লেখক: চন্দন বৰগোহাঁই
নৱেম্বৰ 11 2024
মূল বিবৃতিটোত, বাংলাদেশৰ মুখ্য উপদেষ্টা মুহাম্মদ ইউনুছে ট্ৰাম্পলৈ জনোৱা অভিনন্দন বাৰ্তাত তেওঁক এজন 'ত্ৰাণকৰ্তা' বুলি উল্লেখ কৰা নাই।
কি দাবী কৰা হৈছে?
২০২৪ চনৰ ৫ নৱেম্বৰত ডেম’ক্ৰেটিক দলৰ কমলা হেৰিছক পৰাস্ত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ড’নাল্ড ট্ৰাম্পৰ জয়লাভৰ পিছত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মুহম্মদ ইউনুছৰ নামত প্ৰকাশিত এখন পত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পত্ৰখনত আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ট্ৰাম্পক অভিনন্দন তেওঁক এজন “ত্ৰাণকৰ্তা” বুলি উল্লেখ কৰা হৈছে।
'ভইচ অৱ বাংলাদেশী হিন্দুছ' নামৰ এটা একাউণ্টে চিঠিখন এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে ) পত্ৰখন শ্বেয়াৰ কৰি লিখিছে, "হিটলাৰ মুহম্মদ ইউনুছে ট্ৰাপক ত্ৰাণকৰ্তা বুলি লিখিছে?? #বাংলাদেশ তেন্তে আমেৰিকাৰ ক’লা দিনবোৰৰ কি হ’ব?"
একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। উক্ত পত্ৰখন একেধৰণৰ দাবীৰে অসমীয়াতো ফেচবুকত শ্বেয়াৰ কৰা হয়৷
ভাইৰেল পত্ৰখন শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়াৰ পোষ্ট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
আমি এইখন এখন ভুৱা পত্ৰ বুলি জানিব পাৰিলোঁ। ইউনুছৰ মূল বিবৃতিত ট্ৰাম্পক “ত্ৰাণকৰ্তা” বুলি উল্লেখ কৰা হোৱা নাই।
আমি কি বিচাৰি পালোঁ?
আমি বাংলাদেশৰ মুখ্য উপদেষ্টাৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টসমূহ চাই ট্ৰাম্পৰ নিৰ্বাচনী বিজয়ৰ অভিনন্দন জনাই ইউনুছৰ নামত প্ৰকাশিত এখন পত্ৰ বিচাৰি পাওঁ। ২০২৪ চনৰ ৬ নৱেম্বৰৰ এই পত্ৰখন ভাইৰেল পত্ৰখনৰ পৰা যথেষ্ট পৃথক আৰু ইয়াত ট্ৰাম্পক উদ্দেশ্যী কোনো উচ্চ প্ৰশংসিত ভাষা ব্যৱহাৰ কৰা হোৱা নাই।
মুখ্য উপদেষ্টাৰ অফিচিয়েল এক্স (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু ফেচবুক (ইয়াত আৰ্কাইভ কৰা হৈছে) পেজত উপলব্ধ প্ৰামাণ্য পত্ৰখনত ইউনুছে বাংলাদেশ আৰু আমেৰিকাৰ মাজত দীৰ্ঘদিনীয়া "বন্ধুত্ব আৰু সহযোগিতা"ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, আৰু "দুখন বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ" হিচাপে সম্পৰ্ক শক্তিশালী কৰাৰ আশা প্ৰকাশ কৰিছে।"
ইয়াৰ উপৰিও আমি ইউনুছৰ পূৰ্বৰ চৰকাৰী বিবৃতিসমূহ তুলনা কৰি চালোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু ফৰ্মেট আৰু ডিজাইনৰ ক্ষেত্ৰত কেইবাটাও পাৰ্থক্য লক্ষ্য কৰিলোঁ। উদাহৰণস্বৰূপে, ভাইৰেল চিঠিখনত থকা প্ৰতীক আৰু চৰকাৰী ষ্টাম্পত বেলেগ ৰং ব্যৱহাৰ কৰা হৈছে, আৰু ইউনুছৰ স্বাক্ষৰটো আন বিবৃতিসমূহত দেখা তেওঁৰ স্বাক্ষৰৰ সৈতে নিমিলে।
ইউনুছৰ নামত প্ৰকাশিত প্ৰামাণ্য বিবৃতি/পত্ৰত (ইয়াত আৰ্কাইভ কৰা হৈছে) স্বাক্ষৰৰ তলত তেওঁৰ ছপা নাম, "অধ্যাপক মুহম্মদ ইউনুছ" লিখা আছে, আনহাতে ভাইৰেল পত্ৰখনত তেওঁৰ নামটো হাতৰ আখৰেৰে লিখা আছে।
ভাইৰেল পত্ৰখন আৰু ইউনুছৰ মূল পত্ৰখনৰ তুলনা। (উৎস: এক্স/বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা)
একাধিক সংবাদ সংস্থাই ইউনুছে ট্ৰাম্পলৈ প্ৰেৰণ কৰা অভিনন্দন বাৰ্তাৰ বাতৰিত বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীয়ে প্ৰকাশ কৰা আনুষ্ঠানিক বিবৃতিটো উল্লেখ কৰিছে।
সিদ্ধান্ত
ভাইৰেল পত্ৰখন ভুৱা। ইউনুছে ট্ৰাম্পক জনোৱা আনুষ্ঠানিক অভিনন্দন বাৰ্তাত তেওঁক “ত্ৰাণকৰ্তা” বুলি উল্লেখ কৰা নাই।