মূল ৰাহুল, প্ৰিয়ংকা, আৰু ছোনিয়া গান্ধীৰ সৈতে ফটোখনত থকা এই মহিলাগৰাকী কুলবিন্দৰ কৌৰ নহয়

ৰাহুল, প্ৰিয়ংকা, আৰু ছোনিয়া গান্ধীৰ সৈতে ফটোখনত থকা এই মহিলাগৰাকী কুলবিন্দৰ কৌৰ নহয়

জুন 17 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল, প্ৰিয়ংকা, আৰু ছোনিয়া গান্ধীৰ সৈতে ফটোখনত থকা এই মহিলাগৰাকী কুলবিন্দৰ কৌৰ নহয় ছ’চিয়েল মিডিয়া পোষ্টত দাবী কৰা হৈছে যে ৰাহুল গান্ধীয়ে চিআইএছএফৰ কনিষ্টবল কুলৱিন্দৰ কৌৰৰ সৈতে ফটো উঠিছিল। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ছবিখনত ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে দেখা মহিলাগৰাকী কুলবিন্দৰ কৌৰ নহয়, ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ীকা দিব্য মহিপাল মাদেৰ্না হয়।

কি দাবী কৰা হৈছে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে এগৰাকী মহিলাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখনত থকা মহিলা গৰাকীক হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিৰ পৰা নৱনিৰ্বাচিত সাংসদ কংগনা ৰানাৱতক চৰ মৰা মহিলা চিআইএছএফ নিৰাপত্তাৰক্ষী কুলবিন্দৰ কৌৰ বুলি দাবী কৰা হৈছে। 

উল্লেখযোগ্য যে যোৱা ৬ জুনত চণ্ডিগড় বিমানবন্দৰত চিআইএছএফৰ মহিলা কনিষ্টবল কুলবিন্দৰ কৌৰৰ বিৰুদ্ধে অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাৱটক চৰ মৰাৰ অভিযোগ উঠিছিল। কুলবিন্দৰ কৌৰৰ মতে কংগনা ৰানাৱতে কৃষক আন্দোলনৰ সৈতে জড়িত মহিলাসকলৰ প্ৰতি কৰা অপমানসূচক মন্তব্যই তেওঁক দুখ দিছিল। এই ঘটনাৰ পিছত কুলবিন্দৰ কৌৰক নিলম্বন কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰা হয়।

এই ছবিখন এক্স আৰু ফেচবুকত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। এক্সত ছবিখন শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এয়া সেই একেগৰাকী চিআইএছএফ কনিষ্টবল কুলবিন্দৰ কৌৰ যিয়ে বিমানবন্দৰত কৰ্তব্যৰত অৱস্থাত কংগনা ৰাণাৱটক আক্ৰমণ কৰিছিল, এই ফটোখন চোৱাৰ পিছত গোটেই কাহিনীটো বোজাত কোনো অসুবিধা থাকিব নালাগে…’’ পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাওক। ফটোখন একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাওক৷

ছ’চিয়েল মিডিয়াৰ পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে ভাইৰেল ছবিখনত থকা মহিলাগৰাকী চিআইএছএফ নিৰাপত্তাৰক্ষী কুলৱিন্দৰ কৌৰ নহয়, বৰঞ্চ ৰাজস্থানৰ অচিয়ান সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ীকা দিব্য মহিপাল মাদেৰ্না হয়। 

সত্যটো কিদৰে জানিলোঁ?

ৰিভাৰ্চ ইমেজ চাৰ্চৰ জৰিয়তে ভাইৰেল ছবিখন অনুসন্ধান কৰাৰ পিছত, আমি ৰাজস্থানৰ অচিয়ান বিধানসভা আসনৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ীকা দিব্যা মহিপাল মাদেৰ্ণাৰ ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত দিয়া এটা ইনষ্টাগ্ৰাম পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) ফটো বিচাৰি পাওঁ। পোষ্টটোৰ কেপচনত লিখা আছে, "লগত অহা শ্ৰী ৰাহুল গান্ধীজী আৰু শ্ৰীমতী প্ৰিয়ংকা গান্ধীজীকো আদৰণি জনাইছো।" দিব্যা মাদেৰ্ণাই ২০১৮ চনত ৰাজস্থানৰ আচিয়ান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল যদিও ২০২৩ চনৰ নিৰ্বাচনত তেওঁ পৰাস্ত হ'ব লগা হয়।

আমি দিব্যা মাদেৰ্নাৰ এক্স হেণ্ডেল আৰু ফেচবুক পেজটো চেক কৰিলোঁ, য’ত আমি কংগ্ৰেছৰ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে তেওঁৰ কেইবাখনো ফটো পালোঁ ৷

আমি দেখিলোঁ যে তেওঁ ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে পোজ দিয়া ফটো পোষ্ট কৰিছিল। এক্স (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু ফেচবুক (ইয়াত আৰ্কাইভ কৰা হৈছে)ত এই ফটোসমূহৰ কেপচনত তেওঁ লিখিছে যে এই ফটোসমূহ ছোনিয়া গান্ধীয়ে ৰাজস্থানৰ পৰা কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত লোৱা হৈছিল। 

ফটো কেইখনৰ সৈতে দিয়া কেপচনত লিখা আছে, "ৰাজস্থানৰ পৰা কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে আজি ৰাজস্থান বিধানসভাৰ পৰা প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰা অতি সন্মানীয় শ্ৰীমতী ছোনিয়া গান্ধী জীলৈ আন্তৰিক অভিনন্দন।" 

ছোনিয়া গান্ধীয়ে ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত ৰাজস্থানৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল৷ তেওঁৰ সৈতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীও উপস্থিত আছিল।

আমি চিআইএছএফৰ নিৰাপত্তাৰক্ষী কুলৱিন্দৰ কৌৰ আৰু কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক দিব্যা মাদেৰ্নাৰ ফটোখন তুলনা কৰিলোঁ, য’ত পাৰ্থক্য স্পষ্টকৈ দেখা যায়।

ভাইৰেল ছবিখন আৰু চিআইএছএফৰ কনিষ্টবল কুলৱিন্দৰ কৌৰৰ ফটোৰ মাজত তুলনা।

দিব্যা মাদেৰ্নাইও ২০২৪ চনৰ ১৪ জুনত তেওঁৰ এক্স হেণ্ডেলত (আৰ্কাইভ ইয়াত) ভাইৰেল ছবিখনৰ বিষয়ে স্পষ্টীকৰণ দি ভাইৰেল দাবী খণ্ডন কৰে। 

সিদ্ধান্ত

আমাৰ তদন্তত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ফটোখনত কংগ্ৰেছ নেতা ৰাহুল, ছোনিয়া আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে দেখা মহিলাগৰাকী কুলৱিন্দৰ কৌৰ নহয়, বৰঞ্চ ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ীকা দিব্যা মাদেৰ্না হয়।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।