মূল Articles এনচিপিৰ সুপ্ৰিয়া চুলে, কংগ্ৰেছৰ নানা পাটোলেৰ বিতকইন অডিঅ’; সঁচা নে AI উৎপন্ন?

এনচিপিৰ সুপ্ৰিয়া চুলে, কংগ্ৰেছৰ নানা পাটোলেৰ বিতকইন অডিঅ’; সঁচা নে AI উৎপন্ন?

By: Anurag Baruah

নৱেম্বৰ 21 2024

বিজেপিয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ এদিন পূৰ্বে ১৯ নৱেম্বৰত এই অডিঅ’ ক্লিপসমূহ শ্বেয়াৰ কৰি এয়া ‘নিৰ্বাচনী জালিয়াতিৰ প্ৰমাণ’ বুলি দাবী কৰিছিল। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) বিজেপিয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ এদিন পূৰ্বে ১৯ নৱেম্বৰত এই অডিঅ’ ক্লিপসমূহ শ্বেয়াৰ কৰি এয়া ‘নিৰ্বাচনী জালিয়াতিৰ প্ৰমাণ’ বুলি দাবী কৰিছিল। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ এদিন পূৰ্বে, ১৯ নৱেম্বৰত ভাৰতীয় জনতা পাৰ্টিয়ে এনচিপিৰ নেত্ৰী সুপ্ৰিয়া চুলে আৰু মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলেৰ বিৰুদ্ধে ২০১৮ চনত সংঘটিত এক ক্ৰিপ্টোকাৰেন্সী জালিয়াতিৰ বিটকইন শেহতীয়া নিৰ্বাচনত ব্যৱহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ আনি বিজেপিৰ অফিচিয়েল এক্স একাউণ্টত একাধিক অডিঅ’ ক্লিপ প্ৰকাশ কৰে। 

ক্লিপটোত চুলেয়ে মেহতাক এইদৰে কোৱা শুনা যায়, “বছ, আপুনি কিয় আগবাঢ়ি নাযায় আৰু গোটেই বিটকইনখিনি দি পইচা উলিয়াই নলয়? এতিয়া ভাল দাম চলি আছে, আৰু নিৰ্বাচন চমু চাপি অহাৰ লগে লগে আমাক যথেষ্ট ধনৰ প্ৰয়োজন হ’ব। তদন্তৰ কথা চিন্তা নকৰিব; এবাৰ আমি ক্ষমতাত আহি গ’লে সেইবোৰ চম্ভালি ল’ম।”

কিন্তু লজিকেলী ফেক্টছৰ অনুসন্ধনত উক্ত অডিঅ' ক্লিপটোৰ লগতে এনে আন একাধিক ক্লিপ ভুৱা আৰু সম্ভৱতঃ এআই (AI) ব্যৱহাৰ কৰি সৃষ্টি কৰাৰ লক্ষণ ধৰা পৰিছে।

উক্ত ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পিছতে প্ৰাক্তন ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ) বিষয়া ৰবীন্দ্ৰনাথ পাটিলে অভিযোগ আনে যে চুলে আৰু পাটোলেই ২০১৮ চনত সংঘটিত কাণ্ডৰ বিটকইন আত্মসাৎ কৰি সেই ধন চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত সাধাৰণ নিৰ্বাচন আৰু শেহতীয়া মহাৰাষ্ট্ৰ নিৰ্বাচনৰ প্ৰচাৰত ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপন কৰে।

তদুপৰি পুনেৰ তদানীন্তন আৰক্ষী আয়ুক্ত অমিতাভ গুপ্তা আৰু তদানীন্তন উপ আৰক্ষী আয়ুক্ত আই পি এছ ভাগ্যশ্ৰী নৱতাকে উক্ত অভিযোগত জড়িত বুলিও পাটিলে উল্লেখ কৰে। তেওঁ লগতে দাবী কৰে যে চুলেয়ে এই সংক্ৰান্তত সাৰথি এছ’চিয়েটছ নামৰ এখন অডিট ফাৰ্মৰ গৌৰৱ মেহটা নামৰ এজন কৰ্মচাৰীক লগ ধৰিছিল, পাটিলৰ মতে মেহটা হৈছে ২০১৮ চনৰ উক্ত গোচৰটোৰ এজন মূল সাক্ষী।

