মূল পশ্চিমবংগৰ আৰজি কৰ ধৰ্ষণকাণ্ডৰ প্ৰতিবাদ হিচাপে বাংলাদেশৰ ভিডিঅ' প্ৰচাৰ

পশ্চিমবংগৰ আৰজি কৰ ধৰ্ষণকাণ্ডৰ প্ৰতিবাদ হিচাপে বাংলাদেশৰ ভিডিঅ' প্ৰচাৰ

লেখক: এনেট প্ৰীতি ফুৰ্টাডো

ছেপ্তেম্বৰ 9 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আৰজি কৰ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদৰ ভিডিঅ' বুলি দাবী কৰি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) আৰজি কৰ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদৰ ভিডিঅ' বুলি দাবী কৰি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভিডিঅ'টোত বাংলাদেশৰ উত্তৰাত দেশখনৰ শেহতীয়া চৰকাৰ বিৰোধী প্ৰতিবাদত নিহতসকলৰ সন্মানত উলিওৱা এক শোভাযাত্ৰা দেখা গৈছে, এইটো পশ্চিমবংগৰ ভিডিঅ’ নহয়।

কি দাবী কৰা হৈছে?

যোৱা ৯ আগষ্টত আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ পিছত কলিকতাত সহস্ৰাধিক লোকে হাতে-হাতে মমবাতি লৈ উলিওৱা এক প্ৰতিবাদৰ ফুটেজ হিচাপে ছ’চিয়েল মিডিয়াত এটা ১ মিনিটৰ ভিডিঅ’ ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। নিশা মমবাতিৰ পোহৰেৰে আলোকিত ভিডিঅ'টোত সমবেত হাজাৰ হাজাৰ লোকে বঙালী কবি দ্বিজেন্দ্ৰলাল ৰয়ৰ "ধনো ধনো পুষ্পে ভৰা" গানটো গাই থকা শুনিবলৈ পোৱা যায়।

এক্স (পূৰ্বৰ টুইটাৰ)ত ভিডিঅ’টো পোষ্ট কৰি কেপচনত লিখা হৈছে, "এয়াই আছিল সেই বংগ। এইসকলেই হৈছে আমি জনা সাহসী বঙালী। আৰজি কৰৰ ভুক্তভোগীৰ বাবে কলিকতাত ১০ লাখ মমবাতিৰ সমদল, একনায়কত্ববাদী এগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে #JusticeForRGKar #RGKarProtest #RGKARmedical।" এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু  ইয়াত চাব পাৰিব৷

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

২০২৪ চনৰ ৫ ছেপ্টেম্বৰত ভাৰতীয় জনতা পাৰ্টিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই ভিডিঅ’টো শ্বেয়াৰ কৰি এইটো আৰজি কৰ কাণ্ডৰ বিৰুদ্ধে পশ্চিমবংগত উলিওৱা প্ৰতিবাদ বুলি দাবী কৰে। অৱশ্যে, পিছত তেওঁ পোষ্টটো ডিলিট কৰি দিয়ে, ইয়াত আৰ্কাইভ কৰা সংস্কৰণ উপলব্ধ ৷

অৱশ্যে, আমাৰ অনুসন্ধানত জানিব পৰা যায় যে ভিডিঅ’টোৰ পশ্চিমবংগৰ নহয়, বৰঞ্চ বাংলাদেশৰহে। দেশখনত শেহতীয়া আন্দোলনৰ সময়ত নিহতসকলৰ শ্ৰদ্ধা জনাই উক্ত সমদল উলিওৱা হৈছিল।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ'টোৰ এটা স্ক্ৰীণশ্বটত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি এটা ইউটিউব ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ, ২০২৪ চনৰ ৯ আগষ্টত " উত্তৰাত মমবাতি প্ৰজ্বলন 🕯️✨শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, আমি আপোনালোকক ভাল পাওঁ।" 📍 ৯ আগষ্ট ২০২৪ ." শীৰ্ষক ভিডিঅ’টো আপলোড কৰা হৈছিল।

একেদৰে আগষ্টত ফেচবুকতো (ইয়াত আৰ্কাইভ কৰা হৈছে) ভিডিঅ'টো পোষ্ট কৰি কেপচনত লিখিছিল, "উত্তৰাত মমবাতি প্ৰজ্বলন: শ্বহীদসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। ৯ আগষ্ট, ২০২৪।"


ইউটিউব আৰু ফেচবুকত পোষ্ট কৰা আৰু উত্তৰাৰ বুলি কেপচন দিয়া ভিডিঅ’সমূহৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

বাংলাদেশৰ উত্তৰ ঢাকাত অৱস্থিত উত্তৰাত এই ভিডিঅ’টো কেমেৰাত আৱদ্ধ কৰা হৈছিল। অধিক অনুসন্ধান কৰাত ভিডিঅ’টো আপলোড কৰা লোকজনক ঢাকাৰ ৰাজুক কলেজ ফটোগ্ৰাফী ক্লাব (আৰ চি পি চি)ৰ ড্ৰ’ন ফটোগ্ৰাফাৰ তামজিদ ইছলাম জিহান বুলি চিনাক্ত কৰা হৈছে। জিহানে ভিডিঅ’টো ইনষ্টাগ্ৰাম আৰু ফেচবুকত পোষ্ট কৰিছিল (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে)।

এই ভিডিঅ’টো তামজিদ ইছলাম জিহানে ফেচবুকত পোষ্ট কৰিছিল। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক)

