মূল এআই-জেনেৰেটেড ভিডিঅ' মণিপুৰত 'বৃহৎ প্ৰতিবাদ'ৰ দৃশ্য হিচাপে প্ৰচাৰ কৰা হৈছে

এআই-জেনেৰেটেড ভিডিঅ' মণিপুৰত 'বৃহৎ প্ৰতিবাদ'ৰ দৃশ্য হিচাপে প্ৰচাৰ কৰা হৈছে

লেখক: উম্মে কুলচুম

ছেপ্তেম্বৰ 16 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মণিপুৰত উলিওৱা এক বৃহৎ প্ৰতিবাদী ৰেলীৰ ভিডিঅ' হিচাপে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) মণিপুৰত উলিওৱা এক বৃহৎ প্ৰতিবাদী ৰেলীৰ ভিডিঅ' হিচাপে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

মণিপুৰত উলিওৱা এক প্ৰতিবাদৰ দৃশ্য হিচাপে প্ৰচাৰিত ভাইৰেল ভিডিঅ'টো এআই-জেনেৰেটেড হয়, ইয়াত কোনো বাস্তৱ দৃশ্য ব্যৱহাৰ কৰা হোৱা নাই।

কি দাবী কৰা হৈছে?

“মণিপুৰ উৱান্টছ পিচ” আৰু “ৰেলী ফৰ পিচ” লিখা বেনাৰ লোৱা এটা বৃহৎ প্ৰতিবাদী সমদল দেখুওৱা এটা ভিডিঅ’ ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে আৰু ইয়াত মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য দেখা গৈছে বুলি দাবী কৰা হৈছে। 

এটা এক্স পোষ্টত ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখা হৈছে, "#BREAKINGNEWS মণিপুৰৰ পৰিস্থিতি যথেষ্ট বেয়া হৈছে, ভাৰতীয় সংবাদ মাধ্যমৰ কোনো কভাৰেজ নাই। ভাৰতৰ পৰা স্বাধীনতাৰ দাবীত ৰাজপথলৈ হাজাৰ হাজাৰ নিৰাশ জনতা ওলাই আহিছে।" এই ফেক্ট-চেকটো লিখাৰ সময়ত পোষ্টটোৱে ১৪,০০০ৰো অধিক ভিউ, ১৯১টা ৰিশ্বেয়াৰ আৰু ৫১৫টা লাইক লাভ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

আন একাধিক ব্যৱহাৰকাৰীয়ে ক্লিপটো শ্বেয়াৰ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ পৰিস্থিতিক আওকাণ কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে- “মণিপুৰীসকলৰ এই কণ্ঠ কিয় মোদী চৰকাৰৰ কাণত গৈ পোৱা নাই, নে তেওঁলোকে শুনিব নিবিচাৰে?” এনে পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব। একেধৰণৰ দাবীৰে ফেচবুকতো এই ফুটেজটো ভাইৰেল হৈ পৰিছে। এনে এটা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ  ইয়াত পোৱা যাব৷

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উল্লেখযোগ্য যে ২০২৩ চনৰ মে’ৰ পৰা মণিপুৰত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ হিংসাত্মক গোষ্ঠী সংঘৰ্ষ অব্যাহত আছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন মতে যোৱা ১১ ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হোৱা একাধিক হিংসাত্মক ঘটনাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এঘাৰজন লোকৰ মৃত্যু হৈছে। সম্প্ৰতি ৰাজ্যখনত সান্ধ্য আইন জাৰি কৰাৰ লগতে উপত্যকা জিলাসমূহত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