ক্লিপ চাৰিটাত মেহতা আৰু গুপ্তা, চুলে আৰু মেহতা, পাটোলে আৰু গুপ্তাৰ মাজত হোৱা তথাকথিত কথোপকথন শুনা যায় (ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত আৰ্কাইভ কৰা হৈছে)। এই ক্লিপসমূহ একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়েও শ্বেয়াৰ কৰে, ইয়াৰে বহুতেই হৈছে বিজেপি সমৰ্থক আৰু তেওঁলোকে চুলে আৰু পাটোলেৰ বিৰুদ্ধে নিৰ্বাচনী অপকৰ্মৰ অভিযোগ আনে।

ভাইৰেল অডিঅ’ ক্লিপসমূহ শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)


মেহতা আৰু চুলেৰ তথাকথিত অডিঅ’ ক্লিপ

চুলেয়ে মেহতাৰ সৈতে কথা পাতি থকা বুলি কোৱা অডিঅ’ ক্লিপটোত এগৰাকী মহিলাই কাৰোবাক ‘গৌৰৱ’ বুলি সম্বোধন কৰা চাৰিটা ৰেকৰ্ডিং আছে। মহিলাগৰাকীয়ে নিৰ্বাচনৰ বাবে বিটকইনৰ বিনিময়ত নগদ ধন দাবী কৰা শুনা যায়। একেটা কণ্ঠই ‘গৌৰৱ’ক এইবুলিও আশ্বাস দিয়ে যে তেওঁলোকে কোনোধৰনৰ তদন্তক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই আৰু তেওঁলোকে ‘‘এবাৰ ক্ষমতাত আহিলে” এইবিলাক চাই লোৱা হ’ব বুলি কয়।


বিজেপিৰ অফিচিয়েল এক্স একাউণ্টৰ পৰা পোষ্ট কৰা অডিঅ’ ক্লিপটোৰ স্ক্ৰীণশ্বট। (স্ক্ৰীণশ্বট/এক্স/বিজেপি)


কিন্তু লজিকেলী ফেক্টছৰ অনুসন্ধানত অডিঅ’ ক্লিপকেইটাত একাধিক বিসংগতি ধৰা পৰে। যেনে, শব্দবোৰৰ মাজত থকা অস্বাভাৱিক বিৰতি — এয়া সাধাৰণতে এআই (AI) ব্যৱহাৰৰ লক্ষণ; দ্বিতীয়তে, মানুহে কথা ক’লে সাধাৰণতে কণ্ঠস্বৰৰ  তাৰতম্য ঘটে, কিন্তু ভাইৰেল ক্লিপটোৰ কণ্ঠত তেনে পৰিৱৰ্তন নথকা সেতু মাতটো ৰবটিক যেন লাগে। ইয়াৰ উপৰিও, চুলেৰ কেতবোৰ সাক্ষাৎকাৰৰ (ইয়াত আৰু  ইয়াত আৰ্কাইভ কৰা হৈছে) সৈতে ভাইৰেল অডিঅ’ ক্লিপটো তুলনা কৰিলে স্পষ্ট পাৰ্থক্য ধৰা পৰে, যাৰ দ্বাৰা অনুমান কৰিব পাৰি যে অডিঅ' ক্লিপটো সম্ভৱত ভুৱাকৈ প্ৰস্তুত কৰা হৈছে।

মিছনফৰ্মেশ্যন কম্বেট এলায়েন্সৰ ডিপফে’কছ এনালাইছিছ ইউনিট (ডিএইউ)-এ, লজিকেলী ফেক্টছো ইয়াৰ সৈতে জড়িত, ডিপফে’ক ধৰা পেলোৱা টুল হাইভ অডিঅ' ডিটেক্টৰ, হিয়া এআই ভইচ ডিটেকচন, ট্ৰু মিডিয়া আৰু ডিপফে’ক-অ'-মিটাৰ ব্যৱহাৰ কৰি অডিঅ' ক্লিপটো পৰীক্ষা কৰে।

ডিপফে’ক-অ’-মিটাৰে অডিঅ’ ক্লিপটো এআই-উৎপন্ন বুলি যথেষ্ট সম্ভাৱনা থকাৰ বুলি ইংগিত দিছিল, ইয়াৰ পাঁচটা ক্লাছিফায়াৰে ক্লিপটো এআই-উৎপন্ন হোৱাৰ সম্ভাৱনা ৯৯.৮ শতাংশ, ১০০ শতাংশ, ৮৮.৯ শতাংশ, ৭৭.৭ শতাংশ আৰু ৯৬.০ শতাংশ বুলি ৰেটিং দিছিল।

