লেখক: চন্দন বৰগোহাঁই
জানুৱাৰী 4 2024
ভিডিঅ'টোত ২০১১ চনত জাপানৰ মিয়াকো চহৰত ছুনামীয়ে আঘাত কৰা দেখা গৈছে। দেশখনত অহা শেহতীয়া ভূমিকম্পৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।
২০২৪ চনৰ ১ জানুৱাৰীত মধ্য জাপানত অহা ৭.৬ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পত ৬০ জনৰো অধিক লোকৰ মৃত্যু হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত হাজাৰ হাজাৰ সেনা জোৱান, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী বিষয়াই জীৱিতসকলক বিচাৰি উদ্ধাৰ অভিযান চলাই আছে।
কি দাবী কৰা হৈছে?
সাগৰৰ ঢৌৱে উপকূলীয় অঞ্চলত ৰখাই থোৱা নাও আৰু য়াটত খুন্দা মৰা আৰু সাগৰৰ পানী ৰাস্তা তথা আৱাসিক এলেকালৈ বৈ অহা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ক্লিপটো শ্বেয়াৰ কৰি একাংশ লোকে এইটো জাপানত অহা শেহতীয়া ভূমিকম্পৰ ভিডিঅ’ বুলি দাবী কৰা দেখা গৈছে। "#জাপানৰ বাবে প্ৰাৰ্থনা কৰক" কেপচনৰ সৈতে শ্বেয়াৰ কৰা ভিডিঅ'টোৰ এটা এক্স পোষ্টে প্ৰকাশৰ সময়ত ৬ লাখতকৈও অধিক ভিউ লাভ কৰিছে। ইয়াত আৰ্কাইভ কৰা হৈছে।
ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
তদুপৰি ভাইৰেল ভিডিঅ'টোৰ এটা দীঘলীয়া সংস্কৰণ ফেচবুকত একাধিকবাৰ শ্বেয়াৰ কৰি ইয়াত জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য দেখা গৈছে বুলি দাবী কৰা হৈছে। শেহতীয়া ভূমিকম্পটোৰ অন্যান্য ফুটেজৰ সৈতে ভাইৰেল ক্লিপটো অন্তৰ্ভুক্ত কৰা ৩:২২ মিনিটৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "ভূমিকম্পৰ পিছত ছুনামিয়ে কি দৰে ভয়াভহ ৰূপ লৈছে জাপানত ?" ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে।
অৱশ্যে, আমি জানিব পাৰিলোঁ যে ভাইৰেল ক্লিপটো ২০১১ চনৰ হয় আৰু জাপানৰ শেহতীয়া ভূমিকম্পৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।
সত্যটো কি?
ভাইৰেল ক্লিপটোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাৰ পিছত আমি দেখিলো যে মূল ভিডিঅ'টোৰ স্থিৰ চিত্ৰ নেচনেল জিঅ’গ্ৰাফিক আৰু মিৰ'ৰ ইউ.কে. আদি একাংশ সংবাদ মাধ্যমৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল, য’ত এইয়া ২০১১ চনত জাপানত অহা ছুনামীৰ দৃশ্য বুলি কোৱা হৈছিল।
আমি ২০২০ চনৰ ৭ জানুৱাৰীত ইউটিউবত জাপানৰ সংবাদ নেটৱৰ্ক এএনএন নিউজৰ দ্বাৰা প্ৰকাশিত ভিডিঅ'টোৰ এটা সম্প্ৰসাৰিত সংস্কৰণো লাভ কৰোঁ। উক্ত ভিডিঅ'টোৰ শিৰোনামৰ পৰা এইটো ২০১১ চনৰ ১১ মাৰ্চত জাপানৰ মিয়াকো চহৰত ৰেকৰ্ড কৰা হৈছিল বুলি জানিব পৰা যায়।
জাপানৰ একাধিক অঞ্চললৈ পথ নিৰ্দেশনা থকা এখন ছাইনবোৰ্ড আৰু 'মিয়াকো চিটি' লিখা আন এখন ছাইনবোৰ্ডও ফুটেজত দেখা গৈছে। ইয়াৰ উপৰি লজিকেলী ফেক্টছে গুগল ষ্ট্ৰীট ভিউ ব্যৱহাৰ কৰি দলংখনলৈ যোৱা চিৰি আৰু পৃষ্ঠভূমিত থকা ৰাছা চিমনিৰ দৰে দৃশ্যৰ সহায়ত ভিডিঅ'টো জিঅ’লকেট কৰিবলৈ সক্ষম হয়।
গুগল ষ্ট্ৰীট ভিউৰ সহায়ত ভিডিঅ'টোত দেখা স্থান জিঅ'লকেট কৰা হয়। (উৎস: ইউটিউব/গুগল ষ্ট্ৰীট ভিউ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
উল্লেখযোগ্য যে ২০১১ চনৰ ১১ মাৰ্চত জাপানৰ টোহোকু (Tōhoku) অঞ্চলৰ ওশিকা উপদ্বীপৰ পৰা ৭২ কিলোমিটাৰ পূবত প্ৰশান্ত মহাসাগৰত ৯.১ প্ৰাবল্যৰ এক ভূমিকম্প হৈছিল। উক্ত ভূমিকম্প প্ৰায় ছয় মিনিট ধৰি চলিছিল, যাৰ ফলত ছুনামীৰ সৃষ্টি হৈ ১৮,০০০ লোকৰ মৃত্যু হৈছিল।
সিদ্ধান্ত
ভাইৰেল ভিডিঅ'টো ২০১১ চনত জাপানত অহা ছুনামীৰ সময়ৰ হয়, যোৱা ১ জানুৱাৰীত দেশখনত সংঘটিত ভূমিকম্পৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। সেয়েহে আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।