মূল বিজেপি নেতা, পুত্ৰৰ ফটো মণিপুৰ ভাইৰেল ভিডিঅ’ গোচৰত অভিযুক্ত হিচাপে মিছাকৈ শ্বেয়াৰ কৰা হৈছে

বিজেপি নেতা, পুত্ৰৰ ফটো মণিপুৰ ভাইৰেল ভিডিঅ’ গোচৰত অভিযুক্ত হিচাপে মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: সোহম শ্বাহ

আগষ্ট 28 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বিজেপি নেতা, পুত্ৰৰ ফটো মণিপুৰ ভাইৰেল ভিডিঅ’ গোচৰত অভিযুক্ত হিচাপে মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

মিছা

ফটোখনত মণিপুৰ বিজেপিৰ উপ-সভাপতি চিদানন্দ সিং আৰু তেওঁৰ পুত্ৰক দেখা গৈছে । এই ভুৱা দাবীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলি আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে।

(সতৰ্কবাণী: এই লেখাটোত আপত্তিজনক দৃশ্যৰ বৰ্ণনা আৰু যৌন নিৰ্যাতনৰ উল্লেখ আছে। পাঠকক বিবেচনা কৰি পঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে।)

পৃষ্ঠভূমি

মণিপুৰৰ থৌবাল জিলাত কুকি-জোমি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক এদল লোকে উলংগ কৰি ৰাস্তাত খোজ কঢ়াই যৌন নিৰ্যাতন চলোৱাৰ দৃশ্য যোৱা ১৯ জুলাইত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। জানিব পৰা মতে ভিডিঅ’টো ৪ মে’ৰ, অৰ্থাৎ মণিপুৰত মেইটেই আৰু কুকিসকলৰ মাজত আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষৰ এদিন পিছৰ।

উক্ত ভিডিঅ’টোৱে সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ছয়জন লোকক গ্ৰেপ্তাৰ কৰে, তেওঁলোকৰ ভিতৰত এজন কিশোৰও আছে। 

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য সুভাষিনী আলীকে ধৰি একাধিক X (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে আৰ এছ এছৰ পোছাক পিন্ধা দুজন লোকৰ ফটো শ্বেয়াৰ কৰি উক্ত ঘটনাত তেওঁলোকো জড়িত বুলি মিছা দাবী কৰা দেখা যায়। এটা পোষ্টত আলীয়ে লিখিছিল, "তেওঁলোক মণিপুৰ (ধৰ্ষণ কাণ্ডৰ) অভিযুক্ত। তেওঁলোকক তেওঁলোকৰ কাপোৰৰ পৰা চিনাক্ত কৰক।"

অৱশ্যে, পিছত আলীয়ে তেওঁৰ উক্ত পোষ্টৰ বাবে ক্ষমা বিচাৰে। 

প্ৰকৃত তথ্য

একাংশ X ব্যৱহাৰকাৰীয়ে ভাইৰেল ফটোখনত প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) মণিপুৰৰ ৰাজ্যিক উপ-সভাপতি চিদানন্দ সিং আৰু তেওঁৰ পুত্ৰক দেখা গৈছে বুলি আঙুলিয়াই দিছিল। ফটোখন পোনপ্ৰথমে সিঙে তেওঁৰ ফেচবুক একাউণ্টত ২০২২ চনৰ ১৭ অক্টোবৰত পোষ্ট কৰিছিল বুলি আমি জানিব পাৰোঁ। তেওঁৰ ফেচবুক পোষ্টটোৰ কেপচন আছিল, "কালি ১৬ অক্টোবৰত মোৰ পুত্ৰ চিএইচ শচীনন্দা এন (আৰু) সম্পৰ্কীয় ভাই অশোকৰ সৈতে (sic)।"