হাইভ অডিঅ’ ডিটেক্টৰেও ক্লিপটো এআই-উৎপন্ন হোৱাৰ যথেষ্ট সম্ভাৱনা থকাৰ ইংগিত দিয়ে। একেদৰে ট্ৰুমিডিয়াতো ক্লিপটো মেনিপুলেট কৰাৰ যথেষ্ট প্ৰমাণ পোৱা গৈছে। সামগ্ৰিক বিশ্লেষণৰ পৰা টুলটোৱে এআই-উৎপন্ন অডিঅ’ ডিটেক্টৰক ১০০ শতাংশ, অডিঅ’ অঠেন্টিচিটি ডিটেক্টৰক ৯৭ শতাংশ আৰু ভইচ এণ্টি-স্পুফিং বিশ্লেষণক ৯৫ শতাংশ কনফিডেঞ্চ স্ক’ৰ দিছিল। 

অডিঅ' ক্লিপটোৰ ট্ৰুমিডিয়াৰ বিশ্লেষণৰ এটা স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ট্ৰুমিডিয়া via ডিএইউ)


হিয়া এআই ভইচ ডিটেকচনেও অডিঅ’টো এআই-উৎপন্ন হোৱাৰ সম্ভাৱনা বহন কৰাৰ ইংগিত দিয়ে আৰু বাস্তৱত মাত্ৰ ৩ শতাংশহে এইটো মানুহৰ মাত হোৱাৰ লক্ষণ থকা বুলি কয়।

পাটোলে আৰু গুপ্তাৰ তথাকথিত অডিঅ'  

কংগ্ৰেছ মহাৰাষ্ট্ৰৰ সভাপতি নানা পাটোলেয়ে “আৰক্ষী আয়ুক্ত অমিতাভ গুপ্তাক টকাৰ বাবে হেঁচা প্ৰয়োগ কৰা” বুলি বিজেপিয়ে দাবী কৰা এই ক্লিপটোত এটা পুৰুষৰ কণ্ঠত এইদৰে শুনা যায়, “অমিতাভ, কালি মই বিচৰা টকাখিনিৰ কি হ’ল?”

বিজেপিৰ অফিচিয়েল এক্স একাউণ্টৰ পৰা পোষ্ট কৰা অডিঅ’ ক্লিপটোৰ স্ক্ৰীণশ্বট। (স্ক্ৰীণশ্বট/এক্স/বিজেপি)


মিছনফৰ্মেচন কম্বেট এলায়েন্সৰ ডিএইউয়ে ব্যৱহাৰ কৰা ডিপফে’ক ধৰা পেলোৱা টুলসমূহে এই ক্লিপটো মেনিপুলেট কৰাৰ বৰ বিশেষ লক্ষণ পোৱা নাই। ডিএইউৰ মতে ইয়াৰ কাৰণ দুটা হ’ব পাৰে: অডিঅ’ ক্লিপৰ সংক্ষিপ্ততা, যি টুলসমূহৰ মেনিপুলেচন ধৰা পেলোৱাৰ ক্ষমতা সীমিত কৰি দিয়ে, আৰু মাৰাঠী ভাষাত বিষয়বস্তু বিশ্লেষণ কৰাৰ ক্ষেত্ৰত টুলসমূহৰ অপৰ্যাপ্ত প্ৰশিক্ষণ।

কিন্তু অডিঅ' ক্লিপটোক পাটোলেৰ পুৰণি সাক্ষাৎকাৰত থকা কণ্ঠৰ সৈতে তুলনা কৰিলে (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) লক্ষণীয় পাৰ্থক্য দেখা যায়, যাৰ দ্বাৰা অনুমান কৰিব পাৰি যে ক্লিপটো হয়তো ভুৱাকৈ প্ৰস্তুত কৰা হৈছে; তদুপৰি ইয়াত তেওঁৰ কণ্ঠৰ উচ্চাৰণভংগী বেলেগ শুনা যায়।

মেহতা আৰু গুপ্তাৰ তথাকথিত অডিঅ' ক্লিপ

বিজেপিয়ে মেহতা আৰু গুপ্তাৰ মাজত হোৱা কথা-বতৰাৰ বুলি দাবী কৰা কণ্ঠৰ  দুটা ৰেকৰ্ডিং মুকলি কৰে। এটাত মেহতাৰ মাত যেন লগা এজন পুৰুষৰ কণ্ঠই কাৰোবাক “ছাৰ” বুলি সম্বোধন কৰি কোৱা শুনা যায়, “বিটকইনৰ লেনদেনৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই... যদি কিবা তদন্তও হয়... বিশ্বাস কৰক, কোনেও এইটোত আমি জড়িত থকা বুলি প্ৰমাণ কৰিব নোৱাৰে।"