আমি ৮ আগষ্টত ৰাজুক কলেজ ফটোগ্ৰাফী ক্লাবৰ এটা ফেচবুক পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য’ত ৯ আগষ্টত ঢাকাৰ ৩ নং ছেক্টৰ উত্তৰা ফ্ৰেণ্ডছ ক্লাব ফিল্ডত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোৰ কথা ঘোষণা কৰা হৈছিল। পোষ্টটোত উল্লেখ কৰা হৈছিল যে উক্ত সমাৱেশত কোটা প্ৰতিবাদত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই মমবাতি প্ৰজ্বলন কৰা হ’ব।

ৰাজুক কলেজ ফটোগ্ৰাফী ক্লাবৰ ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক)

পেজটোত সমদলটোৰ ফুটেজ শ্বেয়াৰ কৰিছিল, যিটো ভাইৰেল ভিডিঅ’টোৰ ভিজুৱেলৰ সৈতে যথেষ্ট মিলে। ইয়াত আকাশৰ পৰা লোৱা মমবাতিৰ পোহৰেৰে আলোকিত বৃহৎ সমাৱেশটোৰ দৃশ্য দেখা যায়। ১০ আগষ্টৰ এটা ইনষ্টাগ্ৰাম পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) কেপচনত লিখা হৈছে, "শ্বহীদ বীৰসকলৰ স্মৃতিৰ শিখা..."

বাংলাদেশৰ সংবাদ মাধ্যম এনটিভি নিউজ আৰু মাই টিভি বাংলাদেশে (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) উত্তৰা ফ্ৰেণ্ডছ ক্লাবৰ খেলপথাৰত অনুষ্ঠিত সমাবেশটোৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছিল, য’ত ৯ আগষ্টৰ সন্ধিয়া মানুহৰ সমদলৰ ফুটেজ আছিল। ফটোগ্ৰাফী ক্লাবটোৰ দৰেই এই ভিডিঅ’বোৰে উক্ত স্থানখিনি উত্তৰা ফ্ৰেণ্ডছ ক্লাবৰ খেলপথাৰ বুলি নিশ্চিত কৰিছে।

লজিকেলী ফেক্টছে জিহানৰ সৈতে যোগাযোগ কৰে, আৰু তেওঁ নিশ্চিত কৰে যে এই ফুটেজটো ৯ আগষ্টত ঢাকাৰ উত্তৰাৰ ছেক্টৰ ৩ৰ খেলপথাৰত ড্ৰোনেৰে ৰেকৰ্ড কৰা হৈছিল। "সেইদিনা প্ৰতিবাদত নিহতসকলৰ স্মৃতিত মমবাতিৰ ৰেলী অনুষ্ঠিত হৈছিল, যিটো মই মোৰ ড্ৰ'ন ব্যৱহাৰ কৰি চিত্ৰগ্ৰহণ কৰিছিলো। ৯ আগষ্টত মোৰ ইনষ্টাগ্ৰাম একাউণ্টত ভিডিঅ'টো প্ৰকাশ পাইছিল," তেওঁ কয়।

সমদলটোৰ ভিডিঅ'ত মানুহে "ধনো ধনো পুষ্পে ভৰা" গানটো গোৱা শুনা যায় যদিও ভাইৰেল ক্লিপটোত থকা অডিঅ'টো পিছত সংযোজন কৰা হৈছে বুলি জিহানে নিশ্চিত কৰে।

বাংলাদেশৰ পৰিস্থিতি

বাংলাদেশত যোৱা জুন মাহৰ পৰা আৰম্ভ হোৱা হিংসাত ১০০০ ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি ২৯ আগষ্টত অন্তৱৰ্তীকালীন স্বাস্থ্য মন্ত্ৰালয়ৰ মুৰব্বীগৰাকীয়ে জনায়। শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে চৰকাৰী চাকৰিত কোটা নীতিৰ বিৰুদ্ধে আৰম্ভ হোৱা ছাত্ৰ আন্দোলনৰ পিছত হিংসাত্মক ৰূপ ধাৰণ কৰে। হাছিনাই পদত্যাগ কৰে আৰু ৫ আগষ্টত ভাৰতলৈ পলাই আহে। ৭ আগষ্টত নবেল বঁটা বিজয়ী মহম্মদ ইউনুছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰে।

আৰজি কৰ কাণ্ডৰ প্ৰতিবাদ

আৰজি কৰ কাণ্ডৰ বিৰোধিতাত কলিকতাত ১৪ আগষ্টত প্ৰথমবাৰ মমবাতি প্ৰজ্বলন কৰি সমদল উলিওৱা হৈছিল ৷ গতিকে ৯ আগষ্টৰ ভাইৰেল ভিডিঅ’টো এই প্ৰতিবাদৰ পূৰ্বৰ হয়।

১৪ আগষ্টত ‘ৰিক্লেইম দ্য নাইট’ আন্দোলনত ৰ জি কৰ মেডিকেল কলেজ কাণ্ডৰ ন্যায় বিচাৰি হাজাৰ হাজাৰ মহিলাই সমগ্ৰ পশ্চিমবংগত সমদল উলিয়াইছিল। ১৯৭৭ চনত ইংলেণ্ডৰ লিডছত আৰম্ভ হোৱা ‘ৰিক্লেইম দ্য নাইট’ আন্দোলনৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতৰ স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি নিশা ১১:৫৫ বজাৰ পৰা আৰম্ভ হৈছিল এই প্ৰতিবাদ।

সিদ্ধান্ত

বাংলাদেশত মমবাতি জ্বলাই উলিওৱা এটা সমদলৰ ভিডিঅ’ শ্বেয়াৰ কৰি এইটো আৰজি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত পশ্চিমবংগত উলিওৱা প্ৰতিবাদৰ দৃশ্য বুলি দাবী কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।