্ৰদেশক সংযুক্ত কৰিবলৈ নিজৰ বাহুবল প্ৰদৰ্শন কৰিছে,” ছাহনীক কৃতিত্ব দিয়া হৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব ৷

ভাইৰেল ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেচবুকতো উক্ত স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰা হৈছে, ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা সংস্কৰণ উপলব্ধ।

অৱশ্যে আমাৰ অনুসন্ধানত দেখা গ’ল যে এই স্ক্ৰীণশ্বটটো ডিজিটেলি সলনি কৰা হৈছে, আৰু দ্য ৱায়াৰে এনে কোনো লেখা প্ৰকাশ কৰা নাই।

আমি কি বিচাৰি পালোঁ?

আমি দ্য ৱায়াৰৰ ৱেবছাইট আৰু ছ'চিয়েল মিডিয়া একাউণ্ট ভালদৰে চালো (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) কিন্তু উক্ত প্ৰবন্ধটো ৪ নৱেম্বৰ বা তাৰ আগতে প্ৰকাশ পোৱাৰ কোনো ৰেকৰ্ড নাপালোঁ।

বৰঞ্চ আমি ২৩ অক্টোবৰত প্ৰকাশিত চাওনিৰ এটা অন্য অভিমত লেখাহে লাভ কৰিলোঁ, যাৰ শিৰোনাম হৈছে, "Why Mutual Trust Will Elude India, China Despite Patrolling 'Deal', Modi-Xi Meeting." এই লেখাটোত চীনে পূব লাডাখত বাফাৰ জ’ন স্থাপন কৰি পৰ্যায়ক্ৰমে উত্তেজনা লাঘৱ কৰাৰ পৰিকল্পনাৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰা হৈছে। ভাইৰেল স্ক্ৰীণশ্বটত উপস্থাপন কৰা কোনো দাবী ইয়াত নাই।

২৩ অক্টোবৰৰ পৰা দ্য ৱায়াৰৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট।(উৎস: দ্য ৱায়াৰ/স্ক্ৰীণশ্বট)

লেখাটোত থকা একাধিক বিসংগতি

ভাইৰেল ছবিখনত দেখুওৱা মানচিত্ৰখনো দ্য ৱায়াৰৰ নহয়; বৰঞ্চ ২০২৩ চনৰ ১৪ নৱেম্বৰত ইণ্টাৰনেচনেল ক্ৰাইচিচ গ্ৰুপৰ "Thin Ice in the Himalayas: Handling the India-China Border Dispute" শীৰ্ষক এক প্ৰতিবেদনত উক্ত মানচিত্ৰখন ব্যৱহাৰ কৰা হৈছিল। প্ৰতিবেদনটোত মানচিত্ৰখনক "লাইন অৱ একচুৱেল কন্ট্ৰল (এলএচি) পূব খণ্ডৰ মানচিত্ৰ" বুলি উল্লেখ কৰিছে। ইণ্টাৰনেচনেল ক্ৰাইচিচ গ্ৰুপ হৈছে এক বেচৰকাৰী সংগঠন যি বিবাদ প্ৰতিৰোধ আৰু সমাধানৰ ক্ষেত্ৰত দিশত কৰে।

ইণ্টাৰনেচনেল ক্ৰাইচিচ গ্ৰুপে প্ৰকাশ কৰা মূল ছবিখনৰ সৈতে ভাইৰেল স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: ইণ্টাৰনেচনেল ক্ৰাইচিচ গ্ৰুপ/স্ক্ৰীণশ্বট)

ইয়াৰ উপৰিও ভাইৰেল ছবিখনৰ শিৰোনামত বানানৰ ভুল দেখা যায়,  "Arunachal Pradesh"ৰ ঠাইত "Arundachal Pradesh" বুলি লিখা হৈছে।