কিন্তু বহুলভাৱে প্ৰচাৰিত এই ক্লিপটো শেহতীয়া কোনো প্ৰতিবাদৰ দৃশ্য নহয়; বৰঞ্চ ভিডিঅ’টো এআই প্ৰযুক্তি ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি লজিকেলী ফেক্টছে জানিলে যে একেটা ভিডিঅ' ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত 'মানব জ্যোতি গগৈ' নামৰ এজন ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)৷ গগৈয়ে নিজকে “ডিজিটেল ক্ৰিয়েটৰ” বুলি পৰিচয় দিছে আৰু কেপচনত ফটো, ভিডিঅ’সমূহ “এআই-জেনেৰেটেড” বুলি স্পষ্টকৈ লিখা আছে।

 

অধিক অনুসন্ধানত দেখা গ’ল যে গগৈৰ ইনষ্টাগ্ৰাম একাউণ্টত ইয়াৰ পূৰ্বেও মণিপুৰৰ হিংসাকে ধৰি ভাৰতৰ অন্যান্য বিষয়ৰ সৈতে জড়িত একেধৰণৰ এআই-জেনেৰেটেড ইমেজ আৰু ভিডিঅ’ প্ৰকাশ কৰা হৈছে। লজিকেলী ফেক্টছে গগৈৰ সৈতে যোগাযোগ কৰিছে তেওঁৰ পৰা সঁহাৰি পালে এই লেখাটো আপডেট কৰা হ’ব।

ইয়াৰ উপৰিও ক্লিপটো এআই ধৰা পেলোৱা টুল হাইভ মডাৰেচন ব্যৱহাৰ কৰি বিশ্লেষণ কৰা হৈছিল, য’ত এইটো এআই-জেনেৰেটেড বুলি ৯৯.৮ শতাংশ নিশ্চিত হোৱা গৈছে। আই আই টি যোধপুৰৰ সহযোগত প্ৰস্তুত কৰা এআই ডিটেকচন টুল ‘ইতিছাৰ’ৰ জৰিয়তেও আমি ভিডিঅ’টো পৰীক্ষা কৰিছো আৰু ফলাফলৰ বাবে অপেক্ষা কৰি আছো।

হাইভ মডাৰেচনত দেখুওৱা ভাইৰেল ভিডিঅ' ফলাফলৰ স্ক্ৰীণশ্বট। (উৎস: হাইভ মডাৰেচন)

যদিও মণিপুৰত শেহতীয়াকৈ প্ৰতিবাদ হৈছে তথাপিও এই নিৰ্দিষ্ট ভিডিঅ’টোত কোনো প্ৰকৃত ঘটনা দেখুওৱা হোৱা নাই।

মণিপুৰত শেহতীয়াকৈ কি ঘটিছে?

বিগত কিছু মাহত মণিপুৰৰ পৰিস্থিতি পুনৰ অস্থিৰ হৈ পৰিছে। যোৱা ৬ ছেপ্টেম্বৰত মইৰাঙৰ এটা ঘৰত ৰকেট বোমা বিস্ফোৰণত এজন ৭০ বছৰীয়া ব্যক্তি নিহত হোৱাৰ উপৰি কমেও পাঁচজন লোক আহত হৈছিল। ইয়াৰ কিছু ঘণ্টাৰ পিছতে ৭ ছেপ্টেম্বৰত জিৰিবাম জিলাত আৰু ৬ জন লোকৰ মৃত্যু হয়। 

এনে হিংসাত্মক পৰিস্থিতিক কেন্দ্ৰ কৰি পুনৰ উত্তেজনা বৃদ্ধি পাইছে আৰু অধিক প্ৰতিবাদৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে মণিপুৰ চৰকাৰে ইম্ফল ইষ্ট, ইম্ফল ৱেষ্ট, আৰু থৌবালকে ধৰি কেইবাখনো জিলাত সান্ধ্য আইন জাৰি কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে।

সিদ্ধান্ত

মণিপুৰত প্ৰতিবাদ চলি থকাটো সঁচা হয় যদিও ভাইৰেল ভিডিঅ’টোত দেখুওৱা দৃশ্য এআই-জেনেৰেটেড হয় আৰু ইয়াত প্ৰকৃত ফুটেজ দেখুওৱা হোৱা নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।