লজিকেলী ফেক্টছৰ আগত সিঙে উক্ত অভিযোগসূহ অস্বীকাৰ কৰি তেওঁ মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ (ডিজিপি) এখন পত্ৰৰ জৰিয়তে পোষ্টসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে বুলি জানিবলৈ দিয়ে। সিঙে এজাহাৰখনৰ এটা প্ৰতিলিপি আমালৈ প্ৰেৰণ কৰাৰ লগতে তেওঁৰ নিজা ফেচবুক পে’জত পত্ৰখনৰ সৈতে এজাহাৰখনৰ ফটো পোষ্ট কৰিছিল।

২০২৩ চনৰ ২৩ জুলাইত পঞ্জীয়ন কৰা এজাহাৰখন ধাৰা ৫০৫(১)(চি) (যিকোনো শ্ৰেণী বা সম্প্ৰদায়ৰ ব্যক্তিক আন কোনো শ্ৰেণী বা সম্প্ৰদায়ৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিবলৈ প্ৰৰোচিত কৰা, বা প্ৰৰোচনাৰ সম্ভাৱনা থকা), ধাৰা ১২০বি (অপৰাধমূলক ষড়যন্ত্ৰৰ শাস্তি), ধাৰা ২১১ (আঘাত কৰাৰ উদ্দেশ্যেৰে কৰা অপৰাধৰ ভুৱা অভিযোগ), ধাৰা ৫০০ (মানহানিৰ গোচৰ), আৰু ধাৰা ৩৪ (একে উদ্দেশ্যেৰে কেইবাজনো ব্যক্তিয়ে কৰা কাৰ্য্য) অধীনত একাংশ অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল। 

মণিপুৰৰ ডিজিপি ৰাজীৱ সিঙেও লজিকেলী ফেক্টছক উক্ত ভুৱা বাতৰিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জনায়। এই সন্দৰ্ভত মণিপুৰ আৰক্ষীয়ে দিয়া এটা X পোষ্টত ভাইৰেল ভিডিঅ’ কাণ্ডৰ সৈতে জড়িত গোচৰত অভিযুক্ত বুলি তেওঁ আৰু তেওঁৰ পুত্ৰৰ এখন ভুৱা ফটো মিছাকৈ প্ৰচাৰ কৰি থকা হৈছে এটা ৰাজনৈতিক দলৰ এজন কৰ্মকৰ্তাই এক অভিযোগ দাখিল কৰা বুলি উল্লেখ কৰা হৈছে। 

ভাইৰেল ভিডিঅ’ কাণ্ডত গ্ৰেপ্তাৰ হোৱা সাতজন অভিযুক্তৰ দুজনৰ নাম হৈছে হুইৰেম হেৰাদাস সিং আৰু য়ুমলেম্বাম নুংচিথোই। তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে বাকী নামবোৰ প্ৰকাশ কৰা নাই বুলি সিঙে লজিকেলী ফেক্টছক লগতে জনায়। 

লজিকেলী ফেক্টছে ইয়াৰ পূৰ্বেও একেধৰণৰ এটা দাবীৰ সত্যতা নিৰূপন কৰিছিল য’ত ভাৰতীয় সংবাদ সংস্থা এএনআইয়ে আব্দুল হিলিম নামৰ এজন লোকক ধৰ্ষণৰ গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছে বুলি মিছাকৈয়ে টুইট কৰিছিল। কিন্তু বাস্তৱত হিলিমক আন এটা গোচৰতহে গ্ৰেপ্তাৰ কৰা হৈছিল, যিটোৰ এই ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই। 

সিদ্ধান্ত

মণিপুৰ বিজেপিৰ উপ-সভাপতি আৰু তেওঁৰ পুত্ৰৰ এখন পুৰণি ফটো মণিপুৰৰ ভাইৰেল ভিডিঅ' কাণ্ডৰ সৈতে জড়িত কৰা দাবীটো মিছা বুলি মণিপুৰৰ ডিজিপিকে ধৰি একাধিক সূত্ৰই নিশ্চিত কৰিছে। মিছা কেপচনৰ সৈতে উক্ত ফটোখন প্ৰচাৰ কৰাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছোঁ।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।