মূল দিল্লী বিমানবন্দৰৰ ছাদ খহি পৰা টাৰ্মিনেলৰ উদ্বোধনৰ দৃশ্য হিচাপে সম্পাদিত ফটো শ্বেয়াৰ কৰা হৈছে

দিল্লী বিমানবন্দৰৰ ছাদ খহি পৰা টাৰ্মিনেলৰ উদ্বোধনৰ দৃশ্য হিচাপে সম্পাদিত ফটো শ্বেয়াৰ কৰা হৈছে

লেখক: অংকিতা কুলকাৰ্ণী

জুলাই 9 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
দিল্লী বিমানবন্দৰৰ ছাদ খহি পৰা টাৰ্মিনেলৰ উদ্বোধনৰ দৃশ্য হিচাপে সম্পাদিত ফটো শ্বেয়াৰ কৰা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ উদ্বোধন কৰাৰ ফটো বুলি দাবী কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ভুৱা

মূল ফটোখনত ২০১০ চনত অনুষ্ঠিত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ৩ৰ উদ্বোধনী অনুষ্ঠান দেখা গৈছে, এইটো অলপতে বৰষুণৰ ফলত ছাদ খহি পৰা ১ নম্বৰ টাৰ্মিনেলটো নহয়।

কি দাবী কৰা হৈছে?

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্বিলা দীক্ষিত, আৰু প্ৰাক্তন কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী প্ৰফুল্ল পেটেলৰ এক উদ্বোধনী অনুষ্ঠানৰ এখন গ্ৰুপ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখন শ্বেয়াৰ কৰাসকলে দাবী কৰা মতে ফটোখন শেহতীয়াকৈ প্ৰচণ্ড বৰষুণৰ ফলত দিল্লী বিমানবন্দৰৰ ছাদ ভাঙি পৰা টাৰ্মিনেলটোৰ উদ্বোধনৰ সময়ত তোলা হৈছিল।

ফটোখনত এখন ক’লা শিলৰ ফলকত লিখা আছে, “ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। টাৰ্মিনেল। উদ্বোধন কৰিছে। ২০১০ চন ৩ জুলাই তাৰিখৰ ওপৰত ছোনিয়া গান্ধীৰ নামটো দেখা যায়।

ছবিখন শ্বেয়াৰ কৰা একাধিক পোষ্টত দাবী কৰা হৈছে যে ইয়াত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ উদ্বোধনৰ দৃশ্য দেখুওৱা হৈছে, য’ত শেহতীয়াকৈ  ২৮ জুনত ছাদ ভাঙি এজন লোকৰ মৃত্যু হৈছিল আৰু আন আঠজন আহত হৈছিল আৰু “মানুহে মোডীক দোষাৰোপ কৰিছে।” 

তেনে এটা পোষ্টৰ কেপচনত লিখা আছিল, "২০১০ চনৰ ৩ জুলাইৰ নিশা ১২:৩৬ বজাত দিল্লী বিমানবন্দৰ উদ্বোধন কৰিছিল ছোনিয়া গান্ধী, শীলা দীক্ষিত আৰু মনমোহন সিঙে। এতিয়া বিল্ডিংটোৰ এটা অংশ ভঙাত তেওঁলোকে মোডীক দোষাৰোপ কৰিছে... ৰক্ষা যে এইটো আদানীয়ে নহয় জিএমআৰে নিৰ্মাণ কৰিছিল আৰু, নহ’লে আজি বহুতে তাল-ফাল লগালেহেতেঁন।” এইটো তথা একেধৰণৰ আন পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। 

ছবিখন ফেচবুকতো একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে, আৰু সেইবোৰৰ আৰ্কাইভ কৰা লিংক  ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। 

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

অৱশ্যে আমি ভাইৰেল ফটোখন ডিজিটেলভাৱে সলনি কৰা হৈছে বুলি জানিব পাৰোঁ। 

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০১০ চনৰ ৩ জুলাইত দ্য হিন্দুত প্ৰকাশিত এটা প্ৰতিবেদন লাভ কৰোঁ, যাৰ এটা স্ক্ৰীণশ্বট এতিয়া অনলাইনত শ্বেয়াৰ কৰা হৈছে। শিৰোনামত লিখা আছিল, “আই জি আই বিমানবন্দৰত মুকলি হ’ল বিশ্বমানৰ টাৰ্মিনেল।” প্ৰতিবেদনটোত এতিয়া ভাইৰেল হোৱা ছবিখন অন্তৰ্ভুক্ত কৰা হৈছিল যদিও ক’লা ফলকখনত ফাইৰেল ফটোখনৰ নিচিনাকৈ কেৱল “টাৰ্মিনেল” বুলি নহয় বৰঞ্চ “টাৰ্মিনেল ৩” বুলি লিখা আছে। প্ৰতিবেদনটোত মনমোহন সিঙে নতুন দিল্লীত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ৩ উদ্বোধন কৰে বুলি উল্লেখ কৰা হৈছে। 