ভুৱা স্ক্ৰীণশ্বটোত তাৰিখৰ ফৰ্মেটটোও দ্য ৱায়াৰৰ সাধাৰণ ফৰ্মেটৰ সৈতে নিমিলে। মোবাইল ভাৰ্ছনত ৱেবছাইটটোত সাধাৰণতে মাহৰ নাম সংক্ষিপ্ত ৰূপত লিখা থাকে, যেনে - "Oct 07, 2024" বা "Nov 1, 2024" আনহাতে ডেস্কটপ ভাৰ্ছনত "07/Oct/2024" বা "01/Nov/2024" ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে ভাইৰেল স্ক্ৰীণশ্বটত "October 29, 2024" বুলি লিখা আছে, ইয়াৰ পৰা বুজা যায় যে ইয়াক ডিজিটেলভাৱে সলনি কৰা হৈছে।

ভাইৰেল ছবিখনৰ সৈতে দ্য ৱায়াৰৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: দ্য ৱায়াৰ/স্ক্ৰীণশ্বট)

লজিকেলী ফেক্টছে ভাইৰেল ছবিখন সন্দৰ্ভত মন্তব্যৰ বাবে দ্য ৱায়াৰৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে কয়, "আমি নিশ্চিত কৰিব পাৰোঁ যে দ্য ৱায়াৰে প্ৰবীণ চাওনিৰ এনে কোনো প্ৰবন্ধ প্ৰকাশ কৰা নাই। বা আমি উক্ত শিৰোনামৰ সৈতে আন কোনো লেখকৰ লেখাও প্ৰকাশ কৰা নাই।"

পুনৰ আৰম্ভ হৈছে ক’ৰডিনেটেড টহল

পূব লাডাখৰ এল এ চিৰ কাষৰ ডেমচক আৰু দেপছাং সমভূমিৰ বিবাদমান অংশ বিচ্ছিন্ন হোৱাৰ পিছত ভাৰতীয় সৈন্যই ডেমচকত পুনৰ টহল আৰম্ভ কৰিছে।

ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় সেনাৰ সূত্ৰই নিশ্চিত কৰিছে যে ২০২৪ চনৰ ১ নৱেম্বৰৰ পৰা ডেমচকত "ক’ৰডিনেটেড টহল" আৰম্ভ হৈছিল আৰু অতি সোনকালে দেপছাং সমভূমিত আৰম্ভ হ'ব। এই কাৰ্য্য ৰাছিয়াত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত হোৱা আলোচনাৰ পূৰ্বে ২১ অক্টোবৰত ঘোষণা কৰা ভাৰত আৰু চীনৰ মাজত হোৱা চুক্তিৰ সৈতে মিল আছে।

২০২০ চনৰ মে’ মাহত পূব লাডাখত চীনৰ আগ্ৰাসনৰ পিছত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিছিল, যাৰ ফলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)ত সামৰিক স্তব্ধ হৈ পৰিছিল। ১৫ জুনত গালৱান উপত্যকাৰ সংঘৰ্ষৰ লগে লগে উত্তেজনাৰ শিখৰত উপনীত হয়, যাৰ ফলত দুয়োপক্ষৰ কেইবাজনো সৈনিকৰ  মৃত্যু হৈছিল।

এই সংঘৰ্ষৰ ফলত দুয়োপক্ষৰ সামৰিক নিয়োগ বৃদ্ধি পায়, কূটনৈতিক উত্তেজনা বৃদ্ধি পায় আৰু বিবাদিত সীমান্তৰ পৰিস্থিতি হ্ৰাস কৰাৰ বাবে উচ্চ পৰ্যায়ৰ আলোচনা আৰম্ভ হয়।

সিদ্ধান্ত

ভুৱা, সম্পাদিত স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি দ্য ৱায়াৰে "China is all set to annex Arundachal Pradesh and Sikkim as part of South Tibet after Modi govt was successfully coerced by Beijing." শীৰ্ষক এটা প্ৰতিবেদন প্ৰকাশ কৰা বুলি মিছাকৈ দাবী কৰা হৈছে। এনে কোনো প্ৰতিবেদন নাই; শিৰোনাম, তাৰিখ আৰু মানচিত্ৰখন ডিজিটেলভাৱে সলনি কৰা হৈছে, মানচিত্ৰখন এটা অন্য প্ৰতিবেদনৰ পৰা আহৰণ কৰা হৈছিল।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।