মূল চীনা সৈন্যই উইঘুৰ মুছলমানক প্ৰহাৰ কৰা বুলি ইণ্ডোনেছিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

চীনা সৈন্যই উইঘুৰ মুছলমানক প্ৰহাৰ কৰা বুলি ইণ্ডোনেছিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: তাহিল আলী

জুলাই 25 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চীনা সৈন্যই উইঘুৰ মুছলমানক প্ৰহাৰ কৰা বুলি ইণ্ডোনেছিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে চীনা সৈন্যই উইঘুৰ মুছলমানক প্ৰহাৰ কৰা বুলি দাবী কৰি ভাইৰেল ভিডিঅ'টো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এইটো ২০১৭ চনৰ ভিডিঅ’, আৰু ইয়াত ইণ্ডোনেছিয়াত এজন লোকক জেপলুৰুকাৰ অভিযোগত প্ৰহাৰ কৰা হৈছিল।

কি দাবী কৰা হৈছে?

একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সেনাৰ পোছাক পিন্ধা এজন লোকে এজন অৰ্ধ-উলংগ মানুহক প্ৰহাৰ কৰি থকাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰহৃত হোৱা লোকজনক এজন উইঘুৰ মুছলমান বুলি দাবী কৰা হৈছে আৰু লোকজনৰ ঘৰত এখন কোৰান পোৱাৰ বাবে তেওঁক এইদৰে প্ৰহাৰ কৰা হৈছে বুলি কয়।

এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো পোষ্ট কৰি কেপচনত লিখিছে, “যেতিয়া চীনৰ এই উইগুৰ মুছলমানৰ🐷 ঘৰত কোৰাণ পোৱা গৈছিল, চীনা সৈনিকে তাক গোটেই কোৰানখনকে পঢ়াই দিলে* 👌* চীনৰ বিৰোধিতা কৰচোন চীনৰ বিৰুদ্ধে ৰেলী উলিয়া আকৌ কি হ’ল??? * 🐷 ইহঁতৰ ভয় কেৱল ভাৰততহে, সংবিধানৰ কথা কেৱল ভাৰততহে কয়* (হিন্দীৰ পৰা অনূদিত)।’’ পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

ভিডিঅ'টো শ্বেয়াৰ কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমি জানিব পাৰিলোঁ যে ভাইৰেল ভিডিঅ’টো ইণ্ডোনেছিয়াৰ হয় আৰু ইয়াত ২০১৭ চনত হোৱা এটা ঘটনা দেখা গৈছে য’ত এজন অভিযুক্তক চুৰিকাৰ্যৰ অভিযোগত শাস্তি প্ৰদান কৰা হৈছিল।

প্ৰকৃত তথ্য কি?

ভাইৰেল ভিডিঅ’টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১৭ চনৰ কেইবাটাও বাতৰি পাইছিলোঁ  য’ত ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আছিল।

২০১৭ চনৰ ২৪ মে’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ইণ্ডোনেছিয়াৰ জাকাৰ্টাত সংঘটিত হোৱা এই কাণ্ডত এটা গেঙৰ এজন সদস্যক প্ৰহাৰ কৰা দেখা গৈছে।

২০১৭ চনৰ ২৪ মে'ত ইণ্ডোনেছিয়াৰ এটা সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এটা বাতৰিৰ স্ক্ৰীণশ্বট। (উৎস: ট্ৰিবুন মেডান/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি  ২০১৭ চনৰ ২৫ মে’ত ইণ্ডোনেছিয়াৰ আন এক সংবাদ মাধ্যমৰ দ্বাৰা ইনষ্টাগ্ৰামত পোষ্ট কৰা একেটা ঘটনাৰ এটা ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে) বিচাৰি উলিয়াবলৈ সক্ষম হৈছিলো। ভিডিঅ'টোৰ কেপচনত ঘটনাটোৰ অধিক বিৱৰণ প্ৰদান কৰি উল্লেখ কৰিছিল যে এই ঘটনাটো ডেপোক বাৰু ষ্টেচনত সংঘটিত হৈছিল আৰু মানুহজনক পকেটমাৰ হোৱাৰ সন্দেহত প্ৰহাৰ কৰা হৈছিল।

ভিডিঅ'টো শ্বেয়াৰ কৰা ইণ্ডোনেছিয়াৰ এটা সংবাদ মাধ্যমৰ ইনষ্টাগ্ৰাম পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: মেডানটক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইনষ্টাগ্ৰাম পোষ্টটোৰ কেপচনৰ ওপৰত ভিত্তি কৰি আমি ইণ্ডোনেছিয়াৰ এটা নিউজ আউটলেট ট্ৰিবুন নিউজে প্ৰকাশ কৰা এটা বাতৰি লাভ কৰোঁ, য’ত কোৱা হৈছে যে এই ঘটনা ২০১৭ চনৰ ১৩ মে’ত ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ ডেপোক চহৰত সংঘটিত হৈছিল।

প্ৰতিবেদনটোৰ মতে, এজন চৰকাৰী যাতায়ত লাইন অপাৰেটৰে জনোৱা মতে, জাকাৰ্টাৰ অভিমুখী এটা প্লেটফৰ্মত ডেপক বাৰু ষ্টেচনত পকেটমৰাৰ অৱস্থাত লোকজন ধৰা পৰে আৰু ইউনিফৰ্ম পিন্ধা এজন বিষয়াই তেওঁক প্ৰহাৰ কৰে। কিন্তু প্রতিবেদনটোত লগতে উল্লেখ কৰা হৈছে যে অভিযুক্ত লোকজনৰ ইয়াৰ পূৰ্বেও পকেটমৰাৰ ঘটনাত লিপ্ত হৈছিল যদিও পৰ্যাপ্ত প্রমাণৰ অভাৱৰ বাবে পূৰ্বতে কোনো অভিযোগ নোহোৱাকৈয়ে তেওঁক মুকলি কৰি দিয়া হৈছিল। তদুপৰি এই ঘটনাৰ লগত জড়িত বিষয়াজনক কৰ্তব্যৰ পৰা বৰ্খাস্ত কৰা হৈছে বুলিও বাতৰিটোত উল্লেখ কৰা হৈছে। 

লজিকেলী ফেক্টছে ইণ্ডোনেছিয়াৰ ফেক্ট-চেকিং সংস্থা মেফিণ্ডোৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে এইটো ইণ্ডোনেছিয়াত সংঘটিত ঘটনা বুলি সদৰি কৰে। তেওঁলোকে কয়, ‘এই লোকজন এজন পকেটমাৰ যাক ৰে’ল ষ্টেচনত আটক কৰি বিষয়াজনে প্ৰহাৰ কৰিছিল।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত কোনো চীনা সৈনিকে উইঘুৰ মুছলমানক আক্ৰমণ কৰা দেখুওৱা হোৱা নাই। ২০১৭ চনৰ এই ভিডিঅ’টোত ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত জেপলুৰুকাৰ অভিযোগত এজন লোকক প্ৰহাৰ কৰা দেখা গৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।