বিজেপিৰ অফিচিয়েল এক্স একাউণ্টৰ পৰা পোষ্ট কৰা অডিঅ’ ক্লিপটোৰ স্ক্ৰীণশ্বট। (স্ক্ৰীণশ্বট/এক্স/বিজেপি)


ইয়াত, কোনো ভয়েচ মডুলেচন নাই; ইয়াৰ উপৰিও মানুহে কথা ক’লে বাক্যৰ মাজত থকা স্বাভাৱিক বিৰতি নাই, যাৰ ফলত কণ্ঠটো সম্পূৰ্ণ ৰবটিক যেন অনুমান হয়।

ডিএইউয়ে অডিঅ’ ক্লিপ দুটা পৰীক্ষা কৰে; হিয়া এআই ভইচ ডিটেকচনে অডিঅ’টো এআই-জেনেৰেটেড বুলি ইংগিত দিয়ে, লগতে কয় যে সঁচা মানুহৰ মাত হোৱাৰ ১৪ শতাংশ সম্ভাৱনা আছে। ট্ৰুমিডিয়াৰ বিশ্লেষণৰ মতে ক্লিপটোত মেনিপুলেচন কৰাৰ যথেষ্ট প্ৰমাণ পোৱা গৈছে। একেদৰে হাইভ অডিঅ’ ডিটেক্টৰেও ক্লিপটো এআই-উৎপন্ন হোৱাৰ যথেষ্ট সম্ভাৱনা থকা বুলি কয়।

অডিঅ' ক্লিপটোৰ ট্ৰুমিডিয়াৰ বিশ্লেষণৰ এটা স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ট্ৰুমিডিয়া via ডিএইউ)


চাৰিটা ভিন্ন ভইচ নোট থকা বিজেপিয়ে পোষ্ট কৰা দ্বিতীয়টো ক্লিপত গুপ্তাৰ মাত বুলি দাবী কৰা এটা পুৰুষৰ কণ্ঠই গৌৰৱ নামৰ এজন লোকক সম্বোধন কৰি বিটকইনৰ বিনিময়ত বৃহৎ পৰিমাণৰ নগদ ধনৰ ব্যৱস্থা কৰিবলৈ কোৱা শুনা যায়। 

বিজেপিৰ অফিচিয়েল এক্স একাউণ্টৰ পৰা পোষ্ট কৰা অডিঅ’ ক্লিপটোৰ স্ক্ৰীণশ্বট। (স্ক্ৰীণশ্বট/এক্স/বিজেপি)


ইয়াত আমি মন কৰা এটা বিসংগতি সৈছে হিন্দী শব্দ “লক্ষ্মী”, “ভাগ্যশ্ৰী”, আৰু “বিনোদ”ৰ অদ্ভুত উচ্চাৰণ, যাৰ দ্বাৰা এইটো এআই উৎপন্ন বুলি অনুমান কৰিব পাৰি; ইয়াৰ উপৰিও আন কেতবোৰ বিসংগতি যেনে কথাৰ মাজত থকা অস্বাভাৱিক বিৰতি আৰু ঠায়ে ঠায়ে বিৰতিৰ অভাৱ।

গুপ্তাৰ সাক্ষাৎকাৰ আৰু বক্তৃতাৰ (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে )ৰ সৈতে তুলনা কৰিলে দেখা যায় যে ভাইৰেল অডিঅ’ ক্লিপসমূহত শুনা মাতটো তেওঁৰ মূল কণ্ঠৰ সৈতে নিমিলে, আৰু কথা কোৱাৰ ধৰণটোও তেওঁৰ আচল মাতৰ সৈতে নিমিলে।

ডিএইউয়ে অডিঅ’ ক্লিপকেইটা বিশ্লেষণ কৰে; ট্ৰুমিডিয়াৰ মতে ক্লিপটোত মেনিপুলেচনৰ যথেষ্ট প্ৰমাণ আছে, হিয়া এআই ভইচ ডিটেকচনেও অডিঅ’টো এআই-উৎপন্ন হ’ব পাৰে লক্ষ্য কৰিছিল আৰু আৰু আচল মানুহৰ মাত হোৱাৰ মাত্ৰ চাৰি শতাংশ সম্ভাৱনা থকা বুলি ইংগিত দিছিল। একেদৰে হাইভ অডিঅ’ ডিটেক্টৰেও ক্লিপটো এআই-উৎপন্ন হোৱাৰ যথেষ্ট সম্ভাৱনা থকাৰ ইংগিত দিয়ে।