আমি এতিয়া ভাইৰেল হোৱা ফটোখনৰ মূল, সম্পাদনা নকৰা সংস্কৰণৰ লগতে উদ্বোধনী অনুষ্ঠানৰ আন একাধিক ফটো মনমোহন সিঙৰ অফিচিয়েল ৱেবছাইট আৰু ২০১০ চনৰ ৩ জুলাইৰ দ্য টাইমছ অৱ ইণ্ডিয়াৰ এটা  প্ৰতিবেদনত লাভ কৰোঁ। উক্ত ফটোসমূহৰ পৰা ভাইৰেল ফটোখন দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ৩ৰ উদ্বোধনী অনুষ্ঠানৰ হয় বুলি স্পষ্টকৈ গম পোৱা যায়।

ভাইৰেল ফটো আৰু ২০১০ চনৰ ফটোখনৰ মাজত তুলনা। (উৎস: এক্স/দ্য হিন্দু/স্ক্ৰীণশ্বট)

বিবিচি নিউজ হিন্দী, হিন্দুস্তান টাইমছ, আৰু এনডিটিভি ইত্যাদি কেইবাটাও সংবাদ মাধ্যমে উক্ত উদ্বোধনী অনুষ্ঠানৰ বাতৰি প্ৰকাশ কৰিছিল য’ত এইটো ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ৩ বুলি স্পষ্টকৈ উল্লেখ কৰা আছে।

ওপৰৰ প্ৰমাণসমূহৰ পৰা দেখা গৈছে যে ফটোখন বিমানবন্দৰটোৰ টাৰ্মিনেল ৩ উদ্বোধনৰ সময়ত তোলা হৈছিল, আনহাতে ছাদখন টাৰ্মিনেল ১ত হে ভাঙিছিল। 

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি  দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ডি, যিটো বৰ্তমান টাৰ্মিনেল ১ হয়, ২০০৯ চনৰ ২৭ ফেব্ৰুৱাৰীত উদ্বোধন কৰা হৈছিল আৰু ২০০৯ চনৰ এপ্ৰিলত সাধাৰণ লোকৰ বাবে মুকলি কৰি দিয়া হৈছিল। 

দিল্লী বিমানবন্দৰৰ ছাদ দুৰ্ঘটনা

যোৱা ২৮ জুনত হোৱা প্ৰচণ্ড বৰষুণত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ ছাদৰ এটা অংশ ভাঙি তলত ৰখাই থোৱা গাড়ীৰ ওপৰত পৰি এজন চালকৰ মৃত্যু হৈছিল। প্ৰাপ্ত তথ্য মতে আন ৮ জন লোক আহত হৈছিল আৰু বিমানবন্দৰটোৰ কামকাজ স্থগিত ৰখা হৈছিল। এই ঘটনাক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বহুতে বিমানবন্দৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা নৱীকৰণৰ পিছত শেহতীয়াকৈ উদ্বোধন কৰা হৈছিল বুলি দাবী কৰে।

অৱশ্যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জৰাপুহাদে পিছত সংবাদ মাধ্যমৰ আগত কয়, ‘মই স্পষ্ট কৰিব বিচাৰো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা বিল্ডিংটো আনফালে আছে, আৰু ইয়াত ভাঙি পৰা বিল্ডিংটো এটা পুৰণি বিল্ডিং আৰু ২০০৯ চনত মুকলি কৰা হৈছিল।" ইয়াৰ পৰা এইটো বুজা যায় যে এতিয়া ভাইৰেল হোৱা ফটোখনত ছাদ ভাঙি পৰা টাৰ্মিনেলৰ উদ্বোধন দেখা নাযায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ২০২৪ চনৰ ১০ মাৰ্চত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ সম্প্ৰসাৰণৰ কাম শুভাৰম্ভ কৰে। ২০১৯ চনত জিএমআৰ এয়াৰপৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডে এই সম্প্ৰসাৰণৰ কাম হাতত লৈছিল।

সিদ্ধান্ত

ভাইৰেল ফটোখনত ২০১০ চনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু কংগ্ৰেছ দলৰ নেত্ৰী ছোনিয়া গান্ধীয়ে দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ৩ উদ্বোধন কৰা দেখা গৈছে। এতিয়া ইয়াক শেহতীয়াকৈ প্ৰচণ্ড বৰষুণৰ ফলত ছাদৰ এটা অংশ ভাঙি পৰা টাৰ্মিনেল ১ৰ উদ্বোধনী অনুষ্ঠানৰ ফটো হিচাপে মিছাকৈ শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ : চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।