মূল বাংলাদেশৰ এখন উদ্যানৰ ফটো শ্ৰীনগৰৰ এটা পথক নতুন ৰূপ দিয়া বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

বাংলাদেশৰ এখন উদ্যানৰ ফটো শ্ৰীনগৰৰ এটা পথক নতুন ৰূপ দিয়া বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: উম্মে কুলচুম

আগষ্ট 24 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বাংলাদেশৰ এখন উদ্যানৰ ফটো শ্ৰীনগৰৰ এটা পথক নতুন ৰূপ দিয়া বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

মিছা

ভাইৰেল ফটোখন শ্ৰীনগৰৰ বুলেভাৰ্ড পথৰ নহয়, বৰঞ্চ এইখন বাংলাদেশৰ ঝাউতলা পটুয়াখালী নামৰ এখন উদ্যানৰ এটা পথৰহে ফটো ।

পৃষ্ঠভূমি

২২ ৰ পৰা ২৪ মে'লৈ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অনুষ্ঠিত তৃতীয় জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ বৈঠকৰ কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত দেখাত অতি ধুনীয়া পথ এটাৰ এখন ফটো ভাইৰেল হৈছিল। ফটোখন শ্বেয়াৰ কৰাসকলে পথটো শ্ৰীনগৰৰ বুলি কৰে। আকুইব মীৰ নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰী ফটোখন শ্বেয়াৰ কৰি এইদৰে লিখে - "এইটো শ্ৰীনগৰৰ বুলেভাৰ্ড পথ, #G20Kashmir সন্মিলনৰ বাবে সমগ্ৰ বিশ্বৰ প্ৰতিনিধিসকলক স্বাগতম জনোৱাৰ বাবে পথটোক এইদৰে ধুনীয়াকৈ সজাই তোলা হৈছে।" ফটোখনত টাইলছেৰে সুসজ্জিত পথটো ষ্ট্ৰীট লাইটৰ পোহৰত জিলিকি থকা দেখা গৈছে।

প্ৰকৃত তথ্য 

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি একেখন ফটো ২০২৩ চনৰ ফেব্ৰুৱাৰীত ফেচবুকত 'ঝাউতলা পটুয়াখালী' নামৰ এটা একাউণ্টৰ পৰা পোষ্ট কৰা হৈছিল বুলি জানিব পাৰোঁ। আমি অনুসন্ধান কৰি জানিব পাৰোঁ যে 'ঝাউতলা পটুয়াখালী হৈছে বাংলাদেশৰ বাৰিচাল মহকুমাৰ পটুয়াখালী চহৰত অৱস্থিত এখন উদ্যান। উক্ত ফেচবুক পে’জটো উদ্যানখনৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিবলৈ সৃষ্টি কৰা হৈছিল। ইয়াৰ উপৰি, চলিত বছৰৰ আৰম্ভণিতে ইনষ্টাগ্ৰামত কেইবাজনো ব্যৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰি ঝাউতলা পটুয়াখালী ঠিকনাটো টেগ কৰিছিল।  

ঝাউতলা পটুয়াখালীৰ সন্ধান কৰোঁতে লজিকেলী ফেক্টচে বিভিন্ন লোকে গুগলত আপলোড কৰা কিছুমান ফটো লাভ কৰে। ফটোবোৰ ২০২৩ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ। পটুয়াখালী পৌৰ নিগমৰ মেয়ৰ মহিউদ্দিন আহমেদে তেওঁৰ ফেচবুক প্ৰ'ফাইলত 'সমীৰ পটুয়াখালী' নামৰ এগৰাকী ভিডিঅ' ক্ৰিয়েটৰে পোষ্ট কৰা এটা ভিডিঅ' পুনৰ শ্বেয়াৰ কৰিছিল। অনলাইনত শ্বেয়াৰ কৰা ফটোখন ১৬ মিনিট দীঘল ভিডিঅ'টোৰ প্ৰায় ৪:০০ টাইমষ্টাম্পত দেখিবলৈ পোৱা যায়। ভিডিঅ'টো অঞ্চলটোত পৌৰ নিগমৰ উন্নয়নৰ লগত সংগতি ৰাখি শ্বেয়াৰ কৰা হৈছিল।

তদুপৰি, লজিকেলী ফেক্টছে গুগল মেপৰ ষ্ট্ৰীট ভিউত শ্ৰীনগৰৰ বুলেভাৰ্ড পথৰ দৃশ্য পৰীক্ষা কৰিছিল আৰু দেখিছিল যে X পোষ্টটোত শ্বেয়াৰ কৰা ফটোখনৰ সৈতে সেইসমূহৰ কোনো সাদৃশ্য নাই। শ্ৰীনগৰৰ বুলেভাৰ্ড পথটো এফালে ডাল হ্ৰদ আৰু আনফালে কেইবাখনো দোকানৰ কাষত আছে। ভাইৰেল ফটোখনত ৰাস্তাৰ কাষত কোনো জলাশয় নাই।

ইয়াৰ উপৰিও, লজিকেলী ফেক্টছে শ্ৰীনগৰস্থিত শাকিৰ মীৰ নামৰ এজন স্থানীয় সাংবাদিকৰ সৈতেও যোগাযোগ কৰে, যি বুলেভাৰ্ড পথৰ কেইখনমান শেহতীয়া ফটো শ্বেয়াৰ কৰিছিল। ভাইৰেল ফটোখনৰ সাংবাদিকজনে শ্বেয়াৰ কৰা ফটোবোৰৰ সৈতে কোনো সাদৃশ্য নাই। সেয়েহে, ভাইৰেল ছবিখন যে শ্ৰীনগৰৰ বুলেভাৰ্ড পথৰ নহয় সেয়া নিশ্চিত।

সিদ্ধান্ত

জম্মু-কাশ্মীৰত জি-২০ সন্মিলনৰ আগে আগে চহৰখনৰ বুলেভাৰ্ড পথৰ দৃশ্য বুলি দাবী কৰি বাংলাদেশৰ পটুয়াখালীৰ এখন উদ্যানৰ এটা পথৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।