অডিঅ' ক্লিপটোৰ ট্ৰুমিডিয়াৰ বিশ্লেষণৰ এটা স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ট্ৰুমিডিয়া via ডিএইউ)

ক্লিপসমূহক লৈ চুলে আৰু পাটোলেৰ প্ৰতিক্ৰিয়া

যোৱা মঙলবাৰে চুলে কয় যে “বিটকইনৰ অপব্যৱহাৰৰ ভুৱা অভিযোগ” সন্দৰ্ভত তেওঁ মেহতা আৰু পাটিলৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগ আৰু মহাৰাষ্ট্ৰৰ চাইবাৰ ক্ৰাইমৰ এছপিৰ ওচৰত অপৰাধমূলক অভিযোগ দাখিল কৰিছে। এটা এক্স পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) তেওঁ অভিযোগৰ এটা কপি সংলগ্ন কৰিছিল, য’ত লিখা আছিল যে “তেওঁলোকে অনা অভিযোগত ভুৱা বিশ্বাসযোগ্যতা দেখুওৱাবলৈ” তেওঁৰ কণ্ঠ নকল কৰা হৈছে। তেওঁ এখন এজাহাৰৰ ৰুজু কৰাৰ লগতে ইয়াৰ এক তদন্ত কৰিবলৈও দাবী জনাইছে।


তদুপৰি চুলেই সাংবাদিকৰ আগত কয়, "এইটো মোৰ কণ্ঠ নহয়। এই সকলোবোৰ ভইচ নোট আৰু মেছেজ ভুৱা।"

কংগ্ৰেছ নেতা পাটোলেও তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি কয় যে বিজেপি নেতা সুধাংশু ত্ৰিবেদী তথা আন একাংশৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে, ইয়াৰ উপৰি মানহানিৰ গোচৰো ৰুজু কৰা হ’ব বুলিও তেওঁ জনায়

“প্ৰচাৰিত ক্লিপটোৰ কণ্ঠ মোৰ নহয়। আনকি (প্ৰধানমন্ত্ৰী) নৰেন্দ্ৰ মোডীয়েও মোৰ কণ্ঠ চিনি পায়।’- সংবাদ মাধ্যমৰ আগত তেওঁ এইদৰে কয়।

অৱশ্যে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে অডিঅ’ ক্লিপত থকা কণ্ঠ কেইটা চিনি পোৱা বুলি দাবী কৰি ইয়াৰে এটা তেওঁৰ সম্পৰ্কীয় ভগ্নী (চুলে) আৰু এজন প্ৰাক্তন সহকৰ্মীৰ কণ্ঠৰ লগত মিল আছে বুলি কয়। সংবাদ মাধ্যমৰ আগত পাৱাৰে কয়, ‘‘তদন্ত কৰা হ’ব, আৰু সত্যটো ওলাই পৰিব।’’

অডিঅ’ ক্লিপকেইটা সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰা বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কংগ্ৰেছৰ আন নেতাসকলো বিটকইনৰ লেনদেনত জড়িত নেকি বুলি প্ৰশ্ন কৰে (ইয়াত আৰ্কাইভ কৰা হৈছে)। “কংগ্ৰেছ দল বা ইয়াৰ যিকোনো নেতা বিটকইনৰ কোনোধৰণৰ লেনদেনৰ সৈতে জড়িত নেকি?” তেওঁ কয়।

আনহাতে, বুধবাৰে উক্ত অভিযোগ সন্দৰ্ভত বলবৎকাৰী সঞ্চালকালয়ে (ইডি) মেহতাৰ ৰায়পুৰস্থিত বাসভৱনত তালাচী চলায় বুলি জানিব পৰা গৈছে।

লজিকেলী ফেক্টছে মন্তব্যৰ বাবে বিজেপি নেতা সুধাংশু ত্ৰিবেদীৰ সৈতে যোগাযোগ কৰিছে। তেওঁৰ পৰা সঁহাৰি পালে আমাৰ লেখাটো আপডেট কৰা হ'ব